নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুন্দৰপুৰত ১০০ প্রার্থীৰে পৰীক্ষাৰ আখৰা অগপ নেতাৰ

এছআই নিযুক্তি কেলেংকাৰিত বিজেপি–অগপ নেতা

নিয়মীয়া বাৰ্তা ২৫ ছেপ্টেম্বৰঃ   ৰাজ্য চৰকাৰৰ দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতিক বুঢ়া আঙুলি দেখুৱাই অসমত ক্রমাৎ শক্তিশালী হৈ উঠিছিল নিযুক্তি ছিণ্ডিকেট চক্র৷ পঞ্চায়ত–গ্রামোন্নয় পৰা আৰম্ভ কৰি শেহতীয়াকৈ অসম আৰক্ষীৰ নিযুক্তি প্রক্রিয়ালৈ সকলোতে বিয়পি আছিল ছিণ্ডিকেট বাহিনীৰ হাতোৰা৷ মূলতঃ কেইটামান ঠিকাদাৰী প্রতিষ্ঠানৰ দ্বাৰা পৰিচালিত এই ছিণ্ডিকেটৰ পৃষ্ঠপোষকতা আগবঢ়াইছিল শাসকীয় শিবিৰৰ কেইবাগৰাকীও প্রভাৱশালী নেতাই৷ আৰক্ষীৰ উপ–পৰিদর্শক পদৰ প্রশ্ণকাকত ফাদিলৰ তদন্ত আগবঢ়াৰ লগে লগে ছিণ্ডিকেট চক্রৰ মুখাও খোল খাব ধৰিছে৷ প্রশ্ণকাকত ফাদিলৰ কলংকিত ঘটনাত বিজেপি নেতা দিবন ডেকা জড়িত থকাটো স্পষ্ট হৈ পৰাৰ পাছত এইবাৰ উক্ত কেলেংকাৰিত সাঙোৰ খাইছে অসম গণ পৰিষদৰ এগৰাকী যুৱ নেতাৰ নাম৷ বিগত লোকসভা নির্বাচনৰ আগে আগে অসমৰ এটা জাতীয় সংগঠন ত্যাগ কৰি অগপত যোগ দিছিল এইগৰাকী নেতাই৷ তেওঁ শাসনাধিষ্ঠিত চৰকাৰৰ এজন প্রভাৱশালী মন্ত্রীৰ ঘনিষ্ঠ আত্মীয়ও৷ বিজেপি নেতা দিবন ডেকাৰ দৰেই অগপৰ এইগৰাকী যুৱ নেতায়ো বক্র পথেৰে বহু যুৱকক অসম আৰক্ষীৰ উপ–পৰিদর্শক পদত নিযুক্তি দিয়াৰ যো–জা চলাইছিল৷ কিন্তু এশ গৰু মাৰিলে বাঘৰো মৰণ হোৱাৰ দৰেই এইবাৰ ধনৰ বিনিময়ত নিযুক্তি প্রদানত সফল নহ’ল ছিণ্ডিকেট বাহিনী৷ ধৰা পৰিল আৰক্ষীৰ নিযুক্তি কেলেংকাৰিত৷ শাসকীয় দলৰ নেতাৰ পৃষ্ঠপোষকতা পাই ছিণ্ডিকেট চক্রটো বেপৰোৱা হৈ পৰে আৰু লজ–ভাৰাঘৰত স্থাপন কৰি লয় পৰীক্ষা কেন্দ্র৷ চাকৰিৰ নামত মুকলি বজাৰ স্থাপনৰ পাছতে নিযুক্তিৰ ক’লা বজাৰখন উন্মোচিত হৈ পৰে৷ সমান্তৰালভাৱে নিযুক্তি কেলেংকাৰিৰ পৃষ্ঠপোষকতা কৰা অগপ–বিজেপি নেতাৰ পৰিচয়ো পোহৰলৈ আহে৷ কিন্তু লক্ষণীয় কথাটো হ’ল, বিজেপি চৰকাৰৰ আমোলত সংঘটিত হৈ অহা এই বৃহৎ নিযুক্তি কেলেংকাৰিৰ আঁত ধৰিছিল কেইবাটাও অতি বিতর্কিত ঠিকাদাৰী প্রতিষ্ঠানে৷ এই প্রতিষ্ঠানকেইটাই আৰক্ষীৰ উপ–পৰিদর্শক পদৰ নিযুক্তি পৰীক্ষাৰ ঠিকা লাভ কৰে৷ সেই বাবে আৰম্ভণিৰ পৰাই সমগ্র প্রক্রিয়াটো সন্দেহৰ আৱর্তত সোমাই পৰিছিল৷ কিন্তু গৃহ বিভাগে বিষয়টোত যথোচিত গুৰুত্ব প্রদান নকৰা বাবেই পৰীক্ষাত অৱতীর্ণ হোৱা ৬৬ হাজাৰ নিবনুৱা পৰীক্ষা কেন্দ্রৰ পৰা বিমুখ হৈ উভতিবলগীয়া হ’ল৷

উল্লেখ্য যে অসমত সর্বানন্দ সোণোৱালৰ কার্যকালত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত সংঘটিত হৈছিল প্রথমটো মুকলি দুর্নীতি৷ বিভাগটোৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব যদিও বহিঃৰাজ্যৰ এটা প্রতিষ্ঠানে লাভ কৰিছিল, অসমত কার্যতঃ পৰীক্ষা অনুষ্ঠিত কৰিছিল প্রাঞ্জল বৰুৱা নামৰ বিতর্কিত ব্যক্তিজনৰ প্রতিষ্ঠানে৷ এইগৰাকী প্রাঞ্জল বৰুৱাৰ ঘনিষ্ঠ সহযোগী হ’ল বিজেপি নেতা দিবন ডেকা৷ যাৰ বাবে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত বিজেপি নেতা–পালিনেতাৰ অনেক অঙহী–বঙহীয়ে নিযুক্তি লাভ কৰাৰ লগতে দিবন ডেকাৰ পত্নীয়েও চাকৰি লাভ কৰে৷ একেটা প্রতিষ্ঠানে বন বিভাগৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰে যদিও অনেক বেমেজালিৰ বাবে আজিপর্যন্ত উক্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা নহ’ল৷ উল্লেখ কৰি থোৱাটো ভাল হ’ব যে অসমৰ ইতিহাসত প্রথমবাৰৰ বাবে আৰক্ষীৰ ভেৰিফিকেচন নোহোৱাকৈ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগতে নিযুক্তি প্রদান কৰা হৈছিল৷ ইয়াৰ পৰৱর্তী পর্যায়ত জলসিঞ্চন বিভাগত নিযুক্তি পৰীক্ষাৰ ঠিকা দিয়া হয় প্রাঞ্জল বৰুৱাৰ লগত সু–সম্পর্ক ৰক্ষা কৰি অহা প্রসেনজিৎ খাউণ্ড আৰু সভাপণ্ডিত উপাধিৰ ব্যক্তি দুগৰাকীৰ প্রতিষ্ঠানক৷ খাউণ্ডৰ প্রকৃত ঘৰ হৈছে নগাঁও জিলাৰ কলিয়াবৰত৷ বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পাছতে খাউণ্ড–সভাপণ্ডিতৰ কোম্পানীয়ে নিযুক্তি পৰীক্ষাৰ ঠিকাত নামি পৰে৷ নগাঁৱৰ অগপ নেতাগৰাকী খাউণ্ডৰ জৰিয়তেই নিযুক্তি প্রক্রিয়াসমূহৰ লগত জড়িত হৈ পৰে৷ খাউণ্ড–সভাপণ্ডিতৰ প্রতিষ্ঠানে অনুষ্ঠিত কৰা জলসিঞ্চন বিভাগৰ পৰীক্ষাও সম্প্রতি ন্যায়ালয়ৰ বিচাৰাধীন৷ এইবাৰ অসম আৰক্ষীৰ উপ–পৰিদর্শকৰ নিযুক্তিৰ ঠিকা খাউণ্ড–সভাপণ্ডিতে লাভ কৰা নাছিল যদিও প্রাঞ্জল বৰুৱাৰ জৰিয়তে তেওঁলোকে নিযুক্তি প্রক্রিয়াটোৰ লগত সাঙোৰ খাই পৰে৷ সেইমর্মে ঠিকাদাৰী প্রতিষ্ঠানকেইটাৰ স্বত্বাধিকাৰীসকলৰ লগতে অগপ–বিজেপিৰ নেতাকেইজনেও নিযুক্তিৰ প্রতিশ্রুতিৰে নিবনুৱাসকলৰ পৰা ধন সংগ্রহ আৰম্ভ কৰে৷ অসমৰ ভিন্ন প্রান্তত ঠিকাদাৰী প্রতিষ্ঠানৰ এজেণ্টে সোঁৱে–বাঁৱে ধন সংগ্রহ কৰাৰ উপৰি উজনি অসমত ফুকন উপাধিৰ এজন বিজেপি নেতায়ো বহু নিবনুৱাৰ পৰা উৎকোচ সংগ্রহ কৰাৰ অভিযোগ উঠিছে৷ ইয়াৰ পাছত তেওঁলোকে নিযুক্তিৰ পথ মসৃণ কৰিবলৈ আগতীয়াকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়৷ গণেশগুৰিৰ থেংক ইউ লজৰ সমান্তৰালভাৱে সুন্দৰপুৰৰ এটা ভাৰাঘৰতো আগতীয়াকৈ উপ–পৰিদর্শক পদৰ পৰীক্ষা অনুষ্ঠিত হৈছিল৷ য’ত প্রায় ১০০গৰাকী প্রার্থী পৰীক্ষাত অৱতীর্ণ হোৱা বুলি জানিব পৰা গৈছে৷ ফাদিল হোৱা প্রশ্ণকাকতেৰে সুন্দৰপুৰত পৰীক্ষা অনুষ্ঠিত হৈছিল অগপ নেতাগৰাকীৰ তত্ত্বাৱধানত৷ এইদৰে শাসকীয় নেতাৰ পৃষ্ঠপোষকতাত ঠিকাদাৰী প্রতিষ্ঠানৰ জৰিয়তে চলি অহা নিযুক্তি ছিণ্ডিকেটৰ এয়াই প্রথমটো ঘটনা নহয়৷ অগপ–বিজেপি নেতাৰ সহযোগত বৰুৱা–খাউণ্ড–সভাপ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ নিযুক্তিৰ সময়ৰ পৰাই এই ছিণ্ডিকেট চলাই আহিছে৷ সেই সময়ত ৰাজ্য চৰকাৰে চকুমুদা কুলিৰ ভাও নোলোৱা হ’লে আজিৰ অবাঞ্ছিত পৰিস্থিতিৰ নিশ্চয় সন্মুখীন হ’বলগীয়া নহ’লহেঁতেন৷

You might also like