নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হৃদযন্ত্ৰৰ কৰ্কট… তথাপি দুদিন ধৰি শ্বুটিঙত ব্যস্ত সঞ্জয় দত্ত

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ হৃদযন্ত্ৰৰ কৰ্কটত আক্ৰান্ত হোৱাৰ পিছতো কৰ্মৰ পৰা বিচলিত হোৱা নাই বলীউডৰ জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত। কালি অভিনেতাগৰাকীক দেখিবলৈ পোৱা যায় য়ছৰাজ ফিল্ম ষ্টুডিঅ’ত।

ছবি নিৰ্মাতা কোম্পানীটোৰ বেনাৰত শ্বুটিং চলি ছকা ছামচেৰা ছবিত দুদিন ধৰি ব্যস্ত থকা দেখা গ’ল অভিনেতাগৰাকীক। ৰণবীৰ কাপুৰে মুখ্য চৰিত্ৰত অভিনয় কৰা ছামচেৰাৰ কাম যেনে-তেনে শেষ কৰাৰ ইচ্ছা সঞ্জয় দত্তৰ।

চিকিৎসাৰ সমান্তৰালকৈ তেওঁ শ্বুটিঙৰ কাম চলাই থকাৰ বাবে আগ্ৰহী। উল্লেখ্য, অভিনেতাগৰাকীৰ হৃদযন্ত্ৰত কৰ্কট ৰোগৰ অৱস্থিতি ধৰা পৰিছিল যোৱা আগষ্টত। চিকিৎসা মুম্বাইতে চলাই থকা অভিনেতাগৰাকী সম্প্ৰতি কিছু সুস্থ যদিও সংকটৰ পৰা মুক্ত নহয়।

You might also like