নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গাৰ্গ হ’ব কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেছাদৰ!

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গলৈ কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ প্ৰস্তাৱ কৃষি মন্ত্ৰী অতুল বৰাৰ। ইচ্ছা প্ৰকাশ কৰে জুবিন গাৰ্গেও। কৃষিক্ষেত্ৰত বহু কাম কৰিব লগা আছে বুলি মন্তব্য জুবিনৰ। জুবিন গাৰ্গে কয় যে মাটি থাকিলেহে আমি থাকিম। ক’ৰোনাৰ এই সংকটকালত অসমৰ নৱ প্ৰজন্ম অন্য এটা মানসিকতাৰে সাজু হৈছে। আমি অকলশৰীয়াকৈ কিছুমান কাম কৰিব নোৱাৰো আৰু এই সন্দৰ্ভত চৰকাৰে আমাক সহায় কৰিব লাগিব। মুখ্যমন্ত্ৰীৰ লগতো মই এই সন্দৰ্ভত আলোচনা কৰিছিলো।

এই সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই কয় যে ৰাজ্যখনত আগুৱাই নিব হ’লে কৃষিৰ লগতে ইয়াৰ আনুসংগিত দিশত আগুৱাই নিব লাগিব আৰু ই সম্ভৱ হ’ৱ কেৱল এই ধাৰণাৰে পৰিপুষ্ট ব্যক্তিৰ জৰিয়তে। গতিকে মুখ্যমন্ত্ৰীৰ লগতে আলোচনা মৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কৃষি বিভাগত নতুন অৰ্থনৈতিক বিপ্লৱ সূচনা হ’ব বুলিও মন্তব্য মন্ত্ৰীগৰাকীৰ।

You might also like