নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ হত্যাৰ সৈতে জড়িত ৭ আলফা (স্বা)ৰ নামত চাৰ্জশ্বীট দাখিল NIAৰ

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ ২০১৮ চনৰ ৪ মে’ত বৰডুমচা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ কলিতাক আলফা স্বাধীনে গুলীয়াই কৰা হত্যাকাণ্ডই সেই সময়ত সমগ্ৰ ৰাজ্য কঁপাই গৈছিল৷ আনকি আৰক্ষী বিষয়া কলিতাই পিন্ধি থকা বুলেটপ্ৰুফ জেকেট ভেদি বিষয়াগৰাকীৰ শৰীৰত গুলী লগা বিষয়টিয়ে দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল, যাৰ বাবে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ বাবে নিয়াক দায়িত্ব দিছিল চৰকাৰে ৷ নিৰ্দেশ অনুযায়ী নিয়াই আৰক্ষী বিষয়াগৰাকীৰ হত্যাৰ সৈতে আলফা স্বাধীনৰ কোন কোন জড়িত আছিল আৰু সেইসকলক আটকৰ বাবে তদন্ত আৰম্ভ কৰিছিল ৷ এক দীঘলীয়া সময়ৰ পাছত শেহতীয়াকৈ নিয়াই ৭গৰাকী আলফা স্বাধীনৰ দুৰ্ধৰ্ষ সদস্যৰ নাম দাখিল কৰিছে ৷ তথ্য মতে সেই আলফা সদস্যকেইজন হ’ল বিজিত গগৈ ওৰফে অৰুণোদয় অসম, কান্ত বৰা ওৰফে ৰূপম অসম, সন্তোষ গগৈ, যুচিন্ত মৰাণ ওৰফে য়াক অসম, বাবুল মৰাণ ওৰফে টাইগাৰ অসম, মামুদ দিহিঙীয়া আৰু দীপংকৰ বৰা ওৰফে ঘটক৷ ইয়াৰে তিনিজন সদস্যক ইতিমধ্যে আটক কৰিছে ৷

You might also like