নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইটালীৰ মৃত্যু উপত্যকাত উদ্ধাৰ অভিযানত আছিল এজন অসম সন্তান, কোন তেওঁ ?

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ গভীৰ সংকটত প্ৰাচীন ইউৰোপয় সভ্যতা । ইটালীৰ চৌদিশে এতিয়া মৃত্যুৰ হাতবাউলী । ৰোম, মিলান এতিয়া মৃতদেহৰ দ’ম । এই মৃত্যু উপত্যকাত নিজৰ জীৱনক তুচ্ছ কৰি উদ্ধাৰ অভিযানত ব্যস্ত এজন অসম সন্তান । গৌতম বৰঠাকুৰ তেওঁৰ নাম ।

ইটালীত ক’ৰোনা ভাইৰাছে মৃত্যুদূত ৰূপ লোৱাৰ সময়তে দেশখনত বন্দি হৈ আছিল ৩০০ ভাৰতীয় । এনে সময়তে ৰোমত এয়াৰ ইণ্ডিয়াৰ এয়াৰপ’ৰ্ট মেনেজাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰা গৌতম বৰঠাকুৰে মূৰ পাতি লৈছিল প্ৰতিগৰাকী ভাৰতীয়ক উদ্ধাৰ কৰি নিজ দেশলৈ প্ৰেৰণ কৰাৰ ।

ইতিধ্যে ৰোম আৰু মিলানৰ সৈতে বহিঃবিশ্বৰ সকলো বিমান যোগাযোগ বিচ্ছিন্ন কৰি দিয়া হৈছে । তেনে অৱস্থাত এয়াৰ ইণ্ডিয়াই ৰোমলৈ প্ৰেৰণ কৰিছিল বয়িং ৭৭৭ এখন বিশেষ বিমান । এই বিমানেৰে যোৱা দেওবাৰে গৌতম বৰঠাকুৰে অশেষ কষ্টৰে উদ্ধাৰ কৰা ২৬৩ জন ভাৰতীয় যাত্ৰীক নিজ দেশলৈ প্ৰেৰণ কৰে । কিন্তু সেই মৃত্যুৰ হাতবাউলীৰ মাজতেই ৰৈ গ’ল গৌতম বৰঠাকুৰ ।

এয়াৰ ইণ্ডিয়াই কিছুদিন ইটালীত থকাটো বিচাৰিছে গৌতম বৰঠাকুৰক । যাৰ বাবে শেষৰ খন বিমানত ঘৰলৈ উভতিব নোৱাৰিলে অসম সন্তানজন । অৱশ্যে তেওঁ এতিয়া কুশলে আছে বুলি পৰিয়ালক জনাইছে ।

উল্লেখ্য যে গুৱাহাটীৰ হাতীগাঁও নিৱাসী গৌতম বৰঠাকুৰে ডেৰ বছৰ পূৰ্বে ৰোমত এয়াৰ ইণ্ডিয়াৰ মেনেজাৰ ৰূপে যোগদান কৰিছিল । ইয়াৰ পূৰ্বে এয়াৰ ইণ্ডিয়াৰ দিল্লীৰ কাৰ্যালয়ত তেওঁ বিষয়া হিচাপে আছিল ।

মৃত্যু উপত্যকাত মৃত্যুৰ সৈতে যুঁজি মানৱসেৱাৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰা অসম সন্তানজনক লৈ প্ৰতিজন অসমীয়াই গৌৰৱান্বিত । সকলোৰে প্ৰাৰ্থনা- কুশলে থাকক গৌতম বৰঠাকুৰ ।

You might also like