নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘চুতীয়া’ উপাধিৰ বাবেই চাকৰি আৱেদনৰ পৰা বঞ্চিত হ’ল এগৰাকী যুৱতী; চফ্টৱেৰে ক’লে উপাধিত অশ্লীল শব্দ ব্যৱহাৰ নকৰিব

নিয়মীয়া বাৰ্তা, ২৬ জুলাইঃ এইবাৰ অসমৰ এগৰাকী শিক্ষিতা যুৱতী নিজৰ উপাধিৰ বাবেই প্ৰত্যাখ্যান কৰা হৈছে চাকৰিৰ বাবে।কেৱল ‘চুতীয়া’ উপাধিৰ হোৱাৰ বাবেই গোগামুখৰ এগ্ৰিকালছাৰেল ইক’নমিকছ আৰু ফাৰ্ম মেনেজমেন্টৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী প্ৰিয়ংকা বঞ্চিত হৈছে চাকৰিৰ আৱেদনৰ পৰা। অসমীয়া উপাধিৰ বাবেই চৰকাৰী চাকৰিৰ আৱেদনৰ বাবে কৰা অনলাইন পৰ্টেলৰ পৰা নাকচ কৰা হৈছে তেওঁৰ আৱেদন।

আশ্চৰ্যজনকভাৱে, প্ৰিয়ংকা চুতীয়া নামৰ উচ্চ শিক্ষিতা যুৱতী গৰাকীয়ে অনলাইন পৰ্টেলযোগে ‘ৰাষ্ট্ৰীয় বীজ কৰ্প’ৰেছন লিমিটেড’ ৰ চাকৰিৰ বাবে আবেদন কৰিছিল । ৰাষ্ট্ৰীয় সংবাদ‌ মাধ্যম নিউজ ১৮ ত প্ৰকাশ কৰা অনুসৰি বহুবাৰ চেষ্টা কৰাৰ পাছতো চফ্টৱেৰে তেওঁৰ উপাধিৰ বাবে তেওঁৰ আৱেদন নাকচ কৰে।

উল্লেখ্য যে, হিন্দীত যিহেতু ‘চ্চুতীয়া’ শব্দটোয়ে অশ্লীল শব্দ হিচাপে ব্যৱহাৰ কৰা হয়, সেইবাবে চফ্টৱেৰে বাৰে বাৰে তেওঁক চুতীয়াৰ সলনি শুদ্ধ শব্দ ব্যৱহাৰ কৰিবলৈ কয় । সেই সন্দৰ্ভত তেওঁ ইতিমধ্যে ফেচবুকত এক পোষ্ট শ্বেয়াৰ কৰি দুখ প্ৰকাশ কৰিছে।

You might also like