নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমিনগাঁৱত বিহাৰ অভিমুখী টেংকাৰৰ পৰা জব্দ ৬০৬ কেজি গাঞ্জা

নিয়মীয়া বার্তা ১৪ ফেব্রুৱাৰীঃ ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্রীৰ ৰমৰমীয়া বেহা৷ অসাধু চক্রই সলনি কৰিছে অবৈধ সামগ্রী সৰবৰাহৰ কৌশল৷ ৰাজপথত তেল সৰবাহকাৰী টেংকাৰসমূহ এতিয়া হৈ পৰিছে ড্রাগ্ছ সৰবৰাহৰ প্রধান মাধ্যম৷ তেলৰ পৰিৱর্তে এতিয়া টেংকাৰেৰে সৰবৰাহ কৰা হয় গাঞ্জা, ড্রাগ্ছ৷ কামৰূপ জিলা সদৰ আমিনগাঁৱত গাঞ্জাভর্তি তেল টেংকাৰ জব্দ কৰে আৰক্ষীয়ে৷ প্রাপ্ত তথ্য অনুসৰি মেঘালয়ৰ পৰা বিহাৰলৈ সৰবৰাহৰ বাবে আনিছিল ৬০৬ কেজি গাঞ্জা৷ কামৰূপ জিলাৰ উপ–আৰক্ষী অধীক্ষক কল্যাণ পাঠক আৰু উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া অশোক সিঙৰ নেতৃত্বত চলে অভিযান৷ গোপন সূত্রৰ পম খেদি চলোৱা অভিযানত জব্দ হয় গাঞ্জাভর্তি এন এল–০২–বি–৩৬২৫ নম্বৰৰ নাগালেণ্ডৰ টেংকাৰ৷ টেংকাৰখনৰ চাৰিটা পৃথক পৃথক চেম্বাৰৰ পৰা তেলৰ পৰিৱর্তে কার্টনে কার্টনে ওলাল মণিপুৰী গাঞ্জা৷ জব্দকৃত ৬০ কার্টন গাঞ্জাৰ বজাৰ মূল্য প্রায় ১ কোটি টকা বুলি জানিবলৈ দিয়ে কামৰূপৰ উপ–আৰক্ষী অধীক্ষক কল্যাণ পাঠকে৷ আৰক্ষীয়ে আটক কৰিছে টেংকাৰৰ চালক, হেণ্ডিমেন ক্রমে সন্তোষ কুমাৰ, মিটলেছ কুমাৰক৷ গাঞ্জা সৰবৰাহকাৰী টেংকাৰখনৰ চালক হেণ্ডিমেনক আটক কৰি কামৰূপ আৰক্ষীয়ে অব্যাহত ৰাখিছে মাৰাথন জেৰা৷ আনহাতে মেঘালয়ত লোডিং হোৱা বৃহৎ পৰিমাণৰ মণিপুৰী গাঞ্জাখিনি মহানগৰীৰ এজন কুখ্যাত মাফিয়াই বিহাৰলৈ সৰবৰাহ কৰাৰ সন্দেহ প্রকাশ কৰিছে আৰক্ষীয়ে৷ ইফালে গাঞ্জা সৰবৰাহকাৰীৰ বিৰুদ্ধে কামৰূপ আৰক্ষীয়ে নিজাববীয়াকৈ উত্তৰ গুৱাহাটী আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে জোৰদাৰ তদন্ত৷

You might also like