নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ৮ সপ্তাহত ১০ লাখ ক’ভিড পৰীক্ষা সম্পন্ন

অসম্ভৱক সম্ভৱ কৰিলে স্বাস্থ্য বিভাগে

নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ   ৰাজ্যত ক’ৰোনাকেন্দ্রিক পৰিৱেশ অধিক জটিল হৈ থকাৰ সময়তে আক্রান্তৰ সংখ্যাও প্রতিদিনে বৃদ্ধি পাই আছে৷ সমান্তৰালভাৱে ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বাঢ়ি গৈ আছে৷ এনে এক পৰিস্থিতিৰ মাজতে স্বাস্থ্য বিভাগে বিগত ৭ সপ্তাহত ১০ লক্ষাধিক লোকৰ ক’ভিড টেষ্ট সম্পন্ন কৰিবলৈ সক্ষম হৈছে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই  মঙলবাৰে টুইটযোগে এই তথ্য সদৰী কৰিছে৷ উল্লেখ্য যে যোৱা ৭ ফেব্রুৱাৰীত ৰাজ্যত প্রথমটো ক’ভিড–১৯ টেষ্ট লেব’ৰেটৰী স্থাপন কৰা হৈছিল৷ উক্ত দিনটোৰ পৰা ৩ আগষ্টলৈ ৰাজ্যত স্থাপন কৰা হ’ল ১৭টা ক’ভিড টেষ্ট লেব’ৰেটৰী৷ এই ১৭টা লেব’ৰেটৰীত বিগত ৮ সপ্তাহত সম্পন্ন কৰা হ’ল ১০ লক্ষাধিক লোকৰ ক’ভিড টেষ্ট৷ কার্যতঃ অসম্ভৱক সম্ভৱ কৰি ৰাজ্যৰ স্বাস্থ্য বিভাগে ১০ লাখ লোকৰ ক’ৰোনা পৰীক্ষা সম্পন্ন কৰা বিষয়টোক লৈ এতিয়া চৌদিশে চলিছে চর্চা৷

মন কৰিবলগীয়া যে ৰাজ্যত ক’ভিড টেষ্ট বৃদ্ধি কৰাৰ বাবে ক’ৰোনা আক্রান্তৰ সংখ্যাও দ্রুতগতিত বৃদ্ধি পাই আছে৷ গুৱাহাটী মহানগৰীত শেহতীয়াকৈ আৰম্ভ কৰা ৰেপিড এণ্টিজেন টেষ্টৰ জৰিয়তে যথেষ্টসংখ্যক ক’ৰোনা আক্রান্ত চিনাক্ত কৰিবলৈ সক্ষম হৈছে৷ এই ব্যৱস্থা শেহতীয়াকৈ প্রতিখন জিলাত আৰম্ভ কৰাৰ পাছতে ক’ৰোনা আক্রান্তৰ সংখ্যাও বৃদ্ধি পাবলৈ লৈছে৷ এনে এক পৰিস্থিতিৰ মাজতে স্বাস্থ্য বিভাগে প্রতিদিনে ক’ভিড পৰীক্ষা বৃদ্ধি কৰি যোৱা বিষয়টোৱে যথেষ্ট আশাৰ সঞ্চাৰ কৰিছে৷

উল্লেখ্য যে বিগত তিনি দিনৰ ভিতৰতে ১ লাখ লোকৰ ক’ভিড টেষ্ট সম্পন্ন কৰা হৈছে৷ স্বাস্থ্য বিভাগে দেখুওৱা এনে তৎপৰতা নিঃসন্দেহে অসাধাৰণ৷ যোৱা ৩১ জুলাইত ৯ লাখ লোকৰ ক’ভিড টেষ্ট সম্পন্ন কৰা হৈছিল৷ আনহাতে, কালি অর্থাৎ ৩ আগষ্টত এই সংখ্যা ১০ লাখ সম্পূর্ণ হয়৷ ইয়াৰ পূর্বে ৬ দিনত ১ লাখ পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ ২৮ জুলাইত ৮ লাখ পৰীক্ষা কৰাৰ পাছত ৩১ জুলাইত এই সংখ্যা ৯ লাখলৈ বৃদ্ধি পায়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ তৎপৰতাত ক’ভিড টেষ্ট লেব’ৰেটৰীৰ সংখ্যা ১৭টালৈ বৃদ্ধি কৰাৰ পাছত ৮ সপ্তাহৰ ভিতৰতে ১০ লাখ লোকৰ পৰীক্ষা সম্পন্ন কৰাৰ এক অনন্য লক্ষ্যত স্বাস্থ্য বিভাগ উপনীত হ’বলৈ সক্ষম হৈছে৷

You might also like