নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমাৰ উদ্দেশ্য ভোটবেংক নহয়, ৰাইজক সহায় কৰাঃ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ আঁচনিৰ দ্বাৰা হিতাধিকাৰী সহায়ত ভোট বেংকৰ নিৰ্মাণৰ বাবে কাম কৰে কিন্তু আমাৰ উদ্দেশ্য তেনেকুৱা নহয়। আমাৰ উদ্দেশ্য ভোটবেংক নহয়। দুখীয়া ৰাইজক সহায় কৰাটোহে আমাৰ লক্ষ্য। স্কুল-মহাবিদ্যালয়ত আমি বিনামূলীয়া নাম ভৰ্তি কৰিছো। ইয়াৰ দ্বাৰা ভোট বেংক সৃষ্টি কৰিব নোৱাৰি। ইয়াত কোনো বিধায়ক-মন্ত্ৰীৰ হাত নাই। এটা স্বচ্ছ পৰিবেশৰ মাজত আমি আঁচনিসমূহ ৰূপায়ণৰ চেষ্টা কৰিছো বুলি মন্তব্য কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আমি বিচাৰো দৰিদ্ৰ-আৰ্তজনে সহায় পাওক. সকলোবে জ্ঞানৰ পোহৰ পাওক আৰু ইয়াত ৰাজনীতিৰ পৰা বহু আঁতৰত গৈ সমতা আৰু সামাজিক ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত এখন সমাজ সৃষ্টিৰ দিশত আগবাঢ়িছো বুলিও মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।

You might also like