নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ কাল ৰূপ; বিবাহশূণ্য বহাগ

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ অৱশেষত ৰাহি যোৰা আহিছিল । বহু দিন পূৰ্বেই বিয়াৰ দিন বাৰো থিক হৈছিল । বিয়াৰ বাবে সকলো প্ৰস্তুতিয়ে যেন সম্পূৰ্ণ হৈ উঠিছিল । কিন্তু সকলোৰে আশাত যেন চেচা পানী ঢালিলে ক’ৰোনাই । দীৰ্ঘদিনৰ পৰা বহাগতেই পাতিম পাতিম বুলি একাংশই ভাবি থকা বিয়াখন শেষত ক’ৰোনা প্ৰতিৰোধৰ বাবে বলবৎ হোৱা লকডাউনৰ বাবে বাতিল হ’বলগীয়া হ’ল ।

        অসমীয়া সমাজত সৰ্বাধিক বিবাহকাৰ্য সম্পাদনা হোৱা মাহ হৈছে বহাগ । এই মাহতে সৰ্বাধিক ভাল কাম কৰাৰ বাবে সকলোৱে আগবাঢ়ি আহে । কিন্তু ত্ৰাস সৃষ্টি কৰা ক’ৰোনাৰ বাবে এইবাৰ যেন বহাগ মাহটো বিবাহশূণ্য হৈ ৰ’ল ।

বিবাহত বিঘিনি ঘটালে ক’ৰোনাই । উপায়ো নাই ! কিয়নো সমগ্ৰ বিশ্বতে ক’ৰোনাৰ কাল ৰূপে এতিয়া চানি ধৰিছে । বিধস্ত হৈছে বহু উন্নত দেশৰ অৰ্থনীতি । চীনৰ য়ুহানত প্ৰাদুৰ্ভাৱৰ সময়ত হয়তো কোনেও এবাৰলৈ ভবা নাছিল ক’ৰোনা ভাইৰাছৰ সংহাৰে মানৱ সভ্যতাক সংকটৰ গৰাহলৈ ঠেলি দিব । বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰী ঘোষণা কৰা এই ভাইৰাছৰ প্ৰকোপত জনস্বাস্থ্যৰ সমান্তৰালকৈ সামাজিক, অৰ্থনৈতিক প্ৰতিটো খণ্ডই সম্প্ৰতি বিপৰ্যস্ত । ক’ৰোনাৰ তাণ্ডৱে আমেৰিকাৰ দৰে প্ৰভাৱশালী দেশতো বৰ্তমান সংহাৰী ৰূপ ধাৰণ কৰিছে । কিন্তু ভাৰতত লকডাউনৰ ঘোষণাই এই সংহাৰী ৰূপত অলপ হ’লেও বাধা দিবলৈ সক্ষম হৈছে । কিন্তু ২১ দিনীয়া প্ৰথম পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত দেশত ভাইৰাছৰ সংক্ৰমণ হ্ৰাস নোহোৱাত পুনৰ ৩ মে’ লৈ এই লকডাউনৰ সীমা বৃদ্ধি কৰা হয় ।

বিবাহশূণ্য বহাগ

    যি কি নহওক পূৰ্বতে বিয়াৰ দিন থিক হৈ থকাৰ পাছতো বিবাহ অনুষ্ঠান সম্ভৱ নোহোৱাত সৰহসংখ্যকৰ মন ভাঙি পৰিলেও তাৰ মাজতে একাংশ বিবাহ প্ৰাৰ্থীয়ে আকৌ দেখুৱাইছে মানৱতাৰ নিদৰ্শন । এনে সংকটকালত সহায়ৰ বাবে আগবাঢ়ি আহি অসম আৰোগ্য নিধিলৈ বিয়াৰ বাবে সাচতীয়া ধনখিনি আগবঢ়াইছে একাংশ সচেতন লোকে ।

এক সাক্ষাৎকাৰত এগৰাকী জ্যোতিষীয়ে কোৱা মতে, জেঠ আৰু আহাৰ মাহটো আছে হেনো বিবাহৰ শুভ দিন । সেয়ে এই মাহত বিয়া পাতিব নোৱাৰাসকলে লকডাউন খুলিলে সামাজিক দূৰত্ব বজাই ৰাখি বহু পৰিকল্পিত বিয়াখন পাতিব পাৰিব ।

     সকলোৰে মনবোৰ সেমেকা যদিও সকলোৱে এতিয়া পৃথিৱী সুস্থ হোৱালৈ অধিৰ আগ্ৰহেৰে যেন বাট চাইছে । আমিও বিচাৰো ক’ৰোনা মুক্ত দেশ, ক’ৰোনা মুক্ত পৃথিৱী ।

  • প্ৰণৱ জ্যোতি মহন্ত
You might also like