নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জয়াৰ বাসগৃহৰ বাহিৰত মোতায়েন আৰক্ষী

নিয়মীয়া বাৰ্তা ১৭ ছেপ্টেম্বৰঃ সংসদত মুম্বাইৰ ছবি উদ্যোগক ড্রাগছৰ সৈতে সম্পর্ক থকা বুলি একাংশ লোকে অভিযোগ কৰি ছবি উদ্যোগৰ সন্মান লাঘৱ কৰিবলৈ লোৱা বুলি কঠোৰ মন্তব্য আগবঢ়োৱাৰ পিছত অভিনেত্রী তথা সাংসদ জয়া বচ্চনৰ জুহুস্থিত বাসগৃহৰ বাহিৰত মুম্বাই আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে৷ অমিতাভ আৰু জয়া বচ্চনৰ জুহুস্থিত বাসগৃহ জলছা বহু অনুৰাগীয়ে পৰিদর্শন কৰিবলৈ যায়৷

স্মর্তব্য যে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰৰ তদন্তৰ সময়ত ড্রাগছৰ বিষয়টো সাঙোৰ খাই পৰাৰ পিছতে ছবি উদ্যোগৰ বহু অভিনেতা–ভিনেত্রীৰ বিৰুদ্ধে সৃষ্টি হৈছে সন্দেহ৷ আনকি সংসদত বিজেপি সাংসদ ৰবি কিষাণে ইয়াক লৈ কঠোৰ মন্তব্য আগবঢ়াইছিল৷ কিষাণৰ মন্তব্যৰ পিছতে জয়া বচ্চনে একাংশ লোকৰ বাবে সমগ্র বলীউডক দোষাৰোপ কৰা উচিত নহয় বুলি মন্তব্য কৰিছিল সংসদত৷

You might also like