নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱাৰ পৰা চার্টার্ড ফ্লাইটযোগে মুম্বাইলৈ উভতিল দীপিকা পাডুকন

ড্রাগ্ছ গোচৰঃ আজি এনচিবিৰ জেৰা

নিয়মীয়া বাৰ্তা ২৫ ছেপ্টেম্বৰঃ   ড্রাগ্ছৰ নিচাত ৰঙীন বলীউড জগতত এতিয়া হাহাকাৰ৷ নার্ক’টিকছ কণ্ড্র’ল ব্যুৰ’ৰ (এন চি বি) তদন্তত কম্পিত বলীউডৰ ৰথী–মহাৰথী৷ এন চি বিয়ে ৰাডাৰত ৰখা ২৫তকৈও অধিক তাৰকা শিল্পীৰ ভিতৰত ইতিমধ্যে ৫জনলৈ চমন জাৰি কৰাৰ লগে লগে নিদ্রাহৰণ হৈছে বলীউডৰ তাৰকাৰ৷ অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ লগত ড্রাগ্ছ জড়িত হৈ পৰাৰ পাছত নার্ক’টিকছ কণ্ড্র’ল ব্যুৰ’ৰ (এন চি বি) তদন্তত ড্রাগ্ছ আৰু বলীউডৰ ৰথী–মহাৰথীৰ সম্পর্ক নিশ্চিত হৈছে৷ ড্রাগ্ছ সেৱনত জড়িত থকাৰ বাবে এন চি বিয়ে জনপ্রিয় অভিনেত্রী দীপিকা পাডুকনসহ পাঁচ অভিনেত্রীলৈ চমন জাৰি কৰিছে৷ এন চি বিৰ চমন পোৱাৰ পাছতে বৃহস্পতিবাৰে গোৱাৰ পৰা শ্বুটিং আধাতে সামৰি অভিনেত্রী দীপিকা পাডুকন আৰু ছাৰা আলী খান মুম্বাইলৈ উভতি আহিছে৷ ড্রাগ্ছৰ গোচৰত সোধা–পোছাৰ বাবে চমন লাভ কৰা দীপিকা পাডুকনে চার্টার্ড প্লেন লৈ মুম্বাইলৈ উভতি আহিবলৈ বাধ্য হৈছে৷ আজি পুৱা ১০.৩০ বজাত এন চি বিৰ কার্যালয়ত উপস্থিত হ’বলৈ নির্দেশ দিয়া হৈছে দীপিকা পাডুকনক৷ আজি এন চি বিৰ জেৰাৰ সন্মুখীন হ’বলৈ মুম্বাইলৈ উভতি অহা দীপিকা পাডুকনৰ বাসগৃহত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে৷ আনপিনে, ছাৰা আলী খানক ঘৰলৈ নিয়াৰ বাবে অভিনেত্রী মাতৃ অমৃতা সিং আৰু অভিনেতা পিতৃ ছঈফ আলী খান বিমানবন্দৰত উপস্থিত হয়৷ গোৱাৰ পৰা মুম্বাইলৈ উভতি অহা ছাৰা আলী খানক ২৬ ছেপ্টেম্বৰত হাজিৰ হ’বলৈ চমন জাৰি কৰিছে এন চি বিয়ে৷

উল্লেখ্য যে সুশান্তৰ প্রেমিকা ৰিয়া চক্রৱর্তীসহ ১৬জনক ড্রাগ্ছৰ গোচৰত এন চি বিয়ে গ্রেপ্তাৰ কৰি সোধা–পোছাৰ অন্তত গ্রেপ্তাৰ হোৱা ড্রাগ্ছ মাফিয়াৰ স্বীকাৰোক্তিত বলীউডৰ ২৫তকৈও অধিক তাৰকা ড্রাগ্ছ সেৱনৰ সৈতে জড়িতৰ নিশ্চিত তথ্য লাভ কৰিছে এন চি বিয়ে৷ ৰিয়া চক্রৱর্তীৰ স্বীকাৰোক্তিৰ লগতে এন চি বিয়ে গ্রেপ্তাৰ কৰা ৮ ড্রাগ্ছ সৰবৰাহকাৰীয়ে বলীউডৰ অভিনেত্রীকেইগৰাকী ড্রাগ্ছ লেনদেনৰ সৈতে জড়িত বুলি স্বীকাৰোক্তি দিছে৷ এই স্বীকাৰেক্তিৰ আধাৰতে দীপিকা পাডুকন, ছাৰা আলী খান, শ্রদ্ধা কাপুৰ, ৰাকুল প্রীত সিঙলৈ এন চি বিয়ে সোধা–পোছাৰ বাবে চমন জাৰি কৰিছে৷

এন চি বিৰ সূত্রত প্রকাশ পোৱা মতে আজি দীপিকাই এন চি বিৰ কার্যালয়ত হাজিৰ হোৱাৰ বিপৰীতে শনিবাৰে ছাৰা আলী খান, শ্রদ্ধা কাপুৰ আৰু ৰাকুল প্রীত সিং কার্যালয়ত হাজিৰ হ’ব৷ তাৎপর্যপূর্ণ যে সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যু গোচৰৰ তদন্তচি বি আয়ে অব্যাহত ৰখাৰ সময়তে এই মৃত্যুৰ গোচৰত সাঙোৰ খাই পৰে ড্রাগ্ছ৷ বলীউডৰ কেইবাগৰাকীও অভিনেতা–ভিনেত্রী, নির্মাতা ড্রাগ্ছৰ সৈতে জড়িত থকাৰ তথ্য হোৱাটছএপ বার্তালাপত এন চি বিয়ে লাভ কৰাৰ পাছতে বলীউড জগতত ড্রাগ্ছৰ পয়োভৰক লৈ তদন্ত ক্ষিপ্রতৰ কৰি তোলে এন চি বিয়ে৷ ৰিয়া চক্রৱর্তী, ৰিয়াৰ ভাতৃ সৌৱিক চক্রৱর্তীৰ লগতে গ্রেপ্তাৰ কৰা ১৬জনৰ স্বীকাৰোক্তিৰ আধাৰতে এন চি বিয়ে তদন্ত আগবঢ়াই নিয়ে৷ এন চি বিয়ে বলীউডৰ চিত্র নির্মাতা মধু মণ্টেনা, টেলেণ্ট মেনেজাৰ জয়া সাহাক ইতিমধ্যে সোধা–পোছা কৰিছে৷

বৃহস্পতিবাৰে এন চি বিয়ে ফেশ্বন ডিজাইনাৰ ছিমন খামবাতাক সোধা–পোছা কৰাৰ লগতে সুশান্ত সিং ৰাজপুতৰ প্রাক্তন মেনেজাৰ শ্রুতি মোদীকো জেৰা কৰিছে৷ ইপিনে, ড্রাগ্ছৰ পার্টী কৰি বিতর্কত সাঙোৰ খাই থকা চিত্র নির্মাতা কৰণ জোহৰৰ কোম্পানী ধর্মা প্রডাকচনৰ কার্যবাহী সঞ্চালক ক্ষীতিশ ৰবি প্রসাদক জেৰাৰ বাবে চমন জাৰি কৰিছে এন চি বিয়ে৷ টিভিৰ দম্পতী অবিগাইল পাণ্ডে আৰু চনম জোহৰৰ বাসগৃহত তালাচী চলাই এন চি বিয়ে গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে৷ লক্ষণীয় যে জেৰাৰ বাবে চমন জাৰি কৰা অভিনেত্রী ৰাকুল প্রীত সিঙৰ বাসভৱনত আজি কেইবাঘণ্টা ধৰি এন চি বিয়ে তালাচী অভিযান চলাইছে৷ উনুকিয়াব পাৰি যে দীপিকা পাডুকনৰ মেনেজাৰ কৰীশ্মা প্রকাশৰ হোৱাটছএপ বার্তালাপত পাডুকনে ড্রাগ্ছৰ বিষয়ে মন্তব্য কৰাৰ তথ্য এন চি বিয়ে লাভ কৰিছিল৷ তদুপৰি ৰিয়া চক্রৱর্তীৰ স্বীকাৰোক্তিতো পাডুকনৰ নাম পোহৰলৈ আহিছিল বুলি এন চি বিৰ সূত্রত প্রকাশ৷ তেনেদৰে ৰিয়া চক্রৱর্তীয়ে ড্রাগ্ছ সেৱনত ছাৰা আলী খান, ৰাকুল প্রীত সিং জড়িত বুলি এন চি বিৰ জেৰাত স্বীকাৰোক্তি দিছিল৷ উল্লেখ্য যে যোৱা ১৪ জুনত মুম্বাইৰ বান্দাস্থিত বাসগৃহত প্রতিভাৱান অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ চি বি আয়ে চলোৱা তদন্তত ড্রাগ্ছ আৰু বলীউড জগত জড়িত হৈ পৰা বিষয়টো দেশজুৰি ব্যাপক চর্চা হৈ আছে৷

You might also like