নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৰূপেৰে আহি আছে হোৱাটচএপ, পাব কেইবাটাও অত্যাধুনিক আপডেট

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ   বৰ্তমান সকলোৰে জীৱনত হোৱাটচএপে বিশেষ ভূমিকা বহন কৰিছে।জনপ্ৰিয়তাৰ শীৰ্ষত আছে হোৱাটচএপ। হোৱাটচএপে ব্যৱহাৰকাৰীসকলক বিভিন্ন সুবিধা আপডেটৰ যোগেদি দি আহিছে। এইবাৰ হোৱাটচএপে গ্ৰাহকক নতুন WABetaInfoৰ মাধ্যমেদি আপডেট দিবলৈ আগবাঢ়িছে। অতি সোনকালে গ্ৰাহকসকলে নতুন আপডেট লাভ কৰিব।

আপডেটসমূহ এনেধৰণৰ

নতুন ষ্টিকাৰসহ একপ্ৰকাৰৰ এনিমেচনৰ সৈতে হোৱাটচএপৰ এনিমেচন বৰ্তমান উপলব্ধ। নতুন আপেডটৰ পিছত ইয়াক নতুন ৰূপত দেখা পোৱা যাব।

আনহাতে হোৱাটচএপে নিজৰ কলিং সুবিধা উন্নত কৰিবলৈ বিশেষ প্ৰচেষ্টাৰে আপডেট কৰিব, য’ত কলিং সুবিধা অধিক উন্নত হ’ব। বৰ্তমান সময়ত হোৱাটচএপ কলিঙত বহু অসুবিধা হয়।

WABetaInfoৰ মতে হোৱাটচ এপে ব্যৱহাৰকাৰীসকলৰ বাবে এনেকুৱা এক সুবিধাৰ ব্যৱস্থা কৰি আছে যিয়ে ফোনৰ স্টৰেজ কম কৰাত সহায় কৰিব। ইয়াত ব্যৱহাৰকাৰীয়ে নিজে চাব পাৰিব কিমান মে’মৰি ব্যৱহাৰ হৈ আছে। আনহাতে পছন্দ নোহোৱা মিডিয়া ফাইল নিজে ডিলিট কৰিব পাৰিব, যাৰ বাবে স্মাৰ্ট ফোনত মেমৰিৰ কোনো ধৰণৰ সমস্যা নহয়।

হোৱাটচ এপ নতুন সংস্কৰণ হব গ্ৰুপ ৰিংটন। এতিয়া পৰা বিভিন্ন গ্ৰুপত কল কৰা সকলে নিজ পছন্দ অনুসৰি ৰিংটন ছেট কৰিব পাৰিব।

You might also like