নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলীউডত হাহাকাৰ দীপিকাৰ মেনেজাৰলৈ এনচিবিৰ চমন জাৰি

সুশান্ত সিং হত্যা–ড্রাগ্ছ সেৱন গোচৰক লৈ দেশত জোকাৰণি

নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ  মায়ানগৰী মুম্বাইৰ বলীউড জগত ড্রাগ্ছক লৈ কম্পমান৷ অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ তদন্তত ড্রাগ্ছ সম্পর্কীয় গোচৰত বলীউডৰ তাৰকাৰ নাম সাঙোৰ খাই পৰাত সমগ্র চলচ্চিত্র জগতত হাহাকাৰ লাগিছে৷ অভিনেতা সুশান্তৰ প্রেমিকা ৰিয়া চক্রৱর্তীক ড্রাগ্ছৰ গোচৰত গ্রেপ্তাৰ কৰাৰ পিছতেই প্রতিদিনে এনচিবিৰ তালিকাত বলীউডৰ তাৰকাৰ নাম সন্নিৱিষ্ট হৈছে৷ ৰিয়া চক্রৱর্তীৰ স্বীকাৰোক্তিৰ আধাৰত ইতিমধ্যে এনচিবিয়ে অভিনেত্রী শ্রদ্ধা কাপুৰ, ছাৰা আলী খান আৰু ৰাকুল প্রীত সিঙক চমন জাৰি কৰাৰ প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷ এই চাঞ্চল্যকৰ বাতৰি চর্চাৰ মাজত থাকোঁতেই এইবাৰ ড্রাগ্ছৰ গোচৰত সাঙোৰ খাইছে বলীউডৰ জনপ্রিয় তাৰকা অভিনেত্রী দীপিকা পাডুকন আৰু তেওঁৰ স্বামী অভিনেতা ৰণবীৰ সিং৷ এনচিবিয়ে দীপিকা পাডুকনৰ মেনেজাৰ কৰীশ্মা প্রকাশক ইতিমধ্যে সোধা–পোছাৰ বাবে চমন জাৰি কৰিছে৷ শীঘ্রেই দীপিকা আৰু ৰণবীৰ সিঙক চমন জাৰি কৰিব৷ এনচিবিৰ শীর্ষ সূত্রত প্রকাশ কৰা মতে, ড্রাগ্ছ মাফিয়াৰ সৈতে বলীউডৰ অভিনেতা–ভিনেত্রীৰ হোৱাটছএপ বার্তাৰ সূক্ষ্ম নিৰীক্ষণ কৰাৰ অন্তত অভিনেত্রী দীপিকাৰ নাম স্পষ্ট হৈ পৰিছে৷ হোৱাটছএপ বার্তাত ‘ডি’ আৰু ‘কে’ আখৰ দুটিয়ে ‘ডি’ মতে দীপিকা পাডুকন আৰু ‘কে’ মানে কৰীশ্মা প্রকাশ বুলি এনচিবি নিশ্চিত হৈছে৷ কৰীশ্মা প্রকাশ হৈছে দীপিকা পাডুকনৰ মেনেজাৰ৷ মেনেজাৰৰ পিছত তদন্তকাৰী সংস্থাটোৱে দীপিকা পাডুকনক চমন জাৰি কৰাৰ প্রস্তুতি সম্পূর্ণ কৰিছে৷ লগতে দীপিকাৰ স্বামী অভিনেতা ৰণবীৰকো এই সম্পর্কত সোধা–পোছাৰ বাবে চমন জাৰি কৰিব এনচিবিয়ে৷ তদুপৰি হোৱাটছএপ বার্তাৰ আধাৰত টেলেণ্ট মেনেজাৰ জয়া সাহাক এনচিবিয়ে সোধা–পোছা কৰিছে৷ দুবাৰকৈ সোধা–পোছা কৰা জয়া সাহাক ড্রাগ্ছৰ গোচৰত এনচিবিয়ে যিকোনো মুহূর্তত গ্রেপ্তাৰ কৰাৰ সম্ভাৱনা আছে৷ অভিনেতা সুশান্তৰ প্রেমিকা ৰিয়াৰ স্বীকাৰোক্তিৰ আধাৰত এনচিবিয়ে বলীউডৰ তাৰকাৰ ড্রাগ্ছ মাফিয়াৰ সৈতে জড়িত তদন্ত যিমানেই ক্ষিপ্রতৰ কৰি তুলিছে, সিমানেই নতুন নতুন তথ্য পোহৰলৈ আহিছে৷ বলীউড আৰু ড্রাগ্ছ মাফিয়াৰ সম্পর্কক লৈ সৰৱ হৈ থকা বিজেপিৰ সাংসদ সুব্রমণিয়ন স্বামীয়ে ড্রাগ্ছৰ সৈতে জড়িত বলীউড তাৰকাক গ্রেপ্তাৰ কৰিবলৈ দাবী জনাইছে৷

আনপিনে, ৰিয়া চক্রৱর্তীৰ ন্যায়িক জিম্মাৰ দিন মঙলবাৰে উকলি যোৱাৰ পিছত পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰিছে সত্র আদালতে৷ অহা ৬ অক্টোবৰলৈ বাইকুল্লা কাৰাগাৰতে কটাব লাগিব ৰিয়া চক্রৱর্তীয়ে৷ তেনেদৰে ৰিয়াৰ ভাতৃ সৌৱিক চক্রৱর্তী, অভিনেতা সুশান্তৰ ঘৰুৱা সহায়ক দীপেশ সাৱন্ত, মেনেজাৰ ছেমুৱেল মিৰাণ্ডাৰ ন্যায়িক জিম্মাৰ দিন ৬ অক্টোবৰলৈ সম্প্রসাৰণ কৰা হৈছে৷ শেহতীয়াভাৱে এনচিবিয়ে ড্রাগ্ছৰ গোচৰত চলচ্চিত্র নির্মাতা মধু মণ্টেনাক চমন জাৰি কৰিছে৷ টেলেণ্ট মেনেজাৰ জয়া সাহাক সোধা–পোছা কৰাৰ সময়ত মধু মণ্টেনাৰ নাম লোৱাৰ পিছতেই তদন্তকাৰী সংস্থাটোৱে মণ্টেনাক সোধা–পোছাৰ বাবে চমন জাৰি কৰিছে৷ কাইলৈ জয়া সাহা আৰু মধু মণ্টেনাক সমুখা–সমুখিকৈ সোধা–পোছা কৰিব৷ তেনেদৰে কুৱানৰ চিই’ ধ্রুৱ ছিটগুপেকাৰক আজি সোধা–পোছা কৰাৰ অন্তত পুনৰ কাইলৈ এনচিবিয়ে সোধা–পোছা কৰিব৷ তাৎপর্যপূর্ণ যে অভিনেত্রী–প্রযোজক দিয়া মির্জাও ড্রাগ্ছৰ গোচৰত সাঙোৰ খাই পৰিছে৷ ড্রাগ্ছ সৰবৰাহকাৰী অনুজ কেছুৱানি আৰু অংকুছে এনচিবিৰ সোধা–পোছাত অভিনেত্রীগৰাকীৰ নাম উল্লেখ কৰিছে৷ এনচিবিৰ তদন্তত এফআইআৰ নম্বৰ ১৬/২০ত দিয়া মির্জাৰ নাম অন্তর্ভুক্ত হৈ আছে৷ ড্রাগ্ছৰ গোচৰত দিয়া মির্জাৰ নাম চর্চাৰ মাজলৈ অহাৰ পিছতেই অভিনেত্রীগৰাকীয়ে কেতিয়াও ড্রাগ্ছ সেৱন কৰা নাই বুলি দাবী কৰি তেওঁৰ বিৰুদ্ধে চর্চিত বাতৰি মিছা বুলি প্রকাশ কৰিছে৷ এনচিবিৰ শীর্ষ সূত্রই প্রকাশ কৰা মতে দিয়া মির্জাকো চমন জাৰি কৰাৰ সম্ভাৱনা আছে৷

You might also like