নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুশান্তৰ একাউণ্টৰ ১৫ কোটি ট্রেন্সফাৰ: ইডিৰ তদন্তত প্রেমিকা ৰিয়া

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ  দেশত চাঞ্চল্য সৃষ্টি কৰা বলীউড অভিনেতা সুশান্ত সিং ৰাজপুতৰ গোচৰে নিতৌ নতুন মোৰ লৈছে৷ প্রতিভাৱান অভিনেতা ৰাজপুতৰ চর্চিত প্রেয়সী ৰিয়া চক্রৱর্তীৰ বিৰুদ্ধে উঠিছে সন্দেহৰ আঙুলি৷ মুম্বাইৰ বান্দ্রাস্থিত ক’টাক মহিন্দ্রা বেংকত ৰাজপুতৰ ১৫ কোটি টকাৰ লেনদেনৰ তথ্য পোহৰলৈ অহাৰ লগে লগে এই ধনৰ লেনদেনত প্রেয়সী চক্রৱর্তী জড়িত থকাটো সন্দেহ হৈছে৷  কিয়নো সুশান্ত সিং ৰাজপুতৰ পিতৃ কে কে সিঙে সুশান্তৰ একাউণ্টৰ পৰা ১৫ কোটি টকা ৰিয়া চক্রৱর্তীয়ে উঠাই নিয়া বুলি দাবী কৰিছে৷ প্রেয়সী চক্রৱর্তীয়ে ৰাজপুতৰ বেংকৰ একাউণ্টৰ পৰা এই ধন উঠাই নিয়া বুলি পিতৃৰ অভিযোগৰ আধাৰত এনফ’চমেণ্ট ডিৰেক্টৰেটে তদন্ত কৰাৰ ইংগিত দিছে৷

লক্ষণীয় যে বান্দ্রাস্থিত বেংকত থকা ৰাজপুতৰ ধনৰ লেনদেনৰ তথ্য বিচাৰি আজি বিহাৰ আৰক্ষী বেংকটোত উপস্থিত হয়৷ বেংকৰ শীর্ষ বিষয়াজনক সাক্ষাৎ কৰি বিহাৰ আৰক্ষীয়ে ৰাজপুতৰ লেনদেনৰ তথ্য বিচাৰি আনুষ্ঠানিক পত্র দাখিল কৰিছে৷ ৰাজপুতৰ সন্দেহজনক মৃত্যুক লৈ তদন্ত কৰা মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই বিহাৰ আৰক্ষীক সহযোগ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ তাৎপর্যপূর্ণ যে বিজেপিৰ জ্যেষ্ঠ নেতা সুব্রমনিয়ন স্বামীয়ে ৰাজপুতৰ গোচৰটোৰ তদন্ত বিচাৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীক পত্র প্রেৰণ কৰাই নহয়, তেওঁ ৰাজপুতৰ হত্যাৰ সন্দর্ভত ২৪টা যুক্তি দাঙি ধৰিছে৷ আৰক্ষীৰ তদন্তৰ ওপৰত সন্দেহ ওপজাৰ বাবে ৰাজপুতৰ পৰিয়ালে আজি উচ্চতম ন্যায়ালয়ত এই গোচৰৰ তদন্ত চিবিআইক অর্পণ কৰাৰ দাবীৰে আবেদন জনায়৷ এই আবেদন উচ্চতম ন্যায়ালয়ে খাৰিজ কৰি ৰাজপুতৰ পৰিয়ালক আৰক্ষীক দায়িত্ব পালন কৰিবলৈ সুযোগ দিয়াৰ লগতে উচ্চ ন্যায়ালয়ত আবেদন জনাবলৈ পৰামর্শ দিয়ে৷ তেনেদৰে ৰাজপুতৰ প্রেয়সী বুলি চর্চিত ৰিয়া চক্রৱর্তীয়ে উচ্চতম ন্যায়ালয়ত ৰাজপুতৰ গোচৰটো বিহাৰৰ পৰা মুম্বাইলৈ স্থানান্তৰ কৰিবলৈ আবেদন জনায়৷ তদুপৰি চক্রৱর্তীয়ে তেওঁৰ অগ্রিম জামিন সন্দর্ভতো আবেদন জনাইছে৷ ৰাজপুতৰ আত্মহননৰ আঁৰত চক্রৱর্তীৰ হাত থকা বুলি ইতিমধ্যে ৰাজপুতৰ পৰিয়ালে মুকলিভাৱে প্রকাশ কৰিছে৷ তথ্য মতে পৰিয়ালৰ লোকৰ সৈতে সুশান্ত সিং ৰাজপুতক যোগাযোগ কৰাত বাধা দিছিল চক্রৱর্তীয়ে৷ আনকি চক্রৱর্তীয়ে ৰাজপুতৰ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনো নিজৰ হাতলৈ আনিছিল৷

বিহাৰৰ পৰা মুম্বাইলৈ গোচৰটো স্থানান্তৰ কৰা চক্রৱর্তীৰ আবেদনক লৈ ৰাজপুতৰ পৰিয়ালে উচ্চতম ন্যায়ালয়ত কেভিয়েট দাখিল কৰিছে৷ এই কেভিয়েট দাখিল কৰাৰ অর্থ হৈছে চক্রৱর্তীৰ আবেদনৰ ৰায় দিয়াৰ পূর্বে কেভিয়েট দাখিলকাৰীৰ শুনানি গ্রহণ কৰিব লাগিব৷ উনুকিয়াওঁ যে বিহাৰ আৰক্ষীয়ে চক্রৱর্তীৰ মুম্বাইস্থিত বাসভৱনলৈ বিচাৰি যায় যদিও সেই সময়ত অভিনেত্রীগৰাকী বাসগৃহত নাছিল৷ ইয়াৰ পাছৰে পৰা বিহাৰ আৰক্ষীৰ সৈতে কোনো যোগাযোগ কৰা নাই চক্রৱর্তীয়ে৷ চক্রৱর্তীয়ে নিজৰ আইনী প্রক্রিয়াৰ বাবে ব্যয়বহুল অধিবক্তা সতীশ মানেসিন্ধেক নিয়োগ কৰিছে৷ এই অধিবক্তাজনে ছলমান খান আৰু সঞ্জয় দত্তৰ হৈ আদালতত গোচৰ চলাইছিল৷ উল্লেখ্য যে যোৱা ২৬ জুলাইত সুশান্ত সিং ৰাজপুতৰ পিতৃয়ে ৰিয়া চক্রৱর্তীৰ বিৰুদ্ধে চুৰি, প্রৱঞ্চনা, প্রতাৰণা আৰু আত্মহননৰ বাবে বাধ্য কৰোৱাৰ অভিযোগ তুলি পাটনাত গোচৰ ৰুজু কৰিছিল৷ ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৪১, ৩৪২, ৩৮০, ৪০৬, ৪২০, ৩০৬ৰ অধীনত পাটনা আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল৷ পাটনাৰ আৰক্ষীয়ে এই সন্দর্ভত চক্রৱর্তীক এতিয়াও সোধা–পোছা কৰিব পৰা নাই৷ সুশান্তৰ আত্মহননৰ সম্পর্কত বলীউডৰ চিত্র নির্মাতা মহেশ ভাট, ধর্মা প্রডাকচনৰ চিই’ অপূর্ব মেহতাকে ধৰি ৪০জনৰ ভাষ্য মুম্বাই আৰক্ষীয়ে লিপিবদ্ধ কৰিছে৷

You might also like