নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯ ছেপ্টেম্বৰতে গোপনে থেংক ইউ লজত হৈছিল আৰক্ষীৰ পৰীক্ষা

চাকৰিপ্রত্যাশী নিবনুৱাক আশাহত কৰি দালাল চক্রৰ ধন সংগ্রহ

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ  দুর্নীতিমুক্ত–সুপ্রশা প্রতিশ্রুতি দিয়া চৰকাৰৰ দিনতো চৰকাৰী চাকৰিৰ নিযুক্তিক লৈ সক্রিয় হৈ আছে দালাল চক্র৷ আৰক্ষী–প্রশাসনৰ চকুত ধূলি দি দালাল চক্রই গঢ়ি তুলিছে নিযুক্তিৰ বজাৰ৷ লক্ষণীয়ভাৱে এই ঘটনাত একাংশ চৰকাৰী বিষয়া–কর্মচাৰী জড়িত হৈ থকাৰো অভিযোগ উত্থাপন হৈছে৷ চাকৰি প্রার্থী নিবনুৱাক আশাহত কৰি দিছপুৰৰ পৰা নিয়ন্ত্রিত হৈ থকা দালাল চক্রটোৱে চাকৰিৰ নামত লাখ লাখ টকা সংগ্রহ কৰি আহিছে৷ অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ পৰীক্ষাত একাংশ দালালে গোপনে ধনৰ বিনিময়ত চাকৰি দিয়াৰ বাবে সক্রিয় হৈ পৰিছিল৷ সেই ভয়ংকৰ তথ্য আৰক্ষীৰে অপৰাধ শাখাৰ তদন্তত শেহতীয়াকৈ পোহৰলৈ আহিছে৷

উল্লেখ্য যে অপৰাধ শাখাৰ দলে আজি মহানগৰীস্থিত ‘থেংক ইউ লজ’ত অভিযান চলাই কেতবোৰ বিস্ফোৰক তথ্য লাভ কৰে৷ যোৱা ২০ ছেপ্টেম্বৰত ৰাজ্যজুৰি অনুষ্ঠিত হ’ব লগা ৫৯৭টা পদৰ আনুষ্ঠানিক পৰীক্ষাৰ এদিন পূর্বে অর্থাৎ ১৯ ছেপ্টেম্বৰত দালাল চক্রই থেংক ইউ লজত গোপনে উপ–পৰিদর্শক পদৰ পৰীক্ষা অনুষ্ঠিত কৰিছিল৷ এই তথ্য লাভ কৰাৰ পাছতে অপৰাধ শাখাৰ এটা দলে আজি অতর্কিতে অভিযান চলাই থেংক ইউ লজত প্রায় ২৯জন প্রার্থীক ধনৰ বিনিময়ত উপ–পৰিদর্শক পদৰ পৰীক্ষাত বহাৰ ব্যৱস্থা কৰি দিয়াৰ তথ্য লাভ কৰে৷ এই সংক্রান্তত অভিযানকাৰী দলটোৱে লজখনৰ স্বত্বাধিকাৰী ক্রমে অলকেশ বৈশ্য, প্রাঞ্জল শর্মা, বিমল থাপা আৰু প্রণৱ বৰাক আটক কৰে৷ অপৰাধ শাখাৰ এক সূত্রই জনোৱা মতে, আটাইকেইজনকে ঘটনা সংক্রান্তত সোধা–পোছা কৰি থকা হৈছে৷

অভিযানকাৰী দলটোৱে উক্ত লজত পূর্বতেও চৰকাৰী চাকৰিৰ গোপন লিখিত পৰীক্ষা অনুষ্ঠিত কৰাৰ অভিযোগ লাভ কৰিছে৷ উপ–পৰিদর্শক পদৰ পৰীক্ষা গোপনে লজত অনুষ্ঠিত কৰা দুষ্কার্যত আৰু কোন কোন জড়িত, সেয়া অপৰাধ শাখাৰ সঠিক তদন্তত পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷ ইফালে, অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ পৰীক্ষাৰ প্রশ্ণকাকত ছপোৱাৰ দায়িত্ব লাভ কৰা বিতর্কিত বিজেপি নেতা দিবন ডেকাকো চি আই ডিয়ে আটক কৰি সোধা–পোছা কৰি আছে৷ দিবন ডেকাক সঠিকভাৱে জেৰা কৰিলে প্রশ্ণকাকত ফাদিলৰ ঘটনাত বহু ৰৌ–বৰালি চি আই ডিৰ জালত পৰা সম্ভাৱনা আছে৷ কাৰণ এইজন দিবন ডেকাই যোৱা ১৫ জুলাইত ছ’চিয়েল মিডিয়াত এটা পোষ্ট দিছিল৷ উক্ত পোষ্টত ডেকাই লিখিছিল– ‘অতি সোনকালে বৰভাগৰ যুৱ প্রজন্মৰ বাবে আহি থকা অসম চৰকাৰৰ বিভিন্ন বিভাগৰ চাকৰিবোৰৰ সাক্ষাৎকাৰৰ বাবে প্রয়োজনীয় প্রশিক্ষণ কেন্দ্রৰ ব্যৱস্থা কৰা হ’ব৷ কথা মতেই কাম কৰিবলৈ চেষ্টা কৰি যাম৷ জাতি–ধর্ম–দল নির্বিশেষে সকলোলৈ আহ্বান৷ এই কার্যসূচী সফল কৰক৷’

উল্লেখ্য যে অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ ৫৯৭টা পদৰ পৰীক্ষাৰ প্রশ্ণকাকত ছপোৱাৰ ঠিকা লাভ কৰাটো আগতীয়াকৈ নিশ্চিত হোৱাৰ পাছতে ছ’চিয়েল মিডিয়াত দিবন ডেকাই উক্ত পোষ্ট কৰা বুলি সন্দেহ ঘনীভূত হৈছে৷ এনে পৰিস্থিতিত দিবন ডেকাৰ বিৰুদ্ধে চি আই ডিয়ে সঠিকভাৱে তদন্ত কৰাটো বঞ্চিত চাকৰি প্রার্থীসকলে বিচাৰিছে৷ উল্লেখ্য যে যোৱা ২০ ছেপ্টেম্বৰত অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ ৫৯৭টা পদৰ পৰীক্ষা অনুষ্ঠিত হৈছিল যদিও পৰীক্ষা আৰম্ভ হোৱাৰ ১৫ মিনিট পাছত প্রশ্ণকাকত ফাদিল হোৱাত ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষ প্রদীপ কুমাৰে পৰীক্ষা বাতিল কৰাৰ নির্দেশ দিয়ে৷

You might also like