নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিনামূল্যত লাইভ IPL 2020 চোৱাৰ সুযোগ! দুটা দুর্দান্ত ৰিচার্জ প্লেন আনিছে Jio

নিয়মীয়া বাৰ্তা, ২৫ আগষ্টঃ অহা ১৯ ছেপ্টেম্বৰৰ পৰা ডুবাইকে ধৰি ইউ এ ইৰ তিনিটা স্থানত আৰম্ভ হ’ব বি চি চি আইৰ ঐশ্বর্যশালী টি–২০ লীগ আই পি এল । ক’ভিড–১৯ ৰ আশংকাৰ মাজেৰে ডুবাইত উপস্থিত হৈছে আই পি এলৰ আটাইকেইটা ফ্রেনচাইজী৷ এই পৰিস্থিতিত ক্ৰিকেট অনুৰাগীৰ মাজত আসন্ন IPL 2020 কলৈ উত্তেজনা বৃদ্ধি পাইছে। এই বিষয়টো আগত ৰাখিয়ে স্মার্টফোনত IPL লাইভ চোৱাৰ এক সুবিধা দিব বিচাৰিছে ৰিলায়েন্স Jio।

জনা গৈছে, Jio-ৰ নতুন দুটা ৰিচার্জ প্লেনে গ্রাহকক একেবাৰে বিনামূল্যত ১৩ তম IPL-ৰ খেলাসমূহ লাইভ চোৱাৰ সুযোগ প্ৰদান কৰিব। জানিব পৰা মতে, ক্রিকেট প্রেমীসকলক অনলাইনত IPL মেচ দেখুৱাবলৈ চুক্তিবদ্ধ হৈছে Star আৰু Jio। প্রিপেড গ্রাহকৰ লগতে, JioFi ব্যৱহাৰকাৰীসকলেও এক বিশেষ প্লেনৰ জৰিয়তে IPL-ৰ খেলাসমূহ লাইভ চোৱাৰ সুযোগ পাব।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ৪০১ টকা আৰু ২৫৯৯ টকাৰ ৰিচার্জ কৰিলেই লাভ কৰিব এই বিশেষ সুযোগ। এই ৰিচার্জৰ সৈতে OTT প্লেটফর্মত IPL-ৰ খেলাসমূহ লাইভ চোৱাৰ সুযোগ পাব Jio-ৰ প্রিপেড গ্রাহকে। ৪০১ টকাৰ এই প্রিপেড প্লেনৰ দ্বাৰা গ্রাহকক প্রতিদিন ৩ জিবিকৈ মুঠ ৯০ জিবি ডাটা ব্যৱহাৰৰ সুযোগ পাব। এই প্রিপেড প্লেনৰ ম্যাদ ২৮ দিন। ইয়াত ফ্রি কলিং, আন নেটৱর্কলৈ ১০০০ মিনিট ফ্রি কলিং আৰু প্রতিদিনে ১০০ টা ফ্রি এছএমএছ-ৰ সুবিধা পাব গ্রাহকে।

আনহাতে, ২৫৯৯ টকাৰ প্রিপেড ৰিচার্জৰ যোগেদি প্রতিদিন ২ জিবিকৈ ডাটা পাব গ্রাহকে। এই প্রিপেড প্লেনৰ ম্যাদ ৩৬৫ দিন। য’ত অতিৰিক্ত ১০জিবি ডাটা আৰু এক বছৰৰ বাবে Disney+ Hotstar-ৰ চাবস্ক্রিপছন বিনামূল্যে পাব গ্রাহকে। অৱশ্যে এই দুটা প্রিপেড প্লেনৰ বিশেষ এই IPL 2020 অফাৰ সম্পর্কে আনুষ্ঠানিক ভাবে একো জনোৱা নাই সংস্থাটোৱে।

You might also like