নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত নিম্নগামী হৈছে ক’ৰোনা ভাইৰাছৰ সংক্রমণ

৩০ ছেপ্টেম্বৰলৈ চিকিৎসকৰ প্রাইভেট প্রেক্টিচত নিষেধাজ্ঞা

নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ  ৰাজ্যত ক’ৰোনাকেন্দ্রিক পৰিস্থিতি পূর্বতকৈ অধিক উন্নত হৈছে৷ আক্রান্তৰ সংখ্যা ৬০ হাজাৰ অতিক্রম কৰি যোৱাৰ পাছতো আক্রান্তৰ হাৰ এতিয়াও ঊর্ধ্বগামী হোৱা নাই৷ এই তথ্য প্রকাশ কৰিলে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মন্ত্রীগৰাকীয়ে কয় যে বিগত সময়ছোৱাত আক্রান্তৰ সংখ্যা বৃদ্ধি হ’লেও ৪৫ হাজাৰতকৈ অধিক লোক ক’ৰোনামুক্ত হৈ ঘৰলৈ উভতি যাবলৈ সক্ষম হৈছে৷ আনহাতে, অসমত এতিয়াও ক’ৰোনাত মৃত্যু হোৱা লোকৰ হাৰ যথেষ্ট নিম্ন৷ দেশৰ আন সৰু ৰাজ্যসমূহ বাদ দিলে অসমতকৈ মৃত্যুৰ হাৰত ওপৰত আছে তিনিখন ৰাজ্য৷ অসমত ক’ৰোনাত মৃত্যু হোৱা লোকৰ হাৰ .২৪ শতাংশ৷ আনহাতে, আক্রান্তৰ হাৰ এতিয়াও ৫ শতাংশৰ তলত আছে৷ শেহতীয়াকৈ গুৱাহাটীৰ একাংশ লেবৰেটৰী এণ্টিবডী টেষ্টৰ জৰিয়তে ক’ৰোনা আক্রান্ত হৈছে নে নাই, তাক বহু লোকে পৰীক্ষা কৰিছে৷ কিন্তু এটা কথা স্পষ্ট যে এণ্টিবডী টেষ্টৰ জৰিয়তে এজন লোক ক’ৰোনাত আক্রান্ত হৈছে নে নাই, তাক চিনাক্ত কৰিব নোৱাৰি৷ একমাত্র ৰেপিড এণ্টিজেন টেষ্ট আৰু আৰ টি পি চি আৰ পৰীক্ষাৰ জৰিয়তহে লোক এজন ক’ভিডত আক্রান্ত হৈছে নে নাই, তাক চিনাক্ত কৰা হয়৷ এই পৰীক্ষা দুটাৰ আন কোনো বিকল্প নাই৷ ছমাহ আগত বা তিনি মাহ আগত কোনো এজন লোকে ক’ব নোৱাৰাকৈ ক’ৰোনাত আক্রান্ত হৈছিল নেকি, তাক পৰীক্ষা কৰাৰ বাবেহে এণ্টিবডী টেষ্ট কৰা হয়৷ সাধাৰণ লোকৰ ধাৰণা যে ৰেপিড এণ্টিজেন টেষ্টত বেছিকৈ ক’ৰোনা আক্রান্ত চিনাক্ত হয়৷ কিন্তু আৰ টি পি চি আৰ পৰীক্ষাত যিমানসংখ্যক আক্রান্ত চিনাক্ত হয়, তাৰ আধাহে এণ্টিজেন টেষ্টত চিনাক্ত হয়৷ মন্ত্রীগৰাকীয়ে সেয়েহে দ্বিধাহীনভাৱে ৰাইজক এণ্টিজেন টেষ্টৰ সন্মুখীন হ’বলৈ আহ্বান জনায়৷ মন্ত্রী ড০ শর্মাই গুৱাহাটীৰ লেবৰেটৰীসমূহৰ প্রতি আহ্বান জনাই কয়– লেবৰেটৰীলৈ পৰীক্ষা কৰিবলৈ অহা লোকসকলক এই বিষয়টো ভালধৰণে বুজাই দিয়াৰ পাছতহে এণ্টিবডী পৰীক্ষা কৰক৷
৩০ ছেপ্টেম্বৰলৈ চিকিৎসকৰ প্রাইভেট প্রেক্টিচত নিষেধাজ্ঞা
ৰাজ্যত ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ সময়তে আগন্তুক দুমাহলৈ কোনো চৰকাৰী বা বেচৰকাৰী চিকিৎসকক প্রাইভেট প্রেক্টিচ কৰাত নিষেধাজ্ঞা জাৰি কৰিছে স্বাস্থ্য বিভাগে৷ উল্লেখ্য যে প্রথম অৱস্থাত ক’ৰোনাৰ জটিল পৰিস্থিতিৰ বাবে ৩১ জুলাইলৈ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল৷ শেহতীয়াকৈ স্বাস্থ্য বিভাগৰ প্রধান সচিব সমীৰ সিন্হাই জাৰি কৰা এক নির্দেশযোগে এই নিষেধাজ্ঞা ৩১ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে৷

You might also like