নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১২ ফেব্রুৱাৰী, মাঘ মাহৰ ২৮ তাৰিখ

মেষঃ ব্যৱসায়–বাণিজ্যত নতুন প্রেৰণা লাভ কৰিব৷ সাংস্কৃতিক কামত জড়িতসকল উপকৃত হ’ব৷ বিদ্যাত জটিলতা আছে৷ সৰু–সুৰা ভ্রমণ আছে৷ শুভ ৰং বগা, শুভ সংখ্যা ৩৷
বৃষঃ এই সময়ছোৱাত লেনদেনৰ কামত জড়িত নথকাই ভাল৷ কর্মচাৰীসকলৰ বাবে দিনটো শুভ৷ বিদ্যাত মনোযোগ দিয়ক৷ প্রেমত সমস্যাৰ সন্মুখীন হ’ব৷ শুভ ৰং মাটিয়া, শুভ সংখ্যা ১৷
মিথুনঃ আত্মীয় লোকৰ পৰা সাৱধানে থাকিব৷ ব্যৱসায়ত উন্নতি লাভৰ যোগ দেখা যায়৷ পাৰিবাৰিক দিশত শুভ৷ ক্রীড়াবিদসকলৰ বাবে দিনটো উন্নত৷ শুভ ৰং নীলা, শুভ সংখ্যা ৪৷
কর্কটঃ এই সময়ছোৱাত দৈহিক দিশত কিছু জটিলতাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে৷ ব্যৱসায়ত উন্নতি৷ প্রেমত বাধা৷ সমাজত সুনাম বৃদ্ধি৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷
সিংহঃ শৰীৰৰ প্রতি সচেতন হোৱা উচিত৷ দাম্পত্যত মধ্যমীয়া৷ কর্মক্ষেত্রত আর্থিক লেনদেনত সাৱধান হোৱা উচিত৷ বিদ্যাত শুভ ফল পাব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৬৷
কন্যাঃ আর্থিক দিশত আয় ব্যয় সমানে হ’ব৷ ভাতৃৰ শৰীৰক লৈ চিন্তিত হ’ব৷ দাম্পত্যত মতানৈক্য সৃষ্টি হ’ব পাৰে৷ বিদ্যাত শুভ৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৮৷
তুলাঃ এই ৰাশিৰ লোকসকলৰ গঠনমূলক কামত উন্নতিৰ সম্ভাৱনা৷ দাম্পত্য জীৱনত মতান্তৰ হ’ব পাৰে৷ বিদ্যাত মধ্যম৷ শুভ ৰং গোলপীয়া, শুভ সংখ্যা ৩৷
বৃশ্চিকঃ সাৱধান নাথাকিলে দিনটোত কোনো দুর্ঘটনাত পতিত হোৱাৰ সম্ভাৱনা৷ প্রেমত শুভ৷ ব্যৱসায়ত মধ্যম প্রগতি৷ বিদ্যাত জটিলতা পাব পাৰে৷ শুভ ৰং কমলা, শুভ সংখ্যা ৯৷
ধনুঃ পাৰিবাৰিক দিশত কোনো শুভ কর্ম সম্পন্ন হোৱাৰ সম্ভাৱনা৷ ব্যৱসায়ত বেয়া নহয়৷ প্রেমত মতানৈক্য৷ বিদ্যাত শুভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷
মকৰঃ ব্যৱসায়–বাণিজ্যত থকা বাধা আঁতৰ হ’ব৷ পাৰিবাৰিক সুখ৷ শৰীৰৰ প্রতি যত্ন ল’ব৷ কর্ম তৎপৰতা বৃদ্ধি পাব৷ শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা ৪৷
কুম্ভঃ দাম্পত্যত জটিলতা দেখা দিব পাৰে৷ সামাজিক কামত জড়িতসকলে চাইচিতি চলিব৷ ব্যৱসায়ত উন্নতি৷ বিদ্যাত মনোযোগ দিব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯৷
মীনঃ আর্থিক উন্নতি৷ যোগাযোগ আদিত আশাপূর্ণ অগ্রগতি৷ মানসিক অৱস্থা বিশেষ ভাল নাযাব পাৰে৷ প্রেমত শুভ ফল৷ শুভ ৰং বগা, শুভ সংখ্যা ৩৷

You might also like