নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ৮২টা সমষ্টিত বিশ হাজাৰকৈ বাঢ়িছে মুছলমানৰ জনসংখ্যা

লোকসভাত সাংসদ দিলীপ শইকীয়াৰ বিস্ফোৰণ

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ   নামনি অসমৰ কেইবাখনো জিলাত জনগাঁথনি সলনি কৰি শেহতীয়াকৈ এক বিশেষ সম্প্রদায়ৰ লোকৰ জনসংখ্যা অভাৱনীয় হাৰত বৃদ্ধিক লৈ বুধবাৰে সংসদত সৰৱ হৈ পৰিল মঙলদৈৰ সংসদ দিলীপ শইকীয়া৷ সংসদৰ শূন্যকালীন ঘণ্টাত এই ভয়াৱহ পৰিস্থিতিৰ বিষয়ে উত্থাপন কৰি সাংসদগৰাকীয়ে অসম দ্বিতীয়খন জম্মু–কাশ্মীৰৰ দিশে গতি কৰা বুলিও উদ্বেগ প্রকাশ কৰে৷ সাংসদগৰাকীয়ে এই সন্দর্ভত বিস্ফোৰক তথ্য দাঙি ধৰি কয় যে জম্মু–কাশ্মীৰৰ পাছতে অসম হ’ল দ্বিতীয়খন ৰাজ্য, য’ত মুছলমানৰ জনসংখ্যা ৩৪ শতাংশ৷ ২০২১ চনত এই হাৰ ৩৫ শতাংশৰো অধিক হোৱাৰ সম্ভাৱনা আছে৷ তেওঁ কয়– শেহতীয়াকৈ প্রকাশ হোৱা এক তথ্যত ৰাজ্যৰ ১২৬টা সমষ্টিৰ ৮২টা সমষ্টিত ২০ হাজাৰকৈ মুছলমান ভোটাৰ বৃদ্ধি হৈছে৷ এয়া ৰাজ্যখনৰ বাবে ভয়াৱহ দিশ৷ ক্রমাৎ বৃদ্ধি পোৱা মুছলমানৰ জনসংখ্যাই ৰাজ্যবাসীক চিন্তিত কৰি তোলাই নহয়, অসম যে দ্বিতীয়খন কাশ্মীৰ হোৱাৰ দিশে আগবাঢ়িছে, সেয়া স্পষ্ট হৈ পৰিছে৷ একমাত্র অসমেই নহয়, পশ্চিমবংগ, বিহাৰ আৰু আন কেইবাখনো ৰাজ্যত মুছলমানৰ জনসংখ্যা যিধৰণে বৃদ্ধি পাইছে, তাক প্রতিৰোধ কৰাৰ বাবে এক সবল জনসংখ্যা নীতি ভাৰত চৰকাৰে অতি সোনকালে বলৱৎ কৰিব লাগে৷ সংসদত দিলীপ শইকীয়াই অচিৰেই জনসংখ্যা নিয়ন্ত্রণৰ বাবে এক নীতি প্রস্তুতৰ বাবেও দাবী তোলে৷ উল্লেখ্য যে নামনি অসমৰ কেইবাখনো জিলাত ইতিমধ্যে মুছলমান ভোটাৰৰ হাৰ বৃদ্ধিয়ে খিলঞ্জীয়া লোকৰ বাবে নমাই আনিছে সংকট৷ বিশেষকৈ ধুবুৰী, গোৱালপাৰা, বৰপেটা, দৰং, নগাঁও, মৰিগাঁও আদি কেইবাখনো জিলাৰ বহু সমষ্টিত এতিয়া মুছলমান ভোটাৰে নির্ণায়ক ভূমিকা গ্রহণ কৰি আহিছে৷ এনে সময়তে মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই সংসদত আজি দাঙি ধৰা বক্তব্যই বিশেষ তাৎপর্য বহন কৰিছে৷ সাংসদগৰাকীয়ে আজি ভাৰতীয় ৰে’লৰ মানচিত্রত মঙলদৈক অন্তর্ভুক্ত কৰাৰ বাবেও কেন্দ্রীয় ৰে’লমন্ত্রীৰ দৃষ্টি আকর্ষণ কৰে৷

You might also like