নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যজুৰি প্রতিবাদ দল–সংগঠনৰ মানৱ শৃংখল–প্রতিকৃতি দাহেৰে বিক্ষোভ

এছআই পৰীক্ষাৰ প্রশ্নকাকত ফাদিলক লৈ ক্ষোভ

নিয়মীয়া বাৰ্তা ২৫ ছেপ্টেম্বৰঃ   দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্রহণ কৰা বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰৰ কার্যকালত এটাৰ পাছত আন এটা নিযুক্তি কেলেংকাৰিয়ে প্রতিক্রিয়া সৃষ্টি কৰিছে৷ শেহতীয়াকৈ অসম আৰক্ষীৰ উপ–পৰিদর্শকৰ পদ পূৰণৰ বাবে অনুষ্ঠিত কৰা লিখিত পৰীক্ষাৰ প্রশ্ন কাকত ফাদিলৰ ঘটনাই ব্যাপক প্রতিক্রিয়া সৃষ্টি কৰিছে৷ ধনৰ বিনিময়ত উপ–পৰিদর্শকৰ পদ পূৰণৰ বাবে এটা চক্রই চলোৱা ষড়যন্ত্রৰ তথ্য পোহৰলৈ অহাৰ পাছতেই ইয়াৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰি ৰাজ্যজুৰি প্রতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল–সংগঠনে৷ এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি ৰাজ্যৰ প্রান্তে প্রান্তে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ প্রতিকৃতি দাহ কৰে সদৌ অসম ছাত্র সন্থাই (আছু)৷ গুৱাহাটীৰ লতাশিল খেলপথাৰৰ সন্মুখত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ প্রতিকৃতি দাহ কৰে সদৌ গুৱাহাটী ছাত্র সন্থাই৷ ৰাজ্য চৰকাৰ হায় হায়, গৃহ বিভাগ হায় হায়, নিবনুৱাৰ জীৱনক লৈ হেতালি খেলা বন্ধ কৰক আদি শ্লোগানেৰে সমগ্র অঞ্চলটোৰ আকাশ–বতাহ কঁপাই তোলে প্রতিবাদকাৰীসকলে৷ এই কার্যসূচীত উপস্থিত থাকি আছুৰ কার্যনির্বাহক সদস্য সীমান্ত ঠাকুৰীয়া আৰু তপন কলিতাই কয় যে অসমৰ লাখ লাখ অর্হতাসম্পন্ন নিবনুৱাৰ কঠোৰ পৰিশ্রম আৰু স্বপ্ণৰ লগত অসম চৰকাৰে বাৰম্বাৰ ল’ৰা–ধেমালি কৰি আহিছে৷ শীঘ্রে উপ–পৰিদর্শকৰ পদৰ লিখিত পৰীক্ষাৰ প্রশ্ণকাকত ফাদিল কৰা ঘটনাৰ সৈতে জড়িত দোষীক কৰায়ত্ত কৰি উপযুক্ত শাস্তি প্রদান কৰিবলৈও আছুৱে দাবী উত্থাপন কৰিছে৷ ইফালে, এই ঘটনাৰ চি বি আইৰ তদন্তৰ দাবী উত্থাপন কৰিছে বীৰ লাচিত সেনাই৷ বিবৃতিত সংগঠনটোৰ কেন্দ্রীয় সভাপতি কবীন্দ্র চেতিয়া ফুকন, মুখ্য সচিব ৰণ্টু পানীফুকনে কয় যে শেহতীয়া ঘটনাই ৰাজ্য চৰকাৰৰ স্বচ্ছ আৰু নিকা প্রশাসনৰ শ্লোগানৰ আঁৰৰ কলংকিত স্বৰূপ উদঙাই দিছে৷ অহা ২৬ ছেপ্ঢেম্বৰত এই সংগঠনটোৱে প্রশ্ন কাকত ফাদিল আৰু কেন্দ্রীয় চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিব বুলিও সদৰী কৰিছে৷
প্রশ্নকাকত ফাদিল ৰাজীৱ ভৱনৰ সমুখত পথ অৱৰোধ কৰি যুৱ কংগ্রেছৰ উত্তাল প্রতিবাদ
অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ বাছনিৰ বাবে হ’বলগীয়া লিখিত পৰীক্ষাৰ প্রশ্নকাকত ফাদিলৰ প্রতিবাদত আজি প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনৰ সন্মুখত কংগ্রেছে ৰাজপথ অৱৰোধ কৰি উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ প্রদেশ যুৱ কংগ্রেছৰ উদ্যোগত শতাধিক কংগ্রেছ কর্মীয়ে হাতে হাতে প্লেকার্ড লৈ এই নিযুক্তি কেলেংকাৰিৰ বিৰুদ্ধে প্রতিবাদ জনায়৷ প্রতিবাদী কংগ্রেছ কর্মীসকলে ‘বিজেপি গ’ বেক’, ‘সর্বানন্দ সোণোৱাল চৰকাৰৰ নিযুক্তিৰ দালালি বন্ধ কৰক’, ‘সর্বানন্দ সোণোৱাল হায় হায়’ শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে৷ প্রতিবাদী কংগ্রেছ কর্মীসকলে এই নিযুক্তি কেলেংকাৰি এ পি এছ চিৰ নিযুক্তি কেলেংকাৰিতকৈও অধিক ভয়াৱহ বুলি অভিহিত কৰি কয় যে বর্তমানৰ ৰাজ্য চৰকাৰখনৰ আমোলত নিযুক্তিৰ নামত স্বচ্ছতাৰ পৰিৱর্তে অধিক দুর্নীতি সংঘটিত হৈছে৷ ৭–৮টা বিভাগত আজিলৈকে সাক্ষাৎকাৰ অনুষ্ঠিত কৰিও ফলাফল ঘোষণা কৰিব পৰা নাই৷ পঞ্চায়ত আৰু গ্রামোন্নয়ন, এ পি ডি চি এল আদি বিভাগতো নিযুক্তিৰ নামত ব্যাপক কেলেংকাৰি সংঘটিত হৈছে৷ সোণোৱাল চৰকাৰক চাকৰিৰ বেচা–কিনা বন্ধ কৰিবলৈও কংগ্রেছীসকলে সকীয়াই দিয়ে৷
নাজিৰাত এন এছ ইউ আইৰ মানৱ–শৃংখল
অসম আৰক্ষীৰ উপ–পৰিদর্শক পদৰ লিখিত পৰীক্ষাৰ প্রশ্ণকাকত ফাদিলৰ ঘটনাক তীব্র গৰিহণা দি আজি ধোদৰআলিত মানৱ–শৃংখলেৰে প্রতিবাদ সাব্যস্ত কৰে নাজিৰা সমষ্টিৰ এন এছ ইউ আয়ে৷ চৰকাৰবিৰোধী শ্লোগানেৰে ছাত্র সংগঠনটোৱে নাজিৰাৰ আকাশ–বতাহ কঁপাই তোলে৷
মৰিগাঁৱত শতাধিক প্রতিবাদকাৰীক আটক
উপ–পৰিদর্শক পদৰ প্রশ্ণকাকত ফাদিলৰ ঘটনাৰ প্রতিবাদত আজি সদৌ মৰিগাঁও জিলা ছাত্র সন্থাই জিলা সদৰত মুখ্যমন্ত্রীৰ প্রতিকৃতি দাহ কৰি প্রতিবাদ সাব্যস্ত কৰে৷ জিলা ছাত্র সন্থাৰ সভাপতি হিমাংশু মহন্ত আৰু ভাৰপ্রাপ্ত সম্পাদক শিৱপ্রসাদ দাসৰ নেতৃত্বত ৰূপায়ণ কৰা এই প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰি শতাধিক আছু সদস্যই চৰকাৰবিৰোধী শ্লোগানেৰে অঞ্চলটোৰ আকাশ–বতাহ কঁপাই তোলাৰ লগতে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে৷ পৰৱর্তী সময়ত আৰক্ষীয়ে শতাধিক প্রতিবাদকাৰীক আটক কৰে৷
টীয়কত জ্বলালে মুখ্যমন্ত্রীৰ প্রতিকৃতি
টীয়ক আঞ্চলিক ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ আৰু চুতীয়া জাতি ছাত্র সন্থাই আজি যৌথভাৱে অসম আৰক্ষীৰ নিযুক্তি কেলেংকাৰিৰ প্রতিবাদত বিক্ষোভ প্রদর্শন কৰে৷ মুখ্যমন্ত্রীৰ পুত্তলিকা দাহ কৰাৰ লগতে ইয়াৰ উচিত তদন্তৰ দাবী কৰে৷
দৰঙতো প্রতিবাদ
সদৌ দৰং জিলা ছাত্র সন্থাই আজি অসম আৰক্ষীৰ নিযুক্তি কেলেংকাৰিৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰাৰ লগতে মুখ্যমন্ত্রীৰ প্রতিকৃতি দাহ কৰে৷ মঙলদৈৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথত দৰং জিলা ছাত্র সন্থাৰ উদ্যোগত আৰু আন্তঃমঙলদৈ ছাত্র সন্থাৰ সহযোগত এই প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ সদৌ দৰং জিলা ছাত্র সন্থাৰ ভাৰপ্রাপ্ত সভাপতি নিৰঞ্জন শইকীয়া, সাধাৰণ সম্পাদক পৰাগ কুমাৰ চহৰীয়া, মুখ্য সাংগঠনিক সম্পাদক প্রাঞ্জল কলিতা, আন্তঃমঙলদৈ ছাত্র সন্থাৰ সভাপতি অজয় শইকীয়া, সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকাকে ধৰি অর্ধশতাধিক সদস্যই অংশগ্রহণ কৰে৷
গৃহ চহৰতে মুখ্যমন্ত্রী সোণোৱালৰ পদত্যাগ দাবী
অসম আৰক্ষীৰ উপ–পৰিদর্শকৰ বাছনি পৰীক্ষাৰ প্রশ্ণকাকত ফাদিল হোৱাৰ বিৰুদ্ধে মুখ্যমন্ত্রী তথা গৃহ বিভাগৰো দায়িত্বত থকা সর্বানন্দ সোণোৱালৰ নিজ গৃহ চহৰতে ক্রমাগত প্রতিবাদ হৈছে৷ প্রশ্ন কাকত ফাদিল কাণ্ডৰ বিৰুদ্ধে আজিও ডিব্রুগড চহৰৰ চৌকীডিঙি চাৰিআলিত ডিব্রুগড় জিলা ছাত্র সন্থা আৰু সদৌ ডিব্রুগড় ছাত্র সন্থাৰ বিষয়ববীয়া তথা কর্মকর্তাসকলে তীব্র প্রতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্রী সোণোৱালৰ পুত্তলিকা দাহ কৰে৷ প্রতিবাদী আছু কৰ্মীসকলে গৃহ বিভাগৰ দৰে এটা গুৰুত্বপূর্ণ বিভাগৰ দয়িত্বত থাকিও সোণোৱালে নিজ বিভাগৰ চাকৰিৰ এটা পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাত ব্যর্থ হোৱাৰ পৰিপ্রেক্ষিতত তেওঁৰ পদত থকাৰ কোনো অধিকাৰ নাই বুলি হুংকাৰ দি শীঘ্রে তেওঁৰ পদত্যাগ দাবী কৰে৷

You might also like