নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইনী মেৰপেঁচত আবদ্ধ অগপৰ কেন্দ্রীয় কমিটীৰ বৈধতা

নেতৃত্বহীন অসম গণ পৰিষদ

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ  কার্যতঃ নেতৃত্ববিহীন হৈ পৰিছে ৰাজ্যৰ অন্যতম আঞ্চলিক দল তথা শাসকীয় মিত্রদল অসম গণ পৰিষদ৷ দলটোৰ সভাপতি ৰূপে অতুল বৰা আৰু কার্যকৰী সভাপতি ৰূপে কেশৱ মহন্তক নির্বাচিত কৰা সাধাৰণ পৰিষদৰ সিদ্ধান্ত কার্যকৰীকৰণত মঙলবাৰে কামৰূপ (মহানগৰ) জিলাৰ দেৱানী আদালতে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছত সেই সভাৰ সিদ্ধান্তমর্মে নির্বাচিত হোৱা সভাপতি, কার্যকৰী সভাপতি তথা কার্যনির্বাহক কমিটীখন এই মুহূর্তত অস্তিত্বহীন হৈ পৰিছে৷ স্বাভাৱিকতেই দলটোৰ সমগ্র কেন্দ্রীয় কমিটীখনৰেই এতিয়া বাস্তৱিক ক্ষেত্রত কোনো অস্তিত্ব নাথাকিব৷ উল্লেখ্য যে যোৱা ২৭ আগষ্টত দলটোৰ আমবাৰীস্থিত মুখ্য কার্যালয়ত অনুষ্ঠিত সাধাৰণ পৰিষদৰ বৈঠকত নতুন কমিটীখন গঠন কৰা হৈছিল৷ কিন্তু ইয়াৰ পাছতেই অগপৰ মহানগৰ কমিটীৰ তিনি বিষয়ববীয়া জিতেন ডেকা, হেমেন লহকৰ আৰু গিৰীন তালুকদাৰে উক্ত সাধাৰণ পৰিষদৰ বৈঠকখন অবৈধ বুলি দাবী কৰি আদালতৰ দ্বাৰস্থ হয়৷ মহানগৰ কমিটীৰ এই তিনি নেতাৰ আবেদনৰ ভিত্তিত কামৰূপ (ম) দেৱানী আদালতে উক্ত বৈঠকৰ সিদ্ধান্ত কার্যকৰীকৰণৰ ক্ষেত্রত স্থগিতাদেশ জাৰি কৰে৷ উক্ত দেৱানী আদালতখনে ২৬ আগষ্টতো দলটোৰ সাধাৰণ পৰিষদৰ বৈঠকখন অবৈধ বুলি ৰায়দান কৰি নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও আদালতৰ নির্দেশৰ প্রতিলিপি নাই পোৱা বুলি উল্লেখ কৰি অগপ নেতৃত্বই সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰিছিল৷ তাৎপর্যপূর্ণভাৱে উক্ত সাধাৰণ পৰিষদৰ বৈঠকলৈ অহা অগপৰ প্রতিষ্ঠাপক সভাপতি তথা প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই সিদিনাই আমবাৰীৰ অগপ কার্যালয়ত আদালতৰ নির্দেশ প্রদর্শন কৰি ন্যায়ালয়ে অবৈধ ঘোষণা কৰা সাধাৰণ পৰিষদত অংশ নলয় বুলি সদৰী কৰি সভা ত্যাগ কৰিছিল৷ মহন্তৰ এনে স্থিতিৰ পাছতে দলটোৰ নেতৃত্বকেন্দ্রিক সংঘাত উন্মোচিত হৈ পৰাৰ লগতে এতিয়া সমগ্র বিষয়টো আইনী মেৰপেঁচৰ মাজত সোমাই পৰিল৷

বুধবাৰে এই সম্পর্কত অগপ সভাপতি তথা ৰাজ্যৰ কৃষিমন্ত্রী অতুল বৰাই অগপৰ সাধাৰণ পৰিষদৰ বৈঠকখন দলৰ নতুন সংবিধান অনুসৰি অনুষ্ঠিত হোৱা বুলি উল্লেখ কৰাৰ লগতে এই সভাখন কোনো কাৰণতে অবৈধ হ’ব নোৱাৰে বুলি প্রকাশ কৰে৷ দলটোৰ আন এজন বিধায়ক পবিন্দ্র ডেকাই বুধবাৰে তাৎপর্যপূর্ণভাৱে অগপ নেতৃত্বই আদালতৰ এই ৰায়ক সন্মান জনোৱা উচিত বুলি কৰা মন্তব্য বিশেষভাৱে চর্চিত হৈছে৷ দেৱানী আদালতৰ এই নিষেধাজ্ঞাৰ পাছত অগপ নেতৃত্বৰ সন্মুখত এতিয়া বিষয়টো আইনীভাৱে প্রত্যাহ্বান জনোৱাৰ বাহিৰে বিকল্প পথ খোলা নাই৷ দলৰ নেতৃত্বই দেৱানী আদালতৰ এই নিষেধাজ্ঞাৰ স্থগিতাদেশ বিচাৰি আবেদন জনোৱাৰ লগতে উচ্চ ন্যায়ালয়ত এই ৰায়ৰ প্রত্যাহ্বান জনোৱাৰ পথ খোলা আছে৷ কিন্তু এই দুয়োটা প্রক্রিয়াৰ বাবে যথেষ্ট সময়ৰ প্রয়োজন হোৱাটো নিশ্চিত৷ কিয়নো ক’ৰোনাকেন্দ্রিক পৰিস্থিতিত এতিয়া ন্যায়ালয়ৰ নিয়মীয়া কাম–কাজৰ ক্ষেত্রতো বিভিন্ন বাধাৰ সৃষ্টি হৈ আহিছে৷ দীর্ঘদিনীয়া লকডাউনৰ বাবে ন্যায়ালয়ৰ মজিয়াত স্থবিৰ হৈ আছে বহু গুৰুত্বপূর্ণ গোচৰ৷ সেই বাবে এনে ৰাজনৈতিক দলৰ সাংগঠনিক বিষয়ক গোচৰৰ ক্ষেত্রত ন্যায়ালয়ে তাৎক্ষণিকভাৱে ৰায় দিয়াৰ সম্ভাৱনা অতিকে ক্ষীণ৷ বিধানসভা নির্বাচনলৈ আৰু প্রায় ছমাহ সময় বাকী থকা অৱস্থাত এই বিষয়টো আইনী মেৰপাকত সোমাই পৰাৰ পৰিপ্রেক্ষিতত দলৰ সাংগঠনিক কাম–কাজ আগবঢ়াই নিয়াটো যথেষ্ট জটিল হৈ পৰাটো নিশ্চিত৷ ইফালে, দলৰ কেন্দ্রীয় কার্যনির্বাহক কমিটীখনকে নিম্ন আদালতে অবৈধ বুলি ৰায়দান কৰাৰ পাছত এই কমিটীখনে গ্রহণ কৰা সিদ্ধান্তসমূহো অবৈধ হিচাপে বিবেচিত হোৱাটো হৈ পৰিছে দলটোৰ বাবে আন এক মূৰৰ কামোৰণি৷ কিয়নো এই সময়ত বিধানসভাৰ নির্বাচনকেন্দ্রিক বিভিন্ন সিদ্ধান্ত লোৱাৰ প্রয়োজনীয়তা আহি পৰিছে দলৰ কেন্দ্রীয় কমিটীৰ৷ আন ৰাজনৈতিক দলসমূহে দলীয় প্রার্থিত্ব, নির্বাচনী মিত্রতা, প্রচাৰাভিযান আদিৰ ক্ষেত্রত বিভিন্ন সভা–সমিতি আয়োজনকে ধৰি গুৰুত্বপূর্ণ সিদ্ধান্ত লৈ থকাৰ সময়ত অগপৰ সন্মুখত আহি পৰা আইনী জটিলতাই দলটোক শ’লঠেকত পেলোৱাটো নিশ্চিত৷

You might also like