নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত অধ্যাপকৰে গোপন বৈঠকত মিলিত হৈছিল শ্বাৰ্জিল

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ বিচ্ছিন্নতাবাদী মন্তব্যৰে দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা শ্বাৰ্জিল ইমামে আৰক্ষীৰ জেৰাত কেতবোৰ বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে । ৰাষ্ট্ৰদোহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা শ্বাৰ্জিলৰ অসমৰ সৈতে পূৰ্বৰে পৰা সম্পৰ্ক আছিল । ইয়াৰ পূৰ্বেও তেওঁ গুৱাহাটীলৈ আহিছিল । গুৱাহাটীলৈ আহোঁতে শ্বাৰ্জিলে এজন অধ্যাপকৰ লগত একাংশ মূধাফুটা ব্যক্তিৰ সৈতে আলোচনাত মিলিত হৈছিল ৷ মহানগৰীৰ পাণবজাৰস্থিত অসম আৰক্ষীৰ অপৰাধ শাখাৰ কার্যালয়ত শুকুৰবাৰে পুৱা প্রায় ৮ বজাৰ পৰা আৰক্ষীয়ে চলোৱা মাৰাথন জেৰাত এই বিস্ফোৰক স্বীকাৰোক্তি প্রদান কৰিছে শ্বার্জিল ইমামে ৷ অসম আৰক্ষীৰ এক শীর্ষ সূত্রই সংবাদ মাধ্যমক এই কথা সদৰী কৰে ৷

আৰক্ষী সূত্রটোৱে জনোৱা মতে, অসম তথা উত্তৰ–পূর্বাঞ্চলক লৈ কৰা বিতর্কিত মন্তব্য সন্দর্ভত কেইবাজনো শীর্ষ আৰক্ষী বিষয়াই শ্বার্জিলক পৃথকে পৃথকে জেৰা চলায় ৷ তদুপৰি অসম আৰু উত্তৰ–পূর্বাঞ্চলক লৈ কিয় বিচ্ছিন্নতাবাদী মন্তব্য কৰিছিল আৰু ইয়াৰ আঁৰত কোন কোন মানুহ জড়িত আছে, সেই বিষয়ে আৰক্ষীয়ে শ্বার্জিলক সোধা–পোছা কৰে৷ দেশ বিভাজনৰ চক্রান্তত অসমৰো কোনো ব্যক্তি জড়িত নেকি তথা ৰাজ্যখনৰ কোনো ব্যক্তিৰ সৈতে যোগসূত্র আছে নেকি বুলি সোধাত শ্বার্জিলে পূর্বেও গুৱাহাটীলৈ অহাৰ কথা স্বীকাৰ কৰে ৷ লগতে গুৱাহাটীলৈ আহোঁতে তেওঁ এজন অধ্যাপকৰ উপৰি একাংশ বিশিষ্ট ব্যক্তিৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা স্বীকাৰ কৰে ৷ অৱশ্যে শ্বার্জিলে অসমৰ কোন অধ্যাপক তথা কোন কোন ব্যক্তিৰ লগত বৈঠকত মিলিত হৈছিল, সেই বিষয়ে তদন্তৰ খাতিৰত সবিশেষ জনোৱাৰ পৰা বিৰত থাকে আৰক্ষীৰ সূত্রটো ৷

ইফালে নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী আন্দোলনক উচটনি দিয়া সন্দর্ভতো সোধা–পোছা কৰাত শ্বার্জিলে কেতবোৰ বিস্ফোৰক তথ্য সদৰী কৰা বুলি সূত্রটোৱে জনায় ৷ এই তথ্যৰ ভিত্তিত দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত (জে এন ইউ) গৱেষণা কৰা অসমৰ ধুবুৰী জিলাৰ গোলকগঞ্জৰ এজন ছাত্র আৰু শ্বার্জিল ইমামৰ সাক্ষাৎকাৰ লোৱা দিল্লীৰ কর্মৰত এগৰাকী সাংবাদিকৰ যোৰহাটৰ ঘৰত অপৰাধ শাখাৰ দলে আজি অভিযান চলায়৷ ইফালে দেশ বিভাজনৰ মন্তব্য সন্দর্ভত কোনো ভুল কথা কোৱা নাই বুলি জেৰাত শ্বার্জিলে মন্তব্য কৰাৰ লগতে তেওঁৰ সম্পূর্ণ ভাষণটো শুনিবলৈ আৰক্ষীক অনুৰোধ জনাইছে বুলি সূত্রটোৱে জানিবলৈ দিয়ে৷ লগতে আৰক্ষীৰ তদন্তত সম্পূর্ণ সহযোগ কৰিব বুলিও শ্বার্জিলে আৰক্ষীৰ আগত কোৱা বুলি সূত্রটোৱে জানিবলৈ দিছে৷ উল্লেখ্য যে শ্বার্জিলৰ দেশ বিভাজনৰ মন্তব্যৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্র থকাৰ গোন্ধ পাইছে অসম আৰক্ষীৰ বিশেষ শাখাই৷ এই সন্দর্ভত বিশেষ শাখাৰ বিষয়াৰ দল এটাই আজি অপৰাধ শাখাৰ কার্যালয়ত উপস্থিত হয় আৰু শ্বার্জিলক জেৰা কৰিবলৈ ইচ্ছা প্রকাশ কৰে৷ সেই অনুসৰি বিশেষ শাখাৰ দলেও শ্বার্জিলক অচিৰেই জেৰা কৰাৰ সম্ভাৱনা আছে৷ ইপিনে দেশ বিভাজনৰ মন্তব্য সন্দর্ভত ৰাজ্যৰ মৰিগাঁও থানাকে ধৰি আন একাংশ থানাত ৰুজু কৰা গোচৰত আৰক্ষীয়ে সংশ্লিষ্ট থানাসমূহলৈ নি শ্বার্জিলক জেৰা কৰিব নে গুৱাহাটীত পৃথকে পৃথকে জেৰা কৰিব, সেই বিষয়ে এতিয়াও নিশ্চিত কৰা হোৱা নাই বুলি সূত্রটোৱে জানিবলৈ দিয়ে৷ উল্লেখ্য যে ৰাষ্ট্রদ্রোহৰ গোচৰত জে এন ইউৰ গৱেষক ছাত্র শ্বার্জিল ইমামক দিল্লী আৰক্ষীয়ে যোৱা ২৮ জানুৱাৰীত বিহাৰৰ জেহানবাদৰ পৰা গ্রেপ্তাৰ কৰাৰ পাছত একে গোচৰত কালি গুৱাহাটীলৈ অনা হৈছিল৷ এন আৰ চি আৰু ‘কা’ৰ জৰিয়তে অসমৰ মুছলমানক হাৰাশাস্তি কৰা হৈছে আৰু দেশৰ সৈতে অসমৰ ৰে’ল যোগাযোগকে ধৰি সকলো সম্পর্ক ছেদ কৰিব লাগে বুলি শ্বার্জিলে প্রৰোচনামূলক মন্তব্য কৰিছিল৷ লগতে ভাৰতৰ পৰা অসমক বিচ্ছিন্ন কৰিব লাগে বুলি ভাষণ দিছিল৷ এনে মন্তব্যৰ পাছতে অসমতো শ্বার্জিলৰ বিৰুদ্ধে ৰাষ্ট্রদ্রোহৰ গোচৰ ৰুজু কৰা হৈছিল ৷

You might also like