নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰতিদিনে গো-মূত্ৰ সেৱন কৰে অভিনেতা অক্ষয় কুমাৰে

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ বলীউদৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে প্ৰতিদিনে সেৱন কৰে গো-মূত্ৰ। ঔষধিসম্পন্ন আয়ুবেদিক দৰব হিচাপে গো-মূত্ৰ বহু ৰোগ প্ৰতিকাৰত ব্যৱহৃত হৈ আহিছে।

BellBottom নামৰ এখন ছবিৰ শ্বুটিঙৰ বাবে বৰ্তমান স্কটলেণ্ডত থকা অক্ষয় কুমাৰে শেহতীয়াকৈ ডিছকভাৰী চেনেলত সম্প্ৰচাৰিত হোৱা এক অনুষ্ঠানত অংশ লৈছিল।

গো-মূত্ৰ সেৱন কৰাৰ কথা কোৱাৰ পাছতে এতিয়া অক্ষয় কুমাৰৰ ফেন ক্লাবৰ মাজত চৰ্চিত হৈছে।

You might also like