নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শেষৰগৰাকী ক’ভিড আক্রান্ত ব্যক্তিয়ে ভেকচিন নোপোৱালৈ জিৰণি নাই আমাৰঃ ড০ শর্মা

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ সমগ্র বিশ্বক জটিল পৰিস্থিতিলৈ ঠেলি দি ক’ৰোনাই সৃষ্টি কৰা আতংকময় পৰিৱেশৰ মাজতে এগৰাকী আগশাৰীৰ যোদ্ধা হিচাপে স্বাস্থ্যকর্মীসকলে আগবঢ়োৱা অৱদান প্রশংসনীয়ই নহয়, ই এক আদর্শস্বৰূপ৷ –এই মন্তব্য স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷

ক’ৰোনা আক্রান্তক সুস্থ কৰি তোলাৰ ক্ষেত্রত স্বাস্থ্যকর্মীসকলে আগবঢ়াই অহা সেৱাক মানৱতাৰ উৎকৃষ্ট নির্দশন বুলি উল্লেখ কৰি আজি স্বাস্থ্যমন্ত্রীগৰাকীয়্ এই মন্তব্য কৰি ইয়াকো কয় যে ৰোগীক শুশ্রূষাৰ জৰিয়তে প্রতিগৰাকী স্বাস্থ্যকর্মীয়ে নির্মল, নিষ্কণ্টক নিদর্শন দাঙি ধৰিছে৷ উল্লেখ্য যে ৰাজ্যত দ্রুতগতিত ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি পাই থকাৰ সময়তে ক’ৰোনামুক্ত বহুজনে প্লাজমা দানেৰে আন ক’ভিড আক্রান্তক সুস্থ কৰি তুলিবলৈ সক্ষম হৈছে৷

শেহতীয়াকৈ স্বাস্থ্য বিভাগৰ বাবে অমৃতস্বৰূপে হৈ পৰা প্লাজমা থেৰাপীৰ সচেতনতা বৃদ্ধি কৰিবলৈ ব্যাপক পদক্ষেপ গ্রহণ কৰিছে৷ এনে প্রস্তুতি তথা প্রচেষ্টাৰ ফলস্বৰূপে আজি ৩৭৫জন স্বাস্থ্যকর্মীয়ে প্লাজমা দান কৰিবলৈ স্বেচ্ছাই আগবাঢ়ি আহিল৷ ক’ৰোনা ৰোগীৰ শুশ্রূষাত জড়িত হৈ নিজেই ক’ভিড–১৯ত আক্রান্ত হৈ পৰা এই স্বাস্থ্যকর্মীসকলক আজি স্বাস্থ্য বিভাগে আনুষ্ঠানিকভাৱে সম্বর্ধনা জ্ঞাপন কৰে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জি এম চি এইচ) এই উপলক্ষে আয়োজন কৰা প্লাজমা দান শিবিৰৰ এক অনুষ্ঠানত স্বাস্থ্যকর্মীসকলক উদ্দেশ্যি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মন্তব্য– ক’ৰোনা এই পৰিৱেশৰ সময়ত চিকিৎসক, নার্ছ, ফার্মাচিষ্ট, টেকনিচিয়ান, ৰান্ধনী, চাফাই কর্মী, এম্বুলেঞ্চৰ চালক সকলোৱেই নিজৰ এক ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে৷ ক’ৰোনা যুদ্ধত জড়িত হৈ থাকি মই নিজেও গর্বিত৷ আমি জনতাৰ বাবে কাম কৰিছোঁ৷ নতুন প্রজন্মই আমাৰ সেৱাক সুঁৱৰিব৷

উল্লেখ্য যে বিগত সময়ছোৱাত প্লাজমা থেৰাপীক লৈ যথেষ্ট ব্যস্ত হৈ পৰা স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ বিশেষ তৎপৰতাতে জি এম চি এইচত স্থাপন কৰা হৈছিল প্রথমটো প্লাজমা বেংক৷ এই প্লাজমা বেংকতে যোৱা তিনি জুলাইত জি এম চি এইচত ক’ৰোনা আক্রান্ত চিকিৎসা ডাঃ লিথিকেশে প্রথমটো প্লাজমা দান কৰে৷ সেয়াই যেন আৰম্ভণি৷ মন্ত্রী ড০ শর্মাই আজি উক্ত দিনটোৰ কথা উল্লেখ কৰি কয়– ৩ জুলাইত প্রথমটো প্লাজমা দান কৰি যি ইতিহাস ৰচনা কৰিলে, উক্ত দিনটোৰ পৰাই প্লাজমা থেৰাপীয়ে ব্যাপক প্রসাৰতা লাভ কৰিলে৷ চাওঁতে চাওঁতে প্লাজমা থেৰাপী ৰাইজৰ আন্দোলনলৈ ৰূপান্তৰিত হৈছে৷ স্বাস্থ্যকর্মীসকলক প্রশংসা কৰি তেওঁ কয়– যোৱা ৫ মাহ প্রতিজন স্বাস্থ্যকর্মীয়ে আত্ম উছর্গাৰে এক নতুন সংগ্রামত আগুৱাই গ’ল৷ দায়িত্ব পালনৰ এক যুগজয়ী চেষ্টা সকলোকে চলাই আছে৷ কিন্তু আমাৰ যুঁজ এতিয়াও শেষ হোৱা নাই৷ এই যুঁজ দীঘলীয়া হ’ব৷ ৰাজ্যৰ শেষজন ব্যক্তিয়ে ক’ৰোনা ভেকচিন নোপোৱালৈকে আমাৰ জিৰণি নাই৷ অসমত ৩.৩০ কোটি লোকৰ এজন এজনকৈ মাতি আনি ভেকচিন দিয়াৰ দায়িত্ব ল’ব লাগিব স্বাস্থ্য বিভাগে৷ গতিকে আমাৰ কর্তব্য–দায়িত্ব দীঘলীয়া সময়লৈ অব্যাহত থাকিব৷ যোৱা সময়ছোৱাত মানৱতাৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰাৰ পাছতো দুই–এক বক্তব্য তথা ঘটনাই সকলো স্বাস্থ্যকর্মীকে কিছু পৰিমাণে মর্মাহত কৰিছে৷ ১৪ লাখ লোকক ক’ভিড পৰীক্ষা সম্পন্ন কৰি প্রকাশ কৰাৰ সময়ত হোৱা এটা ভুলৰ বাবে, দ্বিতীয়বাৰৰ বাবে ছেম্পল ল’বলৈ কাৰোবাক মতাৰ বাবে অথবা ক’ভিড কেয়াৰ চেণ্টাৰত আহাৰ যোগানত কিছু পলম হোৱা বাবে আমাক ককর্থনা কৰিছে৷ কিন্তু ৫৭ হাজাৰ ক’ৰোনা আক্রান্ত ৰোগীৰ ভিতৰত ৭০ শতাংশক সুস্থ কৰি পৰিয়ালৰ সৈতে সু–মিলন কৰাত আমি সাক্ষী হৈ ৰৈছোঁ৷ মানৱ সেৱাত আমাৰ এই অবিৰত যাত্রা থমকি ৰোৱা নাই৷ আজিৰ দিনটো মানৱ সেৱাৰ উৎকৃষ্ট দিন হিচাপে আমি উদ্যাপিত কৰিছোঁ৷ প্লাজমা থেৰাপীৰ প্রসংগ উত্থাপন কৰি মন্ত্রী ড০ শর্মাই কয়– প্লাজমা থেৰাপী ক’ৰোনাৰ বিৰুদ্ধে উৎকৃষ্ট অস্ত্র৷ এই অস্ত্র প্রয়োগৰ সিদ্ধান্ত বহুদিনৰ পৰাই আমি লৈ আছিলোঁ৷ কিন্তু অসমত লক্ষণযুক্ত ক’ৰোনা ৰোগী কম আছিল বাবেই প্লাজমা থেৰাপী ব্যৱহাৰ কৰা হোৱা নাছিল৷ অসমৰ যিসমূহ গাঁৱত যোৱা তিনি মাহত এজনো ক’ৰোনা আক্রান্ত নাছিল, সেই গাঁওসমূহত এতিয়া ১৮ শতাংশ লোক ক’ৰোনাত আক্রান্ত হ’ল৷ লাহে লাহে বয়সস্থ, কর্কট ৰোগত আক্রান্ত, বৃক্ক ৰোগত আক্রান্ত, মধুমেহ ৰোগত আক্রান্ত লোকসকলৰ মাজত ক’ৰোনাৰ লক্ষণ দেখা দিবলৈ ধৰিলে৷ যাৰ বাবে প্লাজমা থেৰাপীক আমি প্রয়োগ কৰাৰ সিদ্ধান্ত ল’লোঁ৷ ৮ জুলাইত অসমত প্রথমজন ক’ৰোনা আক্রান্ত ৰোগীক প্লাজমা প্রদান কৰা হ’ল৷ সেই আৰম্ভণিৰ পৰাই ৰাজ্যত এতিয়া ৫টা স্থানত প্লাজমা মেচিন বহুওৱা হৈছে৷ জি এম চি এইচৰ লগতে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল, অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল, যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ইতিমধ্যে প্লাজমা বেংক আৰম্ভ হৈছে৷ ইতিমধ্যে এই প্লাজমা থেৰাপীক লৈ স্বাস্থ্যকর্মীসকলৰ লগতে এচাম নতুন লোকৰ জন্ম হ’ল, যিয়ে স্বেচ্ছাই প্লাজমা দান কৰাৰ বাবে আগবাঢ়ি আহিছে৷ এইসকলৰ ভিতৰত আৰক্ষীৰ ভূমিকা প্রশংসনীয়৷ আৰক্ষীৰ লগতে ৰাজনৈতিক দল, একাংশ স্বেচ্ছাসেৱী সংগঠনেও সমানে আগবাঢ়ি আহিছে৷ প্লাজমা দান কৰিব খোজা লোকক প্লাজমা বেংকলৈ লৈ অনাৰ দায়িত্ব লৈছে এই স্বেচ্ছাসেৱী সংগঠনসমূহে৷

ইফালে যোৱা সময়ছোৱাত জটিলভাৱে আক্রান্ত হৈ পৰা ৰোগীক আক্রমণাত্মক চিকিৎসাৰে সুস্থ কৰি তোলা সম্ভৱ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে প্লাজমা থেৰাপীত জটিলভাৱে আক্রান্ত হৈ পৰাৰ পূর্বেই ৰোগীক প্রয়োগ কৰিব লাগে৷ অন্যথা ইয়াৰ সুফল নাপায়৷ এই অভিজ্ঞতা যোৱা সময়ছোৱাত জি এম চি এইচে লাভ কৰিছে৷ প্লাজমাৰ এক শক্তি আছে, কিন্তু তাক সময়ত ব্যৱহাৰ নকৰিলে ৰোগীক বচাব পৰা নাযায়৷ নির্দিষ্ট সময়ত প্লাজমা প্রয়োগ কৰা ৭৪জন ৰোগীৰ দুজনৰহে মৃত্যু হৈছে৷ ইয়াৰ পৰিৱর্তে অতি জটিল হৈ পৰা ৰোগীক নির্দিষ্ট সময়ত প্লাজমা নিদিয়া বাবে ৬৬গৰাকীৰ ভিতৰত ২৬গৰাকীৰে মৃত্যু হৈছে৷ জি এম চি এইচত এতিয়া মানৱতাৰ উৎকৃষ্ট চিকিৎসা প্রদান কৰি থকা হৈছে৷ ইয়াৰ পূর্বে অনুষ্ঠানত ভাষণ প্রদান কৰি ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই কয়– ক’ৰোনাই সৃষ্টি কৰা পৰিৱেশত প্রথমতে আমি তীব্র প্রত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ৷ কেনেকৈ ৰোগীক চিকিৎসা কৰিম, ক’ৰোনা আক্রান্ত ৰোগীক ক’ত ৰাখিম, এনেবোৰ বিষয়ক লৈ আমি চিন্তিত আছিলোঁ৷ জটিল পৰিস্থিতিৰ সময়ত আমাৰ হাতত আছিল মাত্র ১০টা পি পি ই কিট৷ কিন্তু স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কৌশলী পদক্ষেপ তথা দূৰদর্শী চিন্তাৰ বাবে আমি পৰিস্থিতি সলনি কৰিবলৈ সক্ষম হ’লোঁ৷ ৮,৮০০খন বিছনাৰ ঠাইত এতিয়া আমি ২২,০০০খন বিছনা বৃদ্ধি কৰিবলৈ সক্ষম হৈছোঁ৷ কিন্তু আন্তঃগাঁথনি আমি উন্নত কৰাৰ পাছতো চিকিৎসকসকলে সহযোগ নকৰা হ’লে আমি এই যুদ্ধত অৱতীর্ণ হ’ব নোৱাৰিলোঁহেঁতেন৷ যোৱা ৫ মাহে চিকিৎসক, নার্ছ আৰু স্বাস্থ্যকর্মীসকলে যি অক্লান্ত সৈনিকৰ দৰে যুদ্ধত নামিল, তাৰ বাবে আমি ক’ৰোনাক কিছু পৰিমাণে নিয়ন্ত্রণ কৰিবলৈ সক্ষম হৈছোঁ৷ আজিৰ অনুষ্ঠানত ক’ৰোনামুক্ত হোৱাৰ পাছত প্লাজমা দান কৰা চিকিৎসক ডাঃ লিথিকেশ আৰু ফার্মাচিষ্ট মৃদুল ডেকায়ো তেওঁলোকৰ অভিজ্ঞতা বর্ণনা কৰে৷ আনহাতে, প্লাজমা লৈ সুস্থ হোৱা হেমচন্দ্র ভট্টাচার্য আৰু প্রেমানন্দ ডেকায়ো তেওঁলোকৰ অভিজ্ঞতাৰ কথা কয়৷

অনুষ্ঠানত স্বাস্থ্য বিভাগৰ প্রধান সচিব সমীৰ সিন্হা, জি এম চি এইচৰ অধ্যক্ষ অচ্যুত বৈশ্য, বি বৰুৱা কর্কট প্রতিষ্ঠানৰ সঞ্চালক অমল কটকী আৰু এন এইচ এমৰ সঞ্চালক লক্ষ্মণন এছ এ ভাষণ প্রদান কৰে৷ উল্লেখ্য যে প্লাজমা দানৰ বাবে আজি এন এইচ এমৰ তিনিগৰাকী, বিভিন্ন জিলাৰ পৰা অহা এন এইচ এমৰ ১১৩গৰাকী স্বাস্থ্যকর্মী, জি এম চি এইচৰ ৮৯গৰাকী, বি বৰুৱা কর্কট প্রতিষ্ঠানৰ ২৩গৰাকী, ১০৪ আৰু ১০৮ৰ ১৩গৰাকীৰ লগতে গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালৰ ২৩গৰাকী, এপল’ৰ ১১গৰাকী, নেমকেয়াৰৰ ৫গৰাকী, দিছপুৰ পলিক্লিনিকৰ ১৮গৰাকী, হেলথ চিটী হাস্পতালৰ ১৬গৰাকী, প্রতীক্ষাৰ ৩গৰাকী, ৰহমান হাস্পতালৰ ৩গৰাকী, হায়াট হাস্পতালৰ ৩৮গৰাকী আৰু মাৰোৱাৰী মেটাৰনিটী চিকিৎসালয়ৰ ৭গৰাকী স্বাস্থ্যকর্মীয়ে আজি প্লাজমা দানৰ বাবে নাম পঞ্জীয়ন কৰে৷ স্বাস্থ্যকর্মীসকলক উদ্দেশ্যি মন্ত্রী শর্মাৰ মন্তব্য– বোৱতী গংগাৰ পানী সেৱনৰ দ্বাৰা যিদৰে পৱিত্র হয়, আপোনালোকো সেৱাৰ গংগা ৰূপে নিজকে বোৱাই ৰাখক৷ আপোনালোকৰ এই প্রচেষ্টা প্রেৰণা হৈ ৰ’ব ৰাজ্যবাসীৰ বাবে৷

You might also like