নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিয়া’ৰ আদালতত জামিন নাকচ অখিল গগৈৰ

মাওবাদীৰে সম্পর্ক

নিয়মীয়া বাৰ্তা ৮ আগষ্টঃ        দীর্ঘদিনে কাৰাগাৰত বন্দী হৈ থকা কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ এইপর্যন্ত হোৱা নাই প্রশস্ত৷
১০ দিনীয়া শুনানিৰ অন্তত চানমাৰিস্থিত ‘নিয়া’ৰ বিশেষ আদালতে শুকুৰবাৰে কৃষক নেতাজনৰ জামিন আবেদন নাকচ কৰে৷ ইয়াৰ লগে লগে মাওবাদীৰে সম্পর্ক থকাৰ অভিযোগত গ্রেপ্তাৰ কৰা কৃষক নেতাজন পুনৰ কাৰাগাৰত বন্দী হৈ থকাটো নিশ্চিত হৈ পৰিল৷

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী আন্দোলনৰ সময়ত যোৱা ডিচেম্বৰত গগৈক গ্রেপ্তাৰ কৰা হৈছিল৷ চানমাৰি আৰক্ষী থানাৰ ১৬৮৮/২০১৯ নম্বৰৰ গোচৰত অখিল গগৈক গ্রেপ্তাৰ কৰা হৈছিল৷ ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ উপৰি অখিল গগৈৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰত সংযোজন কৰা হৈছিল বে–আইনী কার্যকলাপ প্রতিৰোধ আইনৰ ১৮ আৰু ৩৯ নম্বৰ ধাৰা৷ পৰৱর্তী সময়ত এই গোচৰটো ‘নিয়া’লৈ হস্তান্তৰ কৰা হয়৷ ১৩/২০১৯ নম্বৰৰ গোচৰত নিয়াই অখিল গগৈক কাৰাগাৰৰ ভিতৰতে গ্রেপ্তাৰ কৰি নিজৰ জিম্মাত লয়৷ ইতিমধ্যে গগৈৰ বিৰুদ্ধে চার্জশ্বীটো দাখিল কৰিছে কেন্দ্রীয় অনুসন্ধানকাৰী সংস্থাটোৱে৷ চার্জশ্বীটত উল্লেখ কৰা অনুসৰি অখিল গগৈয়ে ‘কা’বিৰোধী আন্দোলনৰ সুযোগ লৈ মাওবাদী কার্যকলাপ ৰাজ্যজুৰি শক্তিশালী কৰিবলৈ চেষ্টা কৰিছিল৷ একেটা গোচৰতে কৃষক মুক্তি সংগ্রাম সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক ধৈর্য কোঁৱৰ আৰু ছাত্র মুক্তি সংগ্রাম সমিতিৰ দুই নেতা বিতু সোণোৱাল আৰু মানস কোঁৱৰকো গ্রেপ্তাৰ কৰা হৈছে৷ অৱশ্যে উক্ত তিনিওজনে ‘নিয়া’ৰ আদালতত লাভ কৰিছে জামিন৷ যাৰ বাবে এই গোচৰটোত অখিল গগৈয়ে জামিন লাভ কৰাৰ সম্ভাৱনা দেখা গৈছিল৷ কিন্তু নিয়াৰ অধিবক্তাৰ যুক্তি শুনি আৰু অনুসন্ধানকাৰী সংস্থাটোৱে দাখিল কৰা নথি–পত্রৰ আধাৰত আদালতে গগৈৰ জামিন নামঞ্জুৰ কৰে৷ ৪৫ পৃষ্ঠাজোৰা নির্দেশনাৰে আদালতে গগৈৰ জামিন খাৰিজ কৰে৷ নিয়াই জাৰি কৰা এটা বিবৃতিত উল্লেখ কৰা অনুসৰি জামিন আবেদন নাকচ কৰি দিয়া নির্দেশত এইবুলি উল্লেখ কৰিছে যে অখিল গগৈৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সম্পূর্ণৰূপে তদন্ত নকৰিবলগীয়া বুলি ক’ব নোৱাৰি৷

অৱশ্যে নিয়াৰ আদালতত জামিন নাকচ হোৱাৰ পাছত এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁৰ জামিন বিচাৰি আবেদন দাখিল কৰা হ’ব বুলি সদৰী কৰিছে কৃষক নেতাজনৰ অধিবক্তাই৷ সমান্তৰালভাৱে একেটা গোচৰত কৃষিক মুক্তি আৰু ছাত্র মুক্তিৰ নেতা ধৈর্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ জামিনৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিবলৈ প্রস্তুতি চলাইছে নিয়াই৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে কেন্দ্রীয় কাৰাগাৰত বন্দী হৈ থকাৰ সময়ত ক’ভিডত আক্রান্ত হোৱাৰ পাছত কৃষক নেতা গগৈক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ ক’ভিডমুক্ত হ’লেও আন আন শাৰীৰিক অসুস্থতাত ভুগি থকা বাবে সম্প্রতি হাস্পতালতে চিকিৎসাধীন হৈ আছে গগৈ৷ ইপিনে, কৃষক নেতাজনৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি কৃষক মুক্তি সংগ্রাম সমিতিয়ে প্রতিবাদ অব্যাহত ৰাখিছে৷ ধাৰাবাহিকভাৱে গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন্ন প্রান্তত কৃষক মুক্তিয়ে গগৈৰ মুক্তিৰ দাবীত ধর্ণা, বিক্ষোভ প্রদর্শন কৰি আহিছে৷

You might also like