নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঢ়ৈ মাহৰ পাচত ডিব্ৰুগড় হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ যোৱা ১৯ নৱেম্বৰত সংঘটিত ডিব্ৰুগড় হত্যাকাণ্ডৰ এটা অভিযুক্তক আজি গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । চহৰৰ মাজমজিয়াত সন্ধিয়াতে ওম প্ৰকাশ আগৰৱালা নামৰ এটা আটা মিলৰ কৰ্মচাৰীজনক নিজ ঘৰৰ সমুখতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে আৰু গুলীয়াই হত্যা কৰে ।

হত্যাকাণ্ডৰ আঢ়ৈ মাহ পাৰ হোৱাৰ পাচতো আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰিব নোৱাৰা বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছিল ডিব্ৰুগড়ত । অৱশেষত ডিব্ৰুগড় আৰক্ষীয়ে সোমবাৰে গ্ৰেপ্তাৰ ইবাদ আলী ওৰফে আমিন নামৰ ডিব্ৰুগড়ৰ পল্টন বজাৰৰ এই যুৱকজনক ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ২০১৯ চনৰ জানুৱাৰীত দেবাৰু তাঁতী নামৰ এজন লোকক হত্যা কৰাৰ গোচৰত কাৰাবাল খাটিছিল ইবাদে । আৰক্ষীয়ে ইবাদৰ সৈতে আৰু কেইবাজনো এই হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে । ভৰতীয় দণ্ডবিধিৰ ৩০২/৩৪ ধাৰাৰ ১৯৭৪/১৯ নম্বৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ইবাদক চাৰিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।

You might also like