নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলিউডৰ ৫০ জনীয়া তাৰকাক জেৰা কৰিবলৈ সাজু এন চি বি

নিয়মীয়া বাৰ্তা ২৫ ছেপ্টেম্বৰঃ   প্রতিভাৱান অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ চি বি আয়ে চলোৱা তদন্তত ড্রাগ্ছ আৰু বলীউড জগত জড়িত হৈ পৰা বিষয়টো দেশজুৰি ব্যাপক চর্চা হৈ আছে এইবাৰ এন চি বিৰ হাতত আহি পৰিছে ড্ৰাগছ সেৱন কৰা তাৰকাৰ ৫০জনীয়া তালিকা।

এন চি বিৰ সূত্রত প্রকাশ পোৱা মতে আজি দীপিকাই এন চি বিৰ কার্যালয়ত হাজিৰ হোৱাৰ বিপৰীতে শনিবাৰে ছাৰা আলী খান, শ্রদ্ধা কাপুৰ আৰু ৰাকুল প্রীত সিং কার্যালয়ত হাজিৰ হ’ব৷ তাৎপর্যপূর্ণ যে সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যু গোচৰৰ তদন্তচি বি আয়ে অব্যাহত ৰখাৰ সময়তে এই মৃত্যুৰ গোচৰত সাঙোৰ খাই পৰে ড্রাগ্ছ৷ বলীউডৰ কেইবাগৰাকীও অভিনেতা–ভিনেত্রী, নির্মাতা ড্রাগ্ছৰ সৈতে জড়িত থকাৰ তথ্য হোৱাটছএপ বার্তালাপত এন চি বিয়ে লাভ কৰাৰ পাছতে বলীউড জগতত ড্রাগ্ছৰ পয়োভৰক লৈ তদন্ত ক্ষিপ্রতৰ কৰি তোলে এন চি বিয়ে৷ ৰিয়া চক্রৱর্তী, ৰিয়াৰ ভাতৃ সৌৱিক চক্রৱর্তীৰ লগতে গ্রেপ্তাৰ কৰা ১৬জনৰ স্বীকাৰোক্তিৰ আধাৰতে এন চি বিয়ে তদন্ত আগবঢ়াই নিয়ে৷ এন চি বিয়ে বলীউডৰ চিত্র নির্মাতা মধু মণ্টেনা, টেলেণ্ট মেনেজাৰ জয়া সাহাক ইতিমধ্যে সোধা–পোছা কৰিছে৷

বৃহস্পতিবাৰে এন চি বিয়ে ফেশ্বন ডিজাইনাৰ ছিমন খামবাতাক সোধা–পোছা কৰাৰ লগতে সুশান্ত সিং ৰাজপুতৰ প্রাক্তন মেনেজাৰ শ্রুতি মোদীকো জেৰা কৰিছে৷ ইপিনে, ড্রাগ্ছৰ পার্টী কৰি বিতর্কত সাঙোৰ খাই থকা চিত্র নির্মাতা কৰণ জোহৰৰ কোম্পানী ধর্মা প্রডাকচনৰ কার্যবাহী সঞ্চালক ক্ষীতিশ ৰবি প্রসাদক জেৰাৰ বাবে চমন জাৰি কৰিছে এন চি বিয়ে৷ টিভিৰ দম্পতী অবিগাইল পাণ্ডে আৰু চনম জোহৰৰ বাসগৃহত তালাচী চলাই এন চি বিয়ে গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে৷ লক্ষণীয় যে জেৰাৰ বাবে চমন জাৰি কৰা অভিনেত্রী ৰাকুল প্রীত সিঙৰ বাসভৱনত আজি কেইবাঘণ্টা ধৰি এন চি বিয়ে তালাচী অভিযান চলাইছে৷ উনুকিয়াব পাৰি যে দীপিকা পাডুকনৰ মেনেজাৰ কৰীশ্মা প্রকাশৰ হোৱাটছএপ বার্তালাপত পাডুকনে ড্রাগ্ছৰ বিষয়ে মন্তব্য কৰাৰ তথ্য এন চি বিয়ে লাভ কৰিছিল৷ তদুপৰি ৰিয়া চক্রৱর্তীৰ স্বীকাৰোক্তিতো পাডুকনৰ নাম পোহৰলৈ আহিছিল বুলি এন চি বিৰ সূত্রত প্রকাশ৷ তেনেদৰে ৰিয়া চক্রৱর্তীয়ে ড্রাগ্ছ সেৱনত ছাৰা আলী খান, ৰাকুল প্রীত সিং জড়িত বুলি এন চি বিৰ জেৰাত স্বীকাৰোক্তি দিছিল৷

You might also like