নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মোৰ হাতত একো কাম নাথাকিলে মই খেতি কৰিম’

নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাই বৰ্তমানো কঁপাই আছে বলীউদৰ বিভিন্ন মহল। প্ৰাথমিক অনুসন্ধানত আত্মহত্যা বুলি সদৰী কৰাৰ পিছত সুশান্তৰ বহু শুভাকাংক্ষীয়ে এই মৃত্যু সহজভাৱে ল’ব পৰা নাই। মৃ্ত্যুৰ তদন্ত CBIক অৰ্পন কৰাৰ পাছতেই সমগ্ৰ ঘটনাটো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। প্ৰেমিকা ৰিয়া চক্ৰবৰ্তীৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হোৱাৰ পিছত তদন্তৰ আওতালৈ আহিছে কেইবাজনো লোক।

আনহাতে এই সন্দৰ্ভত কেইবাটাও ৰাষ্ট্ৰীয় সংবাদমাধ্যমে সুশান্তৰ প্ৰাক্তন প্ৰেমিকা অংকিতা লোখন্দেৰ বহুকেইটা সাক্ষাতকাৰ গ্ৰহণ কৰিছিল। প্ৰেমিকতকৈ এজন ভাল বন্ধু হেৰুৱাই ভাঙি পৰা অংকিতাক সোধা হৈছিল বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। দীৰ্ঘদিন ধৰি সুশান্তৰ সৈতে লিভিঙত থকা অংকিতাই জানিছিল বহু গোপন কথা।

সুশান্তৰ আত্মহত্যা এতিয়াও সহজভাৱে ল’ব নোৱাৰা অংকিতাই কয় যে ইমান প্ৰতিভাৱান এজন অভিনেতাই কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে। সুশান্ত হতাশাত ভোগা ল’ৰাই নাছিল। এখন অতি সৰু চহৰৰ পৰা অহা সুশান্তই কৈছিল মোৰ হাতত একো কাম নাথাকিলে খেতি কৰিম। ৫ বছৰৰ পূৰ্বে ডায়েৰীত লিখা কথাবোৰ সঠিক সময়ত পূৰ্ণ কৰিছিল সুশান্তই গতিকে এটা যোগাত্মক চিন্তাধাৰৰ এজন লোকে কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে বুলি মন্তব্য কৰে সুশান্তই।

You might also like