নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ মাতৃ হ’বলৈ ওলাইছে কৰীণা কাপুৰ

নিয়মীয়া বাৰ্তা, ১৩ আগষ্টঃ পুনৰ মাতৃ হ’বলৈ ওলাইছে বলীউদৰ মোহময়ী অভিনেত্ৰী কৰীণা কাপুৰ। অতি শীঘ্ৰেই তেওঁলোকৰ পৰিয়াললৈ আগমণ ঘটিব নতুন আলহীৰ।

বেব’ আৰু ছেইফ আলী খানে সদৰী কৰিছে এই কথা। ইয়াৰ পাছতে ফেনক্লাবৰ মাজত ব্যাপক উছাহ। ‘ছেইফীয়ানা’ হিচাপে খ্যাত এই দম্পতীয়ে ভাল খবৰটো শ্বেয়াৰ কৰিছে সকলোৰে সৈতে।

”আমি আমাৰ পৰিয়াললৈ নতুন সদস্য আগমণৰ কথা চিন্তা কৰিছো। এই সময়ত আমাক আপোনালোকৰ মৰম আৰু আৰ্শীবাদ অতিশয় প্ৰয়োজনীয় বুলি মন্তব্য কৰে ছেইফ আৰু কৰীণাই”।  তেওঁলোকৰ প্ৰথম সন্তান টাইমূৰ জন্ম হৈছিল ২০১৬চনৰ ২০ ডিচেম্বৰত। ইয়াৰ পাছত দ্বিতীয় সন্তানৰ কথা চিন্তা কৰিছে অভিজাত দম্পতীটোৱে।

উল্লেখযোগ্য যে বৰ্তমান ঘৰতে ব্যস্ত বুলি ছ’চিয়েল মিডিয়াত পোষ্ট দিছিল কৰীণাই। নিজকে সজাই মেক আপ কৰি ভালপোৱা কৰীণাই এইকেইদিনত নিজে ভালপোৱা কাম কৰিছে বুলিও মন্তব্য কৰিছিল।

You might also like