নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইছিছৰ পৰা ধন লয় ছলমান খান–মহেশ ভাটে

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ প্রতিভাৱান জনপ্রিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহননৰ গোচৰক লৈ বলীউডৰ শীর্ষ চেলিব্রিটীৰ মুখা খুলি দিয়াৰ হুংকাৰ দিছে শ্রীৰাষ্ট্রীয় ৰাজপুত কৰণী সেনাই৷ সুশান্ত সিং ৰাজপুতৰ গোচৰৰ তদন্তৰ ভাৰ চিবিআইৰ হাতত অর্পণ কৰাৰ দাবী তুলি কৰণী সেনাৰ মুৰব্বী সুখদেৱ সিং গোগানেডিয়ে আজি বলীউডৰ শীর্ষ চেলিব্রিটীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰে৷ ৰাজপুত গোচৰৰ তদন্তৰ ভাৰ চিবিআইৰ হাতত অর্পণ নকৰিলে দেশজুৰি ধর্ণা, প্রতিবাদ, পথ অৱৰোধ কার্যসূচী গ্রহণ কৰি পৰিস্থিতি উত্তাল কৰি তুলিব বুলিও হুংকাৰ দিয়ে কৰণী সেনাৰ মুৰব্বীজনে৷ অভিনেতা ৰাজপুতে আত্মহত্যা কৰিব নোৱাৰে বুলি দৃঢ়ভাৱে উল্লেখ কৰি বলীউডৰ গেং এটাই তেওঁক পৰিকল্পিতভাৱে হত্যা কৰা বুলি দাবী কৰে মুৰব্বীজনে৷ বলীউডৰ চেলিব্রিটী ছলমান খান, চিত্র নির্মাতা মহেশ ভাট আৰু একতা কাপুৰৰ নাম লৈ মুৰব্বীগৰাকীয়ে কয় যে আণ্ডাৰৱ’ল্ডৰ লগত খান গেং জড়িত হৈ আছে৷ আনকি ছলমান খান আৰু মহেশ ভাটে বিশ্বৰ কুখ্যাত সন্ত্রাসবাদী সংগঠন আইছিছৰ পৰাও ধন লয়৷

ছুপাৰষ্টাৰ ছলমান খানকে ধৰি একাংশ চলচ্চিত্র নির্মাতা তেওঁলোকৰ দাবী পূৰণ নহ’লে নতুন প্রতিভাক বলীউড চলচ্চিত্র জগতত আগবাঢ়ি যাবলৈ সুযোগ নিদিয়াৰ অভিযোগ তুলি সেনাৰ মুৰব্বী কয় যে তেওঁলোকে ৰাজপুতৰ মৃত্যুক লৈ চিবিআই তদন্ত বিচাৰি মহাৰাষ্ট্রৰ গৃহমন্ত্রী অনিল দেশমুখৰ সৈতেও বার্তালাপ কৰিছে৷ ৰাজপুতৰ গোচৰৰ তদন্তৰ দায়িত্ব চিবিআইক নিদিলে কৰণী সেনাই ছলমান খান, একতা কাপুৰ, সঞ্জয় লীলা ভাঞ্চালীৰ ছবিৰ চিত্রগ্রহণ আৰু থিয়েটাৰ গৃহত মুকলি হ’বলৈ নিদিয়ে বুলি সকীয়নি দিয়ে৷ উল্লেখ্য যে কৰণী সেনাৰ সদস্যসকলে বিহাৰলৈ গৈ ৰাজপুতৰ পৰিয়ালক সাক্ষাৎ কৰা বুলিও কৰণী সেনাৰ মুৰব্বীজনে প্রকাশ কৰে৷

You might also like