নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংগালুৰুত নগাঁৱৰ এয়াৰ হোষ্টেছৰ ৰহস্যজনক মৃত্যু

ভাৰাঘৰৰ বন্ধ কোঠাত উদ্ধাৰ ৰক্তাক্ত মৃতদেহ

 নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ  এয়াৰ এছিয়া’ নামৰ বিমান পৰিবহণ সংস্থাটোত এগৰাকী বিমান সেৱিকা হিচাপে বাংগালুৰুত কর্মৰত নগাঁও চহৰৰ এগৰাকী যুৱতীৰ বাংগালুৰুত ৰহস্যজনক মৃত্যুৱে তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ভাৰাঘৰৰ বন্ধ কোঠাৰ ভিতৰত ৰক্তাক্ত অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা ২৫বছৰীয়া যুৱতীগৰাকীৰ নাম পৰিণীতা বৰা৷ তেওঁ নগাঁও চহৰৰ পানীগাঁও ছয়আলিৰ প্রয়াত শৰৎ বৰা আৰু ৰীতা বৰাৰ একমাত্র সন্তান৷ স্মর্তব্য যে দুবছৰ পূর্বে নগাঁও চহৰৰ সমীপৱর্তী ডিমৌ চাৰিআলিত এক শোকাৱহ পথ দুর্ঘটনাত শৰৎ বৰাৰ মৃত্যু হৈছিল৷ পৰিণীতা বৰাৰ পৰিয়ালৰ সূত্রৰ পৰা জানিব পৰা মতে, নগাঁও কেন্দ্রীয় বিদ্যালয়ৰ পৰা দশম শ্রেণীৰ পৰীক্ষাত উত্তীর্ণ হোৱাৰ পাছত পৰিণীতাই গুৱাহাটীৰ এক ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত এয়াৰ হোষ্টেজ পাঠ্যক্রম পঢ়ে৷ তাত উত্তীর্ণ হোৱাৰ পাছত তেওঁ এয়াৰ এছিয়াৰ বিমান সেৱিকা পদত নিযুক্তি লাভ কৰে৷ প্রথম অৱস্থাত তেওঁ কলকাতাত কর্মৰত আছিল যদিও পাছত বাংগালুৰুলৈ বদলি হয়৷ তেতিয়াৰ পৰাই তেওঁ বাংগালুৰুত এটা ভাৰাঘৰত আছিল৷ কালি দুপৰীয়াবহু দেৰিলৈকে তেওঁ শোৱাৰ পৰা নুঠাত দুৱাৰত ঢ়কিয়াই তেওঁক প্রতিবেশীয়ে কেইবাবাৰো মাতে যদিও কোঠাৰ ভিতৰৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম নহ’ল৷ ফলত ভাৰাঘৰৰ মালিকৰ সন্দেহ ওপজে আৰু লগে লগে তেওঁ আৰক্ষীক খবৰ দিয়ে৷ পাছত আৰক্ষীৰ দল উপস্থিত হৈ কোঠাটোৰ দুৱাৰ ভাঙি ঘৰৰ ভিতৰত প্রৱেশ কৰে আৰু কোঠাটোত ৰক্তাক্ত অৱস্থাত পৰিণীতাৰ মৃতদেহটো উদ্ধাৰ কৰে৷ কি পৰিস্থিতিত যুৱতীগৰাকীয়ে মৃত্যুক আঁকোৱালি ল’ব লগা হ’ল সেয়া এতিয়াও ৰহস্যাবৃত হৈয়েই আছে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছেবুলি জানিব পৰা গৈছে৷ ইপিনে,বাংগালুৰুৰ ভাৰাঘৰৰ মালিক আৰু আৰক্ষীয়ে পৰিণীতাৰ মৃত্যুৰ খবৰ পৰিয়ালক অৱগত কৰোৱাৰ পাছত পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ নিজৰ একমাত্র সন্তানৰ বিয়োগৰ বতৰা সহিব নোৱাৰি অসুস্থ হৈ পৰিছে দুর্ভগীয়া মাতৃ ৰীতা বৰা৷ পৰিয়ালৰ লোকে প্রকাশ কৰা মতে, পৰিণীতা বৰাই দেশজুৰি বলৱৎ হোৱা তলাবন্ধৰ ঠিক আগে আগে যোৱা মার্চ মাহত ঘৰলৈ আহিছিল৷ ইপিনে, পৰিণীতাৰ পৰিয়ালৰ লোক ইতিমধ্যে বাংগালুৰুলৈ ৰাওনা হৈছে৷ নগাঁৱৰ স্থানীয় ৰাইজে এই ঘটনাটো সহজভাৱে গ্রহণ কৰিব পৰা নাই৷ এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্রকাশ কৰিছে ৰাইজে৷

You might also like