নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশা জুবিন গাৰ্গক আক্ৰমণৰ চেষ্টা ৬ দুৰ্বৃত্তৰঃ দিছপুৰ থানাত এজাহাৰ দাখিল

নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ বুধবাৰে নিশা জু-ৰোডৰ ষ্টুডিঅ’ৰ পৰা কাহিলিপাৰাৰ ঘৰলৈ গৈ থকা অৱস্থাত জুবিন গাৰ্গৰ বাহন গণেশগুৰিৰ গণেশ মন্দিৰৰ সন্মুখত আগভেটি ধৰে দুৰ্বৃত্তৰ দল এটাই। AS01BY 0675 এই নম্বৰৰ বাহন খনত আহিছিল দলটো। যুৱককেইজনে হাতত বিয়েৰৰ বটল লৈ নামি আহিছিল, উগ্ৰমূৰ্তি ধাৰণ কৰা দুৰ্বৃত্তৰ দলটোৱে জুবিনক অভব্য গালি-গালাজ কৰি আতিশায্য চলাইছিল। সম্পূৰ্ণ সুৰাসক্ত অৱস্থাত আছিল যুৱককেইজন। পিছত জুবিনৰ দেহৰক্ষী কেইজনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
জুবিনে এই সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে।

You might also like