নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘজান কাণ্ডঃ এন জি টিৰ ৬ আগষ্টৰ শুনানিত কি আছে?

  • অইলৰ আপত্তি ৰজিলনে এন জি টিৰ আদালতত?

নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ পৰিশেষত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ মুখ্য বিচাৰপীঠে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ব্ৰজেন্দ্ৰ প্ৰসাদ কটকীৰ নেতৃত্বত গঠন কৰি দিয়া ৮ জনীয়া তদন্ত সমিতিৰ প্ৰাৰম্ভিক প্ৰতিবেদনৰ ওপৰত অইল ইণ্ডিয়া লিমিটেডে দৰ্খোৱা আপত্তি অগ্ৰাহ্য হ’ল।

উল্লেখ্য যে যোৱা ৬ আগষ্ট, ২০২০ তাৰিখে অইলৰ বিৰুদ্ধে শ্যাম বেনাৰ্জী (আৰু অন্যান্য) আৰু সোণেশ্বৰ নৰহ (আৰু অন্যান্য) ৰ সুকীয়া সুকীয়া আৱেদনৰ শুনানি ৩ নৱেম্বৰলৈ স্থগিত ৰাখে ন্যায়াধীশ আদৰ্শ কুমাৰ গোয়েল, এছ পি ৱাংডি আৰু ডঃ নাগিন নন্দাক লৈ গঠিত এন জি টিৰ মুখ্য বিচাৰপীঠে। অন্যহাতে বনানী কাক্কাৰ বনাম অইল (আৰু অন্যান্য) আৰু ৱেক’ বনাম ভাৰত চৰকাৰ (অন্যান্য)ৰ গোচৰৰ ভিত্তিত এন জি টিৰ তদন্ত সমিতিয়ে ২৪ জুলাইত মুখ্য বিচাৰ পীঠক দাখিল কৰা প্ৰাৰম্ভিক প্ৰতিবেদনৰ পৰ্যৱেক্ষণ আৰু অনুসন্ধানক বিভিন্ন দল- সংগঠন, স্থানীয় লোক, প্ৰকাশিত বাতৰি আদিৰ ভিত্তিত বৈজ্ঞানিক আৰু পৰীক্ষাগাৰ বহিৰ্ভূত টেবুল গৱেষণা আৰু পৰ্যালোচনাৰ ফচল বুলি আখ্যা দি অইলে প্ৰত্যাহ্বান জনাইছিল।

প্ৰতিবেদনৰ ওপৰত অইলৰ অন্যতম অভিযোগ সমূহৰ কেইটামান সম্পাদিত ৰূপত তুলি ধৰা হ’ল- যথা, “সমিতিয়ে নিৰন্ত গোহাঁইৰ দৰে তথাকথিত পৰিৱেশ কৰ্মীৰ অনিৰ্ভৰশীল তথ্যৰ ওপৰত বিশ্বাস কৰিলে। নিৰন্ত গোহাঁইয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত পি আই এল (নং- ৩৪/ ২০২০) দাখিল কৰি অইল আৰু জ’ন এনাৰ্জীক বিভিন্ন শিতানত প্ৰায় ৩১০ কোটি টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ দিবলৈ দাবী জনাইছিল। তেওঁ এক অনুসন্ধান সংস্থাৰ জৰিয়তে উচ্চ পৰ্যায়ৰ স্বতন্তৰীয়া তদন্তৰ নিৰ্দেশ দিবলৈকো ন্যায়ালয়ক আহ্বান জনাইছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে ১২ জুনৰ শুনানিত পুনৰাই আৱেদন দাখিলৰ স্বাধীনতা দি তেওঁৰ উক্ত আৱেদন নাকচ কৰে। তেওঁৰ অভিযোগ অনুসৰি অইলে পুৰ্ব অনুমতি আৰু ৰাজহুৱা শুনানিৰ অবিহনেই তেল খাদটো স্থাপন কৰাৰ উপৰি কভিড-১৯ ৰ কোনোধৰণৰ প্ৰতিৰোধী ব্যৱস্থাৱলী গ্ৰহণ কৰা নাই। তদন্ত সমিতিয়ে গোহাঁইৰ তেনে অ-অনুভৱী অভিযোগ গ্ৰহণ কৰিছে। সমিতিয়ে তদ্ৰুপ বক্তব্য গ্ৰহণ কৰে মনোজ হাজৰিকা, ডঃ ৰঞ্জন কুমাৰ দাস, গ্ৰীন ভিজন নৰ্থ ইষ্ট, ইমন আৱেদিন, আৰণ্যক, প্ৰফেচাৰ বি চি চৌধুৰী, ডঃ আছাদ আৰ ৰহমান আদিৰ আদিৰ পৰা। সমিতিয়ে ৱাইল্ড লাইফ ইনষ্টিটিউট অব ইণ্ডিয়াৰ পৰ্যৱেক্ষণ আৰু অনুসন্ধানৰ প্ৰতিৱেদনক বিশ্বাস কৰিছে। অইল- অপাৰেচনৰ ওপৰত জ্ঞান থকা কেৱল এজন ব্যক্তি ৮ জনীয়া সমিতিখনত অন্তৰ্ভুক্ত হৈছে। বিগত ৬ টা দশকত অইলে হাজাৰটা ৱৰ্ক- অভাৰৰ অভিযান সফলতাৰে সম্পন্ন কৰিছে। তেল উদ্যোগটোৰ ৬০ বছৰীয়া ইতিহাসত এইটোৱেই অইলৰ একমাত্ৰ দুৰ্ঘটনা। পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ অধীনস্থ তেল উদ্যোগ নিৰাপত্তা সঞ্চালকালয় হ’ল নডেল এজেন্সি, যাৰ দ্বাৰা পেট্ৰ’লিয়াম উদ্যোগত ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰ’চিডিউৰ (এছ অ’ পি) ৰ নিৰ্দেশনা দিয়া হয়। সমিতিয়ে ব্ল’ আউটৰ ঘটনাত ৱৰ্ক অভাৰ অপাৰেচন সম্পন্নৰ দায়িত্বত থকা মেছাৰ্ছ জ’ন এনাৰ্জী লিমিটেডৰ দায়িত্বক অস্বীকাৰ কৰিছে। ইনষ্টলেচন মেনেজাৰ হ’ল অইল আৰু জ’ন এনাৰ্জীৰ মাজৰ সম্পৰ্কৰক্ষী ব্যক্তি, য’ত আই এমৰ নিৰ্দেশনা পালনত জ’ন এনাৰ্জী বদ্ধ পৰিকৰ। জ’ন নিহিত দায়িত্ব পালনত চূড়ান্তভাৱে ব্যৰ্থ হৈছে। জ’ন এনাৰ্জী লিমিটেডে না ২৭ মে’ৰ ৪৮ ঘণ্টাৰ ডব্লিউ অ’ চি পেৰিয়ড মানিছিল, না ৱেল হেডত কাম কৰিবলৈ বি অ’ পিৰ নিপ্প’ল ডাউনৰ বেলিকা নিৰ্দেশনা মানিছিল। জ’নে আই এমৰ অনুমতি অবিহনেই সকলোবিলাক কাম কৰি গৈছিল। আই এমৰ ‘লগ ডাইৰী’ত উল্লেখ আছে যে ৱেল হেডৰ কাম প্ৰডাক্টচন ইঞ্জিনীয়াৰ (পি ই)ৰ উপস্থিতিতহে কৰা উচিৎ। কিন্তু পি ইৰ উপস্থিতিৰ পূৰ্বেই জে ই এলে নিপ্প’ল ডাউন কৰিছিল। জে ই এল ড্ৰিলাৰ ৱেল ক’ণ্ট্ৰ’লৰ আন্তঃৰাষ্ট্ৰীয় মানৰ প্ৰশিক্ষণপ্ৰাপ্ত বুলি বৈধ নথিপত্ৰ প্ৰদৰ্শন কৰিলেও সকলো ব্যৰ্থ প্ৰমাণিত হ’ল। ইমানৰ পাছতো সমিতিয়ে জে ই এলৰ বক্তব্যত পতিয়ন গ’ল। বি জি এন ৫ সহ ৩৩ টা স্থানৰ খাদৰ ড্ৰিলিং অভিযান (২০-১১-২০০৬ তাৰিখ) আৰম্ভৰ পূৰ্বেই সঁ‌হাৰি বিচাৰি কৰ্তৃপক্ষক ০৫-০৭-২০০৬ তাৰিখে আৱেদন জনোৱা হৈছিল।

অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ১০-০৬-২০২০ তাৰিখে জাৰি কৰা আপত্তি দৰ্খোৱাৰ জাননীৰ উত্তৰ দিয়ে ১৯-০৬-২০২০ তাৰিখে। অইলে দায়িত্বভাৰ মূৰ পাতি লোৱাত প্ৰদূষণ পৰিষদৰ ১৯ জুনৰ সামৰণি প্ৰতিৱেদনৰ ভিত্তিত আপত্তি উঠাই লোৱা হয়। ই চিৰ ক্ষেত্ৰত সমিতিৰ পৰ্যৱেক্ষণো আছিল বিস্থাপিত (মিছপ্লেচ)। অৰ্থাৎ ১১-০৫-২০২০ তাৰিখৰ ই চিৰ সতে বি জি আৰ-৫ ৰে সম্পৰ্ক নাই, বিপৰীতে ডিব্ৰু- ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ তলত কাৰিকৰী পদ্ধতি ব্যৱহাৰ কৰিবলগা প্ৰকল্প ‘এক্সটেনডেড ৰিচ্চ ড্ৰিলিং’ (ই আৰ ডি) ৰ সতেহে সম্পৰ্ক আছে। ৫০ কোটি টকাৰ তলৰ মূল্যৰ প্ৰকল্পৰ বাবে আগতীয়া ই চিৰ প্ৰয়োজন নহয়। কোম্পানীয়ে ২০১১ বৰ্ষত ই চি লাভ কৰিছে। ই আৰ এমে বিধ্বস্ত অঞ্চলটোৰ গছগছনি আৰু বন্য জীৱসহ জৈৱ- বৈচিত্ৰ্যৰ প্ৰভাৱ/ ধ্বংসৰ মূল্যায়ন কৰিছে। অইলে ২৩ জুলাই পৰ্যন্ত বাঘজান কাণ্ডৰ বিপৰীতে সৰ্বমুঠ ১০৪ কোটি ১৪ লাখ ৮ হাজাৰ ৫৩০ টকা খৰচ কৰিছে। তাৰ ভিতৰত খাদটোৰ কেপিং সম্পৰ্কীয় অভিযানত ৮১ কোটি ৭৬ লাখ ২৫ হাজাৰ ১৪৮ টকা, আশ্ৰয় শিৱিৰ পৰিচালনাত ১১ কোটি ১৭ লাখ ৮৩ হাজাৰ ৩৮২ টকা, ৩০০০ ক্ষতিগ্ৰস্ত পৰিয়ালৰ অন্তৱৰ্তীকালীন সাহাৰ্যৰ নামত ৯ কোটি টকা আৰু ১১ টা পৰিয়ালক অগ্ৰীম ক্ষতিপূৰণৰ বাবত ২ কোটি ২০ লাখ টকা খৰচ কৰিছে। সমুদায় ক্ষতিপূৰণৰ পৰিমাণ ১৫১ কোটি টকালৈ বৃদ্ধি পোৱাৰ আশা আছে।” আৱেদনকাৰী (অইল)ৰ হৈ এই আপত্তিসমূহ ৫ আগষ্ট তাৰিখে দাখিল কৰিছিল অধিবক্তা পাৰ্থিৱ কুমাৰ গোস্বামী আৰু ৰাহুল প্ৰতাপে।

কিন্তু ৬ আগষ্টৰ শুনানিত বাঘজানৰ ঘটনাত বলি হোৱা সকললৈ প্ৰতিকাৰৰ ব্যৱস্থা আৰু পৰিৱেশ পুনঃ স্থাপিতকৰণৰ হেতু এন জি টিয়ে ২৪ জুলাই আৰু ২ আগষ্টৰ নিৰ্দেশ বাহাল ৰাখিবলৈ নিৰ্দেশ দিয়ে। ট্ৰিবিউনেলে লিপিবদ্ধ কৰে যে প্ৰ’পেন, মিথেন, প্ৰ’পিলেন আৰু অন্যান্য গেছে বাঘজানৰ চৌপাশৰৰ পৰিৱেশ, ডিব্ৰু- ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পশু- পক্ষী আৰু মাগুৰী মতাপুং ৱেট লেণ্ড ধ্বংস কৰিছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, চি এছ আই আৰ, গুৱাহাটী বিশ্ববিদ্যালয়, ৰাজ্যিক জৈৱ- বৈচিত্ৰ্য পৰিষদ, অ’ এন জি চি, ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু জিলা দণ্ডাধীশৰ প্ৰতিনিধিত্বৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি পি কটকীসহ গঠিত আঠজনীয়া সমিতিৰ চৰ্তসমূহৰ ভিতৰত গেছ নিৰ্গমণৰ কাৰণ, মানৱ জীৱন, বন্য জীৱন আৰু পৰিৱেশৰ ক্ষতি আৰু ধ্বংস, জনসাধাৰণৰ স্বাস্থ্য সংকট, মাটি, পানী আৰু বায়ু প্ৰদূষণ, তেল নিৰ্গমনৰ ফলত ডিব্ৰু নৈৰ পানী প্ৰদূষণৰ বিস্তৃতি নিৰ্ণয়, বায়ুৰ গুণাগুণ নিৰীক্ষণ, মাটি আৰু অঞ্চলটোৰ পানী (গ্ৰাউণ্ড ৱাটাৰ)ৰ লগতে ডিব্ৰু নৈৰ ভটীয়নী পানীৰ নমুনা সংগ্ৰহ, ডিব্ৰু- ছৈখোৱা আৰু মাগুৰী মতাপুং বিলৰ পাৰিপাৰ্শ্বিক সংবেদনশীল অঞ্চলত পৰা প্ৰভাৱ, কৃষি, মৎস্য আৰু পোহনীয়া জীৱ- জন্তুৰ ওপৰত পৰা প্ৰভাৱ, অইলৰ দ্বাৰা উপশমমূলক কাৰ্যব্যৱস্থা গ্ৰহণৰ স্বৰূপ, অগ্নিকাণ্ডৰ ঘটনাৰ বাবে দায়ী ব্যক্তিসকলক চিনাক্তকৰণৰ লগতে দুৰ্ঘটনা প্ৰতিৰোধত ব্যৰ্থতাৰ কাৰণ, ক্ষতিগ্ৰস্তৰ ক্ষতিপূৰণৰ মূল্যায়ন, প্ৰতিৰোধী আৰু পুনঃ সংস্থাপনৰ ব্যৱস্থা আদিয়েই অন্যতম।

এন জি টিৰ তদন্ত সমিতিয়ে দাখিল কৰা ২৪ জুনৰ প্ৰাথমিক প্ৰতিবেদন প্ৰত্যাহাৰৰ বাবে অইলে আই এ নং ৩০/ ২০২০ যোগে জনোৱা আৱেদন নাকচ কৰে। অৱশ্যে অইলক ২৫ কোটি টকা জিলা দণ্ডাধীশৰ ওচৰত জমা ৰাখিবলৈ নিৰ্দেশ দিয়া বিষয়টোৰ ওপৰত নৰম ভূমিকা গ্ৰহণ কৰে এন জি টিৰ বিচাৰ পীঠে। কাৰণ উক্ত পৰিমাণতকৈও অধিক টকা অইলে একাষৰীয়াকৈ ৰখা বুলি দিয়া স্বীকাৰোক্তিৰ পৰিপ্ৰেক্ষিতত ট্ৰিবিউনেলে পূৰ্বৰ সিদ্ধান্ত শিথিল কৰে। একেদৰে বাঘজান কাণ্ডত ভৱিষ্যতে প্ৰয়োজন হ’ব পৰা যি কোনো পৰিমাণৰ টকা পৰিশোধৰ বাবে প্ৰস্তুত বুলি ট্ৰিবিউনেলৰ সমুখত অইল কৰ্তৃপক্ষই বক্তব্য ৰাখে। তাৎপৰ্যপূৰ্ণ বিষয় যে তদন্ত সমিতিৰ প্ৰাৰম্ভিক প্ৰতিবেদনৰ ৪০ নং পৃষ্ঠাত কোৱা হৈছে যে তদন্তৰ খাতিৰত সংশ্লিষ্ট বিষয়া বা কোম্পানী কৰ্তৃপক্ষৰ পৰা জানিব লগা বিভিন্ন প্ৰশ্নৰ উত্তৰ আৰু পাৰস্পৰিক বাৰ্তালাপৰ বেলিকা অযথা বিলম্বৰ মুখামুখি হ’ব লগা হৈছে।

You might also like