নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলীউডত ড্ৰাগছঃ এন চি বিৰ তীব্ৰ নজৰত ২৫গৰাকী চেলিব্ৰিটী

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তৰ লগে লগে বলীউড জগতত ড্ৰাগছৰ অবাধ ব্যৱহাৰৰ বিষয়টো পোহৰলৈ আহে। চিবিআইৰ লগতে নাৰ্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰ’ৱেও নিজাববীয়াকৈ আৰম্ভ কৰে তদন্ত। এনে তদন্ত অনুযায়ীয়ে ৰিয়া চক্ৰৱৰ্তী, তেওঁৰ ভাতৃ তথা ড্ৰাগছ সৰবৰাহত জড়িত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰে এন চি বিয়ে।

ইমানলৈ সকলো স্বাভাৱিক আছিল। কিন্তু এতিয়া এন চি বিৰ নজৰত আছে আন প্ৰায় ২৫গৰাকী চেলিব্ৰিটী। এন চি বিয়ে এইকেইদিনত পোৱা তথ্য আৰু ৰিয়াৰ ঘৰৰ পৰা উদ্ধাৰ কৰা ইলেকট্ৰনিক ডিভাইচৰ জৰিয়তে পোহৰলৈ আহে বলীউডৰ উক্ত চেলিব্ৰিটীসকলে ড্ৰাগছ লোৱাৰ বিষয়টো।

এই তথ্যৰ ভিত্তিতে সংস্থাটোৱে প্ৰস্তুত কৰিছে এক নথিপত্ৰ। পৰৱৰ্তী সময়ত এন চি বিৰ বিষয়া পৰ্যায়ৰ আলোচনাৰ পিছতে অভিযান আৰম্ভ কৰিব পাৰে বুলি জানিব পৰা গৈছে। উল্লেখ্য এনে ২৫জনীয়া তালিকাত বলীউডৰ বহুকেইগৰাকী নামি-দামী অভিনেতাৰো নাম আছে।

You might also like