নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দাইল–পিঁয়াজ আলু–খোৱা তেল, এতিয়া নহয় অত্যাৱশ্যকীয় সামগ্রী

দেশজোৰা প্রতিবাদ–বিক্ষোভক উপেক্ষাঃ ৰাজ্যসভাত গৃহীত এছেন্সিয়েল কম’ডিটিজ বিল

নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ   বিতর্কৰ আৱর্তত সোমাই পৰা ‘কৃষি বিধেয়ক’ৰ বিৰুদ্ধে দেশত অব্যাহত থকা প্রতিবাদ–বিক্ষোভক কার্যতঃ উপেক্ষা কেন্দ্রীয় চৰকাৰৰ৷ ‘কৃষি বিধেয়ক’ৰ অন্যতম অংশ ‘দ্য এছেন্সিয়েল কম’ডিটিজ (এমেণ্ডমেণ্ট) বিল–২০২০’ মঙলবাৰে বিৰোধীশূন্য ৰাজ্যসভাত গৃহীত কৰিলে চৰকাৰী পক্ষই৷ ধ্বনি ভোটত গৃহীত হোৱা এই বিধেয়কখনৰ জৰিয়তে দাইল, আলু, পিঁয়াজ, খোৱা তেল, তৈল বীজ আদিক অত্যাৱশ্যকীয় সামগ্রীৰ তালিকাৰ পৰা কর্তন কৰা হৈছে৷ অর্থাৎ এতিয়াৰে পৰা দাইল, আলু, পিঁয়াজ, খোৱা তেল, তৈল বীজ আদি অত্যাৱশ্যকীয় সামগ্রী নহ’ব৷ অৱশ্যে নির্দিষ্ট বিধি অনুসৰি বিধেয়কখন ৰাষ্ট্রপতি ভৱনলৈ প্রেৰণ কৰা হ’ব আৰু ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে তাত স্বাক্ষৰ কৰাৰ পিছতেই সংশোধনী বিধেয়কখন পৰিণত হ’ব আইনত৷

উল্লেখ্য যে বিৰোধীৰ তীব্র প্রতিবাদৰ মাজতেই যোৱা ১৪ ছেপ্টেম্বৰত কেন্দ্রীয় গ্রাহক পৰিক্রমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ ৰাজ্যমন্ত্রী দানৱেই ৰাওচাহেব দাদাৰাৱে ১৯৫৫ চনৰ অত্যাৱশ্যকীয় পণ্য আইনত সংশোধনী সম্পর্কীয় এই বিধেয়কখন লোকসভাত উত্থাপন কৰিছিল৷ ক’ৰোনাৰ মোকাবিলাৰ মাজতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঘোষণা কৰা ‘আত্মনির্ভৰ ভাৰত অভিযান’ৰ অংশ হিচাপে যোৱা ৫ জুনত বলৱৎ হোৱা এই সম্পর্কীয় অধ্যাদেশখনৰ স্থলাভিষিক্তৰ লক্ষ্যৰে প্রস্তুত কৰা বিধেয়কখন যোৱা ১৫ ছেপ্টেম্বৰত গৃহীত হৈছিল লোকসভাত৷ এই বিধেয়কখন আইনত পৰিণত অর্থাৎ কার্যকৰী হোৱাৰ লগে লগে উল্লিখিত কৃষি পণ্যসমূহৰ ওপৰত চৰকাৰৰ নিয়ন্ত্রণ নাথাকিব৷ সেইদৰে নাথাকিব কোনো মজুতকৰণৰ ঊর্ধ্বতন সীমাও৷ কেৱল অস্বাভাৱিক পৰিস্থিতিতহে চৰকাৰে এনে সামগ্রীসমূহৰ মজুতকৰণ, বিক্রী আৰু অন্যান্য বিষয়ৰ ওপৰত নিয়ন্ত্রণ কৰিব পাৰিব৷ অস্বাভাৱিক পৰিস্থিতি হিচাপে বান, খৰাঙৰ দৰে ভয়াৱহ প্রাকৃতিক দুর্যোগ, যুদ্ধ, দুর্ভিক্ষ, অত্যধিক মূল্যবৃদ্ধি আদিৰ কথা সংশোধনী বিধেয়কখনত উল্লেখ কৰা হৈছে৷ বিৰোধী শিবিৰে বিধেয়কখনক তীব্র সমালোচনা কৰাৰ বিপৰীতে কেন্দ্রীয় গ্রাহক পৰিক্রমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ ৰাজ্যমন্ত্রী দানৱেই ৰাওচাহেব দাদাৰাৱে আজি উচ্চ সদনৰ মজিয়াত হোৱা বিতর্কৰ উত্তৰ দি ইয়াৰ জৰিয়তে কৃষক আৰু গ্রাহক উভয়ে উপকৃত হ’ব বুলি দাবী কৰে৷ তেওঁ কয় যে ১৯৫৫ চনৰ অত্যাৱশ্যকীয় পণ্য আইনৰ সংশোধনী কার্যকৰী হোৱাৰ ফলত কৃষকসকলে শস্যৰ উৎপাদন মজুতকৰণ, পৰিবহণ, বিতৰণ আৰু বিক্রীৰ স্বাধীনতা লাভ কৰিব৷ ইয়াৰ লগে লগে কৃষিখণ্ডত দেশ–বিদেশৰ ডাঙৰ ডাঙৰ সংস্থাসমূহৰ দ্বাৰা বিপুল বিনিয়োগৰ সম্ভাৱনাৰ পথ মুকলি হ’ব৷ বিধেয়কখনৰ জৰিয়তে কৃষি সামগ্রী মজুতকৰণৰ ঊর্ধ্বসীমা প্রত্যাহাৰ কৰা সন্দর্ভত তেওঁ কয় যে ইয়াৰ ফলত ফচল উৎপাদনৰ পিছত যিমান সম্ভৱ সিমানেই মজুত কৰিব পৰা যাব৷ কৃষকসকলৰ উৎপাদিত শস্য নষ্ট হোৱা বা কম মূল্যত বিক্রী হোৱাৰ সম্ভাৱনা নাথাকিব৷ আইনখনত অনা সংশোধনীৰ দ্বাৰা কৃষক আৰু উপভোক্তা দুয়ো পক্ষই লাভান্বিত হ’ব৷ কৃষকৰ দুগুণ আয় আমাৰ প্রতিশ্রুতি আছিল৷ এই প্রতিশ্রুতি পূৰণত সংশোধনী বিধেয়কখন এক গুৰুত্বপূর্ণ পদক্ষেপ৷ সংশোধনী বিধেয়কখন কিয় সংসদত উত্থাপন কৰিবলগীয়া হ’ল, সেই সন্দর্ভতো আজি ৰাজ্যসভাত চৰকাৰী পক্ষই যুক্তি দাঙি ধৰে৷ এই সন্দর্ভত কোৱা হয় যে ১৯৫৫ চনত আইনখন প্রণয়নৰ সময়ত দেশত খাদ্য সংকট আছিল৷ যাৰ বাবে খাদ্য সামগ্রী আমদানি কৰিবলগীয়া হৈছিল বিদেশৰ পৰা৷ পিছে এতিয়া দেশত খাদ্য সামগ্রীৰ উৎপাদন বহুগুণে বৃদ্ধি পাইছে৷ আমদানিৰ পৰিৱর্তে এতিয়া ভাৰতে খাদ্যশস্য ৰপ্তানি কৰিবলৈ সক্ষম৷ প্রতিবছৰে উৎপাদিত খাদ্য সামগ্রী ৰাহি হয়৷ কেতিয়াবা উৎপাদন বেছি হ’লে কৃষকসকলে আনকি লোকচানৰো সন্মুখীন হ’বলগীয়া হয়৷ এনেবোৰ কাৰণতেই অত্যাৱশ্যকীয় পণ্য আইনখনত সংশোধনী অৱশ্যম্ভাৱী হৈ পৰিছিল৷

কেন্দ্রীয় চৰকাৰৰ এনে দাবীক একমুখে নস্যাৎ কৰিছে বিৰোধী শিবিৰে৷ বিৰোধীৰ মতে, এই বিধেয়কখন উভয় সদনতে পাছ হোৱাৰ পিছত আইনত পৰিণত হ’লে অত্যাৱশ্যকীয় সামগ্রীৰ বজাৰ সম্পূর্ণৰূপে পুঁজিপতি গোষ্ঠীৰ নিয়ন্ত্রণলৈ যাব৷ পুঁজিপতি গোষ্ঠীয়ে ইচ্ছামতে কম মূল্যত কৃষি শস্য ক্রয় আৰু মজুত কৰি বজাৰত কৃত্রিম নাটনিৰ সৃষ্টি কৰিব পাৰিব৷ অকল সেয়াই নহয়, কৃত্রিম নাটনিৰ সৃষ্টিৰে আকাংশলংঘী মূল্যবৃদ্ধি ঘটাই মুনাফা অর্জন কৰিব৷ ইয়াৰ ফলত কৃষকসকল ক্ষতিগ্রস্ত হোৱাৰ সমান্তৰালভাৱে মাধমাৰ পৰিব মধ্যবিত্তৰ মূৰতো৷ মন কৰিবলগীয়া যে আজি বিধেয়কখন গৃহীত হোৱাৰ সময়ত ৰাজ্যসভাত নাছিল বিৰোধী শিবিৰ৷ ‘কৃষি বিধেয়ক’ক লৈ অসংসদীয় আচৰণ কৰাৰ অভিযোগত নিলম্বিত ৮ সাংসদৰ নিলম্বন প্রত্যাহাৰৰ দাবীত আজি সদনৰ কার্যসূচী আৰম্ভ হোৱাৰ সময়তে ৰাজ্যসভা বয়কট কৰি ওলাই যায় কংগ্রেছ, বাঁও শিবিৰ, তৃণমূল কংগ্রেছ, সমাজবাদী পার্টী আৰু এনচিপিৰ সদস্যসকলে৷ কেৱল বিজেপি আৰু তেওঁলোকৰ সহযোগী দল জে ডি ইউৰ উপৰি এআইএডিএমকে, বিজেডি, ৱাই এছ আৰ কংগ্রেছ আৰু টিডিপিৰ সাংসদসকলহে উপস্থিত আছিল৷ বিৰোধীশূন্য অৱস্থাতে মাত্র চাৰে তিনি ঘণ্টা সময়ৰ ভিতৰত আজি ৰাজ্যসভাত ‘দ্য এছেন্সিয়েল কম’ডিটিজ (এমেণ্ডমেণ্ট) বিল–২০২০’সহ সাতখনকৈ বিধেয়ক গৃহীত হয়৷ গুৰুত্বপূর্ণ বাকী ছয়খনৰ ভিতৰত এখন হৈছে নতুনকৈ স্থাপন কৰিবলগীয়া ৫খন ইণ্ডিয়ান ইনষ্টিটিউট অৱ ইনফ’ৰমেচন টেক্ন’ল’জী সম্পর্কীয়৷ তদুপৰি দ্য বেংক ৰেগুলেচন (এমেণ্ডমেণ্ট) বিল, দ্য কম্পেনিজ (এমেণ্ডমেণ্ট) বিল, দ্য নেচনেল ফ’ৰেনছিক ছায়েন্সেছ ইউনিভার্ছিটী বিল, ৰাষ্ট্রীয় ৰক্ষা ইউনিভার্ছিটী বিল আৰু দ্য টেক্সেচন এণ্ড আদাৰ ল’জ (ৰিলাক্সেচন এণ্ড এমেণ্ডমেণ্ট অৱ চার্টেইন প্র’ভিজন) বিল৷

You might also like