নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মই এশ শতাংশ নিশ্চিত, আছুৱে অকলে চৰকাৰ গঠন কৰিব নোৱাৰে

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ আৰম্ভণিতেই কেণা লাগিছে কংগ্রেছে গঠন কৰিব বিচৰা মহাজোঁটৰ ৰাজনীতিত৷ আসন্ন বিধানসভা নির্বাচনত বিজেপি মিত্রজোঁটক উৎখাতৰ লক্ষ্যৰে কংগ্রেছ দলে এ আই ইউ ডি এফ, বি পি এফ, বাঁওপন্থী দলৰ লগতে অখিল গগৈ, আছুৰ নেতৃত্বত গঠন হ’বলগীয়া নতুন ৰাজনৈতিক দলৰ লগতে ‘কা’বিৰোধী শক্তিক ঐক্যবদ্ধ কৰি নির্বাচনত অৱতীর্ণ হোৱাৰ যি পৰিকল্পনা কৰিছিল, সেয়া যেন আৰম্ভণিতেই মৰহাৰ উপক্রম হৈছে৷ প্রথমৰ পৰাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অহা অগপৰ প্রতিষ্ঠাপক সভাপতি তথা প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই কংগ্রেছৰে জোঁটবন্ধনত আবদ্ধ হ’বলৈ অগ্রাহ্য কৰাৰ পাছত আছুৱেও কংগ্রেছৰ সেই প্রস্তাৱ প্রত্যাখ্যান কৰে৷ আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কালি সংবাদ মাধ্যমৰ আগত অতি স্পষ্টভাৱে আছুৰ নেতৃত্বত গঠন হ’বলগীয়া নতুন ৰাজনৈতিক দলটোৱে কংগ্রেছ, বিজেপি, অগপ, এ আই ইউ ডি এফ সকলো দলৰ পৰাই আঁতৰত থকাৰ ঘোষণা কৰি ২০২১ চনৰ বিধানসভা নির্বাচনত তেওঁলোকে অকলেই চৰকাৰ গঠন কৰিব বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে৷

লুৰিণজ্যোতি গগৈৰ সেই মন্তব্যৰ পাছত কংগ্রেছৰ প্রবীণ ৰাজনীতিক প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে আজি সংবাদ মাধ্যমৰ আগত কয় যে আছুৱে অকলে চৰকাৰ গঠন কৰিব নোৱাৰে৷ মই এশ শতাংশ নিশ্চিত৷ অসমত কংগ্রেছ, বিজেপিৰ দৰে বৃহৎ দলেই অকলে চৰকাৰ গঠন কৰিব নোৱাৰে৷ তেনে ক্ষেত্রত নির্বাচনলৈ মাজত মাত্র কেইটামান মাহ বাকী থকা অৱস্থাত নতুনকৈ দল এটা গঠন কৰি লুৰিণজ্যোতি গগৈয়ে অকলে চৰকাৰ গঠন কৰিব পাৰিব বুলি তেওঁ নাভাবে৷ অকলে চৰকাৰ গঠন কৰিবৰ বাবে দলটোক কমেও দহ বছৰ সময় লাগিব৷ নিজৰ সুদীর্ঘ ৰাজনৈতিক অভিজ্ঞতাৰ আধাৰত সেই মন্তব্য কৰি গগৈয়ে কয় যে আছুৰ নেতৃত্বত গঠন হ’বলগীয়া নতুন দলটোৱে কেইখনমান আসনত জিকিব পাৰে৷ কিন্তু অকলে চৰকাৰ গঠন কৰিব নোৱাৰে৷ সেয়া ১০০ শতাংশ নিশ্চিত৷ বৰং আছুক নোলোৱাকৈয়ে এইবাৰ কংগ্রেছে চৰকাৰ গঠন কৰিব পাৰিব বুলি উল্লেখ কৰি গগৈয়ে কয় যে তেওঁলোকে যিহেতু কংগ্রেছৰে মিত্রতা বিচৰা নাই, এতিয়াৰে পৰা কংগ্রেছেও তেওঁলোকক মিত্রতাৰ প্রস্তাৱ নিদিয়ে৷ কংগ্রেছে আছুৰ নেতৃত্বত হ’বলগীয়া দলটোৰে মিত্রতা বিচাৰি হাবাথুৰি খোৱা নাই৷ তেওঁলোকৰ সহায় অবিহনেও এইবাৰ কংগ্রেছে চৰকাৰ গঠন কৰিব৷ ইয়াৰ বাবে লুৰিণজ্যোতি গগৈয়ে পাছত ভাবিব লাগিব৷ কংগ্রেছৰ সৈতে মিলি থাকিলে তেওঁলোকেই বেছি লাভৱান হ’লহেঁতেন৷ মুঠতে কংগ্রেছৰ মহাজোঁটৰ প্রস্তাৱ আৰু ইটোৰ পাছত সিটো শক্তিয়ে প্রত্যাখ্যান কৰাৰ সেই প্রস্তাৱিত মহাজোঁট কিমান সফল হয়, সেয়া সময়তহে ক’ব পৰা যাব৷

You might also like