নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাফেল যুদ্ধ বিমানৰ বিশেষত্ব

  • সামৰিক পৰিভাষাত ৰাফেল যুদ্ধ বিমানক কোৱা হয় মাল্টিৰোল কমবেট এয়াৰক্রাফ্ট৷ ফৰাচী এই যুদ্ধ বিমানখনৰ গতিবেগ ঘণ্টাত ২২২২ কিলোমিটাৰ৷ ৫০ হাজাৰ ফুটপর্যন্ত উচ্চতাত ই উৰিব পাৰে৷ বহু উচ্চতাৰ পৰাই আক্রমণ চলোৱা, যুদ্ধ জাহাজ ধ্বংস কৰা, মিছাইল নিক্ষেপৰ ক্ষমতা আছে ইয়াৰ৷
  • ৰাফেলৰ দৈর্ঘ্য ১৫.২৭ মিটাৰ৷ ছুখইতকৈও ইয়াৰ বহন ক্ষমতা বেছি৷ ছুখইৰ বহন ক্ষমতা ৮ হাজাৰ কিলোগ্রাম হোৱাৰ বিপৰীতে ৰাফেলে ৯,৫০০ কিলোগ্রামৰ ওজন কঢ়িয়াই উৰিব পাৰে৷
  • ৰাফেল যুদ্ধ বিমান পাৰমাণৱিক অস্ত্র বহন কৰিবলৈ সক্ষম৷ অকল সেয়াই নহয়, প্রায় সকলো ধৰণৰ অত্যাধুনিক ক্ষেপণাস্ত্র কঢ়িয়াই উৰিব পৰা ৰাফেলে নিখুঁতভাৱে আক্রমণ চলাব পাৰে৷ মাইকা ক্ষেপণাস্ত্রৰ জৰিয়তে ই প্রায় ১০০ কিলোমিটাৰ দূৰৈৰ অদৃশ্য লক্ষ্য স্থানতো আঘাত হানিব পাৰে৷
  •  ক্ষেপণাস্ত্রৰ উপৰি বিভিন্ন ধৰণৰ লেজাৰ নির্দেশিত বোমা, অনির্দেশিত ক্লাছিক বোমাও এই যুদ্ধ বিমানখনৰ পৰা পেলাব পাৰি৷ ৰাফেলত সংলগ্ণ হৈ আছে নেক্সটৰ–৩০ এম ৯১৩০ ইণ্টাৰনেল কামান৷ এই কামানৰ পৰা প্রতি মিনিটত ২৫০০ ৰাউণ্ড গোলাবর্ষণ কৰিব পৰা যায়৷
  • ই শত্রু পক্ষৰ ৰাডাৰ নিষ্ক্রিয় কৰিব পাৰে৷ আকাশৰ পৰা বহু দূৰৈত থকা শত্রু পক্ষৰ সেনা ঘাটি আৰু সমৰ–সৰঞ্জামৰ নিখুঁত ছবি তুলিব পাৰে৷
  • এনে ধৰণৰ প্রযুক্তিসমূহৰ উপৰি ভাৰতে ক্রয় কৰা ৰাফেল যুদ্ধ বিমানসমূহত আৰু কেতবোৰ নির্দিষ্ট বৈশিষ্ট্য সংযুক্ত কৰা হৈছে৷ ইয়াৰ ভিতৰত অন্যতম হ’ল উচ্চ অক্ষাংশৰ পৰা আকাশত উৰাৰ ক্ষমতা৷ প্রধানতঃ লেহৰ ভাৰতীয় বায়ুসেনাৰ ঘাটিৰ কথা মনত ৰাখি এই অতিৰিক্ত বৈশিষ্ট্যসমূহ সংযুক্ত কৰা হৈছে৷
  • ৰাফেলক অধিক শক্তিশালী কৰিছে ইয়াত সংযুক্ত হৈ থকা হামাৰ ক্ষেপণাস্ত্রই৷
You might also like