নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ তিনিজনলৈ সেনা মেডেল

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ  ৭৪সংখ্যক স্বাধীনতা দিৱসৰ প্রাক সন্ধ্যা দেশৰ ৮৪গৰাকী সেনা আৰু আৰক্ষীলৈ সাহসিকতাৰ বঁটা ঘোষণা কৰিছে চৰকাৰে৷ ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে  শুকুৰবাৰে কীর্তিচক্র আৰু সৌর্যচক্রৰ লগতে আন সাহসিকতাৰ বঁটাপ্রাপকৰ তালিকাত অনুমোদন জনায়৷ দেশৰ দ্বিতীয় সর্বোচ্চ সাহসিকতাৰ বঁটা কীর্তিচক্র এইবাৰ মৰণোত্তৰভাৱে আগবঢ়োৱা হয় জম্মু–কাশ্মীৰ আৰক্ষীৰ হেড কনিষ্টবল আব্দুল ৰছিদ কালাছলৈ৷ আনহাতে, দেশৰ তৃতীয় সর্বোচ্চ সাহসিকতাৰ বঁটা সৌর্যচক্র লাভ কৰিছে ৯জনে৷ তদুপৰি ৫জনক বাৰ টু সেনা মেডেল, ৬০জনক সেনা মেডেল, ৪জনক নৌসেনা মেডেল আৰু ৫জনক বায়ুসেনা মেডেলৰ বাবে মনোনীত কৰা হয়৷ সাহসিকতাৰ সেনা মেডেলপ্রাপকৰ মাজত আছে অসমৰ তিনিজন৷ তেওঁলোক হ’ল আছাম ৰেজিমেণ্টৰ হাবিলদাৰ দশৰথ কুমাৰ বসুমতাৰী, চিপাহী বৰগা নার্জাৰী আৰু ১১ পাৰাট্রুপ কমাণ্ডোৰ লেন্স নায়ক বিৰাদো দৈমাৰী৷

You might also like