নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঘজান কাণ্ডঃ এথে ৱেগনক সংশোধন কৰি কাইলৈ পুনৰ দ্বিতীয়টো প্ৰচেষ্টা চলাব বি অ’ পি ষ্টেক স্থাপনৰ

৪৫০০ পি এচ আই গেছ চাপক ভেটা দি ৱেল কিলিং কৰিব ১০০ পাউণ্ড ড্ৰিলিং ফ্লুইডে (mud Density )

নিয়মীয়া বাৰ্তা, ৯ আগষ্ট :  ৰাষ্ট্ৰজুৰি সৃষ্টি হোৱা বিভিষীকাময় অইল ইণ্ডিয়া বাঘজান বি জি এন-৫ ৰ সংহাৰী জুইকুৰা পুনৰ কাইলৈ নিৰ্বাপণৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে । কূপ আৱৰণৰ প্ৰস্তুতিৰ ক্ষেত্ৰত কালি সম্পন্ন হোৱা কেপিং বি.অ.পি. ষ্টেকটোৰ সফল পৰীক্ষণৰ পাছত ৯০ ফুটৰ এথে ৱেগনৰ পৰ্যাপ্ত ভৰ সক্ষমতা সুনিশ্চিত কৰা হয় ।

ভৰ সক্ষমতা সুনিশ্চিত হোৱাৰ পাছত বি.অ.পি. ষ্টেকটোত দুটা হাইড্ৰ’লিকেলী কন্ট্ৰ’লড ৰিমট ভাল্ভ (Hydraulically Controlled Remote Valves – HCRV) সংলগ্ন কৰাৰ সিদ্ধান্ত লোৱা হয় । HCRV দুটা লগাই হোৱাৰ পাছত ক্ষেত্ৰত এই দুটা ভাল্ভৰ চাপ পৰীক্ষা কৰি থকা হৈছে ।

ইফালে কাৰিকৰী বিজুতি ঘটা অ’এন জিচিৰ ক্ৰাইচিচ মেনেজমেন্টৰ “এথে ৱেগন”খনৰ সংশোধিত বুম (boom) আৰু নতুনকৈ নিৰ্মিত এক্সেল সংযোজন কৰি অইল ইণ্ডিয়াই কাইলৈ পুৱাভাগতে কেপিং বিঅ’পি ষ্টেক কূপৰ শীৰ্ষত স্হাপনৰ দ্বিতীয়টো প্ৰচেষ্টা চলোৱাৰ কাৰ্য্য সম্পূৰ্ণকৈ সাজু কৰি তুলিছে ।

যদি কাইলৈ বি অ’ পি ষ্টেক স্হাপন কাৰ্য্য সফল হৈ উঠে তেন্তে সমান্তৰালভাৱে সাজু কৰি থোৱা শ্লাম বাজাৰ কোম্পানীৰ মাড পাম্পৰ (mud Pump) হাই
প্ৰেচাৰ পাইপ লাইন বি অ’ পিটোৰ লগত সংযোজন ঘটাই কেমিকেল পাম্পৰ যোগেদি আগতীয়াকৈ সম্পৰীক্ষা কৰি সাজু কৰি লোৱা ড্ৰিলিং ফ্লুইডখিনি (মাড) বি অ’ পিটোৰ মাজেৰে ৱেলটোৰ গভীৰলৈ ঠেলিব ।

সূত্ৰ অনুসৰি ৪৫০০ পি এচ আই চাপত নিৰ্গত গেছখিনিক ভেটা দিবলৈ ১০০ পাউণ্ডযুক্ত মাড ( mud Density) প্ৰস্তুতিৰ ইতিমধ্যে সম্পন্ন হৈছে । ইফালে এথে ৱেগনখনৰ কাৰিকৰী দূৰ্ঘটনাজনিত কাৰণত প্ৰথমবাৰলৈ বি অ’ পি ষ্টেক কূপৰ শীৰ্ষত স্হাপন কৰাত বিফল হোৱাৰ ফলত পূৰ্ব প্ৰস্তুতিৰ ড্ৰিলিং ফ্লুইডখিনি (mud) অব‍্যৱহৃত হৈ পৰে । গতিকে ৱেল কিলিংৰ বাবে পুনৰ নতুনকৈ ড্ৰিলিং ফ্লুইড সম্পৰীক্ষা কৰিব লগা হৈছে ।

লক্ষণীয় যে এই ৱেলটোৰ কিলিং অৰ্থাৎ পৰিত‍্যক্ত খাদলৈ পৰিণত কৰাৰ ক্ষেত্ৰত ড্ৰিলিং ফ্লুইড প্ৰয়োগৰ ভূমিকা অপৰিসীম আৰু জটিলতাপূৰ্ণ । মুঠৰ ওপৰত কাইলৈ সফলতাৰে কূপৰ মুখত বি অ’ পি ষ্টেক স্হাপনৰ পাছতেই জুই নিৰ্বাপণৰ বাবে পুনৰ এখন যুদ্ধ হ’ব ৱেল চাপ (well pressure) আৰু মাড চাপৰ (mud Pressure) মাজত । যেতিয়ালৈকে বেক প্ৰেচাৰ শূণ‍্যলৈ নানামে সেই পৰ্যন্ত ৱেল অৰ্থাৎ খাদটোত ড্ৰিলিং ফ্লূইড ভৰাই কিলিং প্ৰচেষ্টা চলাই থাকিব লাগিব অবিৰত । তাৎপৰ্যপূৰ্ণ যে বিশেষজ্ঞসকলে যুদ্ধগতিত চলাবলগীয়া এই কাৰিকৰী খেলখনৰ ওপৰতে নিৰ্ভৰ কৰিব বাঘজান জুই নিৰ্বাপণৰ দীঘলীয়া স্বপ্ন ।

You might also like