নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত কেজৰিৱালৰ হেটট্ৰিক সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ?

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলত প্ৰায় নিশ্চিত হৈ পৰিছে যে পুনৰ বাৰ ৰাজধানীত কেজৰিৱালেই একক সংখ্যা গৰিষ্ঠ আসন লাভ কৰি চৰকাৰ গঠন কৰিব । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে- পূৰ্বে দিল্লীত আমি ৩ খন আসন দখল কৰিছিলো, কিন্তু এইবাৰ তাতকৈ আগুৱালো । অৰ্থাৎ আমি দিনকদিনে আমাৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত অগ্ৰসৰ হৈছো । নিৰ্বাচনত আমি যিমানখিনি ভোট পাইছো সেই হিচাপে পূৰ্বতকৈ দিল্লীৰ জনসাধাৰণে বিজেপিক আন্তৰিকতাৰে গ্ৰহণ কৰিছে ।

উল্লেখ্য যে দিল্লী বিধানসভা নিৰ্বাচনত বিজেপিৰ হৈ প্ৰধানমন্ত্ৰী মোদী সহ ১১ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু নেতাসকলে সৰ্বশক্তি প্ৰয়োগ কৰি প্ৰচাৰ চলাইছিল । আৰু এই নিৰ্বাচনী প্ৰচাৰতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিল্লীত বিজেপি জয়ী হ’লে নামঘৰ নিৰ্মাণৰো আশ্বাস প্ৰদান কৰিছিল ।

You might also like