ড° অণিমা গগৈলৈ বীৰাংগনা মূলাগাভৰু বঁটাঃ টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিৰ ঘোষণা

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ টাই আহোম যুৱ পৰিষদ অসম(টাইপা)ৰ চৰাইদেউ জিলা সমিতিয়ে বিগত ২০১৩ বৰ্ষৰ পৰা প্ৰদান কৰি অহা বীৰাংগনা মূলা গাভৰু বঁটা চলিত ২০২২ বৰ্ষৰ বাবে বিশিষ্ট সাহিত্যিক ড° অণিমা গগৈলৈ আগবঢ়াইছে । বীৰাংগনা মূলা গাভৰুৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে সংগঠনটোৱে অসমৰ সমাজ জীৱনলৈ বিশিষ্ট অৱদান আগবঢ়োৱা একোগৰাকী মহিলাক প্ৰতি বছৰে এই বঁটা প্ৰদান কৰি আহিছে । আজি সংগঠনটোৰ চৰাইদেউ জিলা সমিতিৰ সাধাৰণ সম্পাদক চাও নীলোৎপল গগৈয়ে সাংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত চলিত বৰ্ষৰ বাবে বীৰাংগনা মূলা গাভৰু বঁটাৰ বাবে বিশিষ্ট সাহিত্যিক ড° অনিমা গগৈৰ নাম ঘোষণা কৰিছে । উল্লেখ্য যে অহা ২৩ আৰু ২৪ এপ্ৰিলত চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰস্থিত ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হব লগা এক বৰ্ণাঢ্য অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হব । দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব লগা বীৰাংগনা মূলা গাভৰু স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰথম দিনা পুৱা পতাকা উত্তোলন, মৈদাম তৰ্পণ, প্ৰতিচ্ছবিত মাল্যাৰ্পণ, ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে সন্ধিয়ালৈ মূলা গাভৰুৰ জীৱন ভিত্তিক এখন নাট মঞ্চস্থ কৰা হব। আনহাতে দ্বিতীয় দিনা বঁটা প্ৰদানৰ মূল কাৰ্যসূচীৰ লগত সংগতি ৰাখি উজনি অসম ভিত্তিত টাই সাজপাৰ প্ৰতিযোগিতা, সাংস্কৃতিক শোভাযাত্ৰা আৰু সন্ধিয়া নৱম বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হব বুলি বিবৃতিটোত জানিবলৈ দিছে ।
প্ৰেৰক দীপাংকৰ পাল

Featured