নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১ টিকট নাপাব পাৰে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ! কাৰণটো ক’লে ৰঞ্জিত দাসে

নিয়মীমা বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ ২০২১ ত টিকট নাপাব পাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে । মন্ত্ৰী হিচাপে নহয়, বিধায়ক হিচাপেহে হ’ব মূল্যাংকন । সমষ্টি ভিত্তিত মূল্যাংকন হ’ব প্ৰতিজন বিজেপি বিধায়কৰ । তাৰ পাছত হে নিশ্চিত হ’ব টিকট ।– এই ঘোষণা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ ।

ইপিনে বিভিন্ন সমীক্ষাৰ দ্বাৰা সমষ্টিসমূহত উন্নয়নৰ মূল্যাকন চলোৱা হ’ব বুলিও ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে মন্তব্য কৰে।

উল্লেখ্য যে বিজেপিৰ প্ৰতিজন বিধায়কৰ মূল্যাংকন কৰাৰ উদ্দেশ্য এটাই, সেয়া হৈছে ২০২১ ৰ নিৰ্বাচনত বিজেপিৰ ১০০ খন আসনৰ দখল কৰাৰ লক্ষ্য ।

You might also like