নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিতাধিকাৰী সৃষ্টি নহয়, দুখীয়াক সহায়ৰ উদ্দেশ্যেহে চৰকাৰে গ্রহণ কৰিছে আঁচনিঃ ড০ শর্মা

‘অৰুন্ধতী স্বর্ণ’ আঁচনিৰ আর্থিক সাহায্য প্রদানৰ শুভাৰম্ভ মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ২৫ ছেপ্টেম্বৰঃ   বিবাহযোগ্য যুৱতীক অসমীয়া পৰম্পৰা অনুসৰি স্বর্ণ অলংকাৰ প্রদানত আর্থিকভাৱে সমর্থ নোহোৱা পৰিয়ালক সকাহ দিবলৈ আজি ৰাজ্য চৰকাৰে মুকলি কৰিলে অৰুন্ধতী স্বর্ণ আঁচনি৷ কইনাৰ সোণসেৰীয়া ভৱিষ্যতৰ সপোন বাস্তৱায়িত কৰাৰ লক্ষ্যৰে এই আঁচনিৰ জৰিয়তে দুখীয়া পৰিয়ালক সাহায্য প্রদান কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আজি এক অনুষ্ঠানত এই আঁচনিখন শুভাৰম্ভ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ ঘোষণা– যি সামাজিক ঘটনাপ্রৱাহে সমাজখনক দুর্বল কৰিব পাৰে, সেইবোৰ নাইকিয়া কৰাৰ লক্ষ্যৰে অৰুন্ধতী স্বর্ণ আঁচনি হাতত লৈছে চৰকাৰে৷ এই আঁচনিৰ জৰিয়তে প্রতিগৰাকী বিবাহিত যুৱতীক অদূৰ ভৱিষ্যতে আইনী সুৰক্ষা প্রদান কৰিব পাৰিব৷ কিয়নো এই আঁচনিৰ সুবিধা ল’বলৈ বিবাহ পঞ্জীয়ন কৰাটো বাঞ্ছনীয়৷ এই বিবাহ পঞ্জীয়নে প্রতিগৰাকী কইনাক সামাজিক নিৰাপত্তা প্রদান কৰিব৷ উল্লেখ্য যে চলিত বর্ষৰ বাজেট ভাষণত ৰাজ্য চৰকাৰৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অৰুন্ধতী স্বর্ণ আঁচনিখনৰ কথা ঘোষণা কৰিছিল৷ সেই ঘোষণা অনুসৰি কোনো দৰিদ্র পিতৃ–মাতৃৰ বিবাহ উপযুক্ত কন্যাক এক তোলাকৈ সোণ প্রদান কৰা হ’ব৷ উক্ত ঘোষণা অনুসৰিয়ে যোৱা ১ এপ্রিলৰ পৰা বিবাহপাশত আবদ্ধ হোৱা নৱদম্পতীয়ে বিবাহ পঞ্জীয়নৰ জৰিয়তে এই আঁচনিৰ সুবিধা লাভ কৰিব৷ এই উদ্দেশ্যে বৃহস্পতিবাৰে এক অনুষ্ঠানত আঁচনিখন শুভাৰম্ভ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ৩০খন জিলাৰ ১০০ নৱদম্পতীক সোণ ক্রয়ৰ বাবে ৪০ হাজাৰ টকাৰ নূ্যনতম আর্থিক সাহায্য আগবঢ়ায়৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সোণোৱালে কয়– আমি ৰাজ্যখনৰ প্রতিগৰাকী ব্যক্তিক সবলীকৰণ কৰাৰ বাবে বিভিন্ন আঁচনি গ্রহণ কৰিছোঁ৷ বয়োজ্যেষ্ঠসকলে যাতে নিঃসংগতা অনুভৱ নকৰে, মর্যাদা আৰু সন্মান সহকাৰে জীয়াই থাকিব পাৰে, দিব্যাংগসকলেও যাতে সামাজিক মর্যাদা অক্ষুণ্ণ ৰাখি জীৱন যাপন কৰিব পাৰে, এই লক্ষ্যৰে চৰকাৰখনে আঁচনি প্রস্তুত কৰিছে৷ বিভিন্ন ধৰণৰ আঁচনিৰ যোগেদি দুখীয়া পৰিয়ালৰ ছাত্র–ছাত্রীৰ শিক্ষাগ্রহণৰ লগতে পৰিয়ালসমূহে যাতে সুচলভাৱে জীৱন যাপন কৰিব পাৰে, এই লক্ষ্য আগত ৰাখি চৰকাৰে সার্বজনীন দৃষ্টিভংগীৰে আঁচনি গ্রহণ কৰিছে৷মুখ্যমন্ত্রীয়ে অৰুন্ধতী আঁচনি সম্পর্কত জনসচেতনতা সৃষ্টিৰ বাবে বৃহস্পতিবাৰে হিতাধিকাৰীসকলক আহ্বান জনায়৷ এই আঁচনিখন সম্পর্কত জনসচেতনতা সৃষ্টি নোহোৱা বাবে বহু দম্পতী আগবাঢ়ি অহা নাই বুলিও মুখ্যমন্ত্রীয়ে কয়৷ অনুষ্ঠানত মুখ্যমন্ত্রীয়ে নৱদম্পতীসকলক বিবাহ পঞ্জীয়নৰ বিষয়টোৰ ক্ষেত্রত অৱজ্ঞা নকৰিবলৈ আহ্বান জনাই কয়– বিবাহ পঞ্জীয়ন নহ’লে এই আঁচনি সফল কৰিব পৰা নাযাব৷

ইফালে অনুষ্ঠানত ভাষণ প্রদান কৰি বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– সমাজৰ সকলো শ্রেণীৰ জনসাধাৰণে যাতে সমানে সুযোগ–সুবিধা আৰু ন্যায় লাভ কৰিব পাৰে, তাৰ বাবে ৰাজ্য চৰকাৰে সার্বজনীন দৃষ্টিভংগীৰে আঁচনিসমূহ ৰূপায়ণ কৰিছে৷ চৰকাৰে গ্রহণ কৰা প্রতিখন আঁচনিৰ আঁৰত একোটাকৈ সমস্যা দূৰ কৰাৰ লক্ষ্য আছে৷ বহু লোকে হিতাধিকাৰী সৃষ্টিৰ জৰিয়তে ভোটবেংকৰ বাবে এনেধৰণৰ আঁচনি গ্রহণ কৰা বুলি সমালোচনা কৰে৷ কিন্তু এই চৰকাৰখনে গ্রহণ কৰা প্রতিখন আঁচনিয়েই সার্বজনীন৷ উদাহৰণস্বৰূপে বিনামূলীয়া নামভর্তিৰ জৰিয়তে ৰাজ্যৰ প্রতিজন ছাত্র–ছাত্রী উপকৃত হৈছে৷ বহু সমষ্টিত এই আঁচনিৰ দ্বাৰা ৰাজনৈতিকভাৱে লাভান্বিত নহয় চৰকাৰখন৷ বাঘবৰ, জনিয়া, জলেশ্বৰ আদি সমষ্টিত আমি গ্রহণ কৰা এই আঁচনিৰ দ্বাৰা এটা ভোটো বিজেপিয়ে লাভ নকৰে৷ কিন্তু আমাৰ উদ্দেশ্য– সেইসকল ছাত্র–ছাত্রীৰ জীৱনলৈও যাতে পোহৰ আহে৷ এক স্বচ্ছ পৰিৱেশত জ্ঞান আৰু প্রজ্ঞাৰ পোহৰ যাতে সকলোৱেই পায়, তাৰ বাবে এই আঁচনিৰ লক্ষ্য বান্ধি লোৱা হয়৷ আমাৰ মূল উদ্দেশ্য হ’ল– জ্ঞান আৰু প্রজ্ঞাৰ পোহৰ পাওক, দৰিদ্র আৰু আর্তজনে সহায় পাওক৷ ৰাজনীতিৰ ঊর্ধ্বত গৈ অন্ত্যোদয়াৰ আদর্শৰে অনুপ্রাণিত হৈ সমতা আৰু সামাজিক ন্যায়ৰ দিশত এখন সমাজ প্রতিষ্ঠা কৰাৰ নিৰন্তৰ চেষ্টাত আছোঁ আমি৷ সেয়েহে প্রতিখন আঁচনিক সার্বজনীন ৰূপ দিয়াৰ চেষ্টা কৰিছোঁ৷ মন্ত্রীগৰাকীয়ে এই প্রসংগত কয়– দীনদয়াল দিব্যাংগ পেন্সন আঁচনিৰ ধন কোনে পাই আছে আমি নাজানো৷ ইয়াৰ বাছনিৰ তালিকাও বিধায়কসকলে নকৰে৷ একেদৰে প্রতিগৰাকী বৃদ্ধই যাতে পেন্সন লাভ কৰে, সেই দিশত আঁচনি গ্রহণ কৰা হৈছে৷ এখন ঘৰে হয়তো ১০খন আঁচনিৰ সুবিধা লাভ কৰিছে৷ কিন্তু সেই ঘৰখনৰ পৰা আমি এটাও ভোট লাভ নকৰিব পাৰোঁ বা ভোট লাভৰ চেষ্টাও কৰা নাই৷ ক’ভিডৰ সময়ত যিদৰে জাতি–ধর্ম নির্বিশেষে প্রতিজন লোকক চিকিৎসা কৰা হৈছে, ঠিক তেনেদৰেই আমাৰ প্রতিখন আঁচনি সার্বজনীন কৰা৷ হিতাধিকাৰী সৃষ্টিৰ উদ্দেশ্য নহয়, আঁচনিসমূহ সার্বজনীন কৰাৰহে লক্ষ্য আমাৰ৷ স্বাধীনতাৰ পাছত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ চৰকাৰখনে প্রথমবাৰৰ বাবে হিতাধিকাৰী সৃষ্টিৰ পৰিৱর্তে আঁচনিসমূহক সার্বজনীন কৰাৰ চেষ্টা কৰিছে আৰু চৰকাৰখনক সকলোৰে দুৱাৰডলি, সকলোৰে হূদয়লৈ লৈ যোৱাৰ চেষ্টা কৰিছে৷

ভাষণ প্রসংগত ড০ শর্মাই উল্লেখ কৰে যে আঁচনিখনে বিবাহ পঞ্জীয়ন কৰাৰ বাবে নৱদম্পতীসকলক উৎসাহিত কৰিব৷ তেওঁ কয়– বিবাহৰ পঞ্জীয়নে নতুনকৈ বিয়া হোৱা ছোৱালীগৰাকীৰ জীৱন সুৰক্ষিত কৰি ৰাখিব৷ অৰুন্ধতী আঁচনি অদূৰ ভৱিষ্যতে থাকক বা নাথাকক সমাজত এটা নতুন নিয়ম সৃষ্টি হওক, যাতে সামাজিকভাৱে হোৱা বিবাহৰ পাছতো বিবাহ পঞ্জীয়ন হওক৷ বিবাহ পঞ্জীয়নৰ এক নতুন চিন্তা আৰম্ভ হওক৷ তেওঁ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগক আহ্বান জনাই কয়– এই আঁচনিৰ দ্বাৰা কেৱল হিন্দু বিবাহ আইনৰ দ্বাৰা পঞ্জীয়ন হোৱা বিবাহকে স্বীকৃতি দিব নালাগে৷ আন বিবাহ আইন, যেনে– স্পেচিয়েল মেৰেজ এক্ট ১৯৫৪ আইনৰ জৰিয়তে বিবাহ সম্পন্ন হোৱা নৱদম্পতীকো এই আঁচনিত অন্তর্ভুক্ত কৰিব লাগে৷ উল্লেখ্য যে এক বিবাহৰ পৰিৱেশ আগত লৈ অনুষ্ঠিত কৰা এই শুভাৰম্ভ অনুষ্ঠানৰ পূর্বেই আঁচনিখনৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি এক বিয়াৰ গীত পৰিৱেশনেৰে অনুষ্ঠানটো জীপাল কৰি তোলা হয়৷ আজিৰ অনুষ্ঠানত ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ স্বতন্ত্র ৰাজ্যিক মন্ত্রী যোগেন মহনেও ভাষণ দিয়ে৷ ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাই আদৰণী ভাষণ দিয়া অনুষ্ঠানত চাহ জনজাতি কল্যাণ বিভাগৰ স্বতন্ত্র ৰাজ্যিক মন্ত্রী সঞ্জয় কিষাণ, বিধায়ক বলীন চেতিয়া, মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামীৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাজনো শীর্ষ বিষয়া উপস্থিত আছিল৷ উল্লেখ্য যে এই আঁচনিৰ বাবে আজিপর্যন্ত ৰাজ্যখনৰ ১,১২১ নৱদম্পতীয়ে বিবাহ পঞ্জীয়ন কৰিছে৷ এইসকলৰ ভিতৰত ৫৮৭ নৱদম্পতীক আঁচনিখনৰ বাবে যোগ্য বুলি বিবেচিত কৰা হৈছে৷

You might also like