নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত কৃষি ঋণৰ নামত দালালৰাজ

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে কৃষক ৰাইজক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে বিভিন্ন অভিলাসী আঁচনি গ্রহণ কৰিছে৷ কৃষকসকলক বেংকসমূহৰ জৰিয়তে প্রদান কৰি আহিছে কৃষি ঋণ৷ কিন্তু যোৱা সময়ছোৱাত বেংকসমূহে কৃষকক প্রদান কৰা এই ঋণ নৱীকৰণৰ নামত এতিয়া চলিছে কেৱল লুণ্ঠন৷ ফলত একাংশ ভুক্তভোগীয়ে এই লুণ্ঠনৰ সন্দর্ভত যোৰহাটৰ উপায়ুক্তক দাখিল কৰিছে অভিযোগ পত্র৷

উল্লেখ্য যে যোৰহাট জিলাৰ দেৰগাঁও বিধানসভা সমষ্টিৰ উত্তৰ–পশ্চিম যোৰহাটৰ এলেংমৰা কৃষি চক্রৰ ৪০নং উত্তৰ পর্বতীয়া গাঁও পঞ্চায়তৰ অন্তর্গত গাঁওসমূহৰ লগতে কাষৰীয়া গাঁওসমূহৰ ৰাইজ বর্তমানেও কৃষিৰ লগত জডিত৷ প্রতিজন ব্যক্তিয়ে দিন–ৰাতি একাকাৰ কৰি কপালৰ ঘাম মাটিত পেলাই হাড়ভগা শ্রমেৰে কৃষিৰ জৰিয়তে পৰিয়াল পোহপাল দিয়াৰ লগতে এই কৃষিৰ জৰিয়তে স্বাৱলম্বী হৈ আহিছে৷ যোৱা সময়ছোৱাত অঞ্চলটোৰ ৮০ শতাংশ কৃষকক ভাৰতীয় ষ্টেট বেংক আৰ আৰ এল আৰু কটকীপুখুৰী শাখাই কৃষি ঋণ প্রদান কৰি উৎসাহিত কৰে৷

ঠিক সেইদৰে বেংক কর্তৃপক্ষৰ আশীর্বাদত কৃষকসকল বহুগুণেই উপকৃত হয়৷ বর্তমান সময়ত সেইসকল কৃষকক পুনৰ স্বাৱলম্বী কৰাৰ উদ্দেশ্যে  বেংকৰ দুয়োটা শাখাই কৃষি ঋণ নৱীকৰণৰ বাবে আহ্বান জনায়৷ কিন্তু লজ্জাজনক বিষয় এয়ে যে কৃষকৰ কৃষি ঋণসমূহ নৱীকৰণৰ নামত ৪০নং উত্তৰ পর্বতীয়া গাঁও পঞ্চায়তৰ সভাপতি দ্বিপেন কুটুমে লগত পেগু উপাধি তিনিজন আৰু জনৈক শংকৰ কলিতা নামৰ যুৱকক লৈ বেংক কর্মচাৰীৰ সৈতে গোপন মিতিৰালিৰে দালাল চক্র গঠন কৰি লুণ্ঠন চলাই দৰিদ্র কৃষকৰ মূৰত নাৰিকল ভাঙি অহা বুলি অভিযোক উঠিছে৷

উল্লেখ্য যে পঞ্চায়ত সভাপতিৰ পৃষ্ঠপোষকতাত এই দালাল চক্রটোৱে ঋণ নৱীকৰণৰ নামত একোজন কৃষকৰ পৰা ৩–৪ হাজাৰ টকা সংগ্রহ কৰি আহিছে৷ অকল ইমানেই নহয়, উক্ত পঞ্চায়তৰ অন্তর্গত দৰিদ্র ৰাইজলৈ চৰকাৰে আগবঢ়োৱা প্রতিটো চৰকাৰী আঁচনি তথা বিভিন্ন সামগ্রিত এই দালাল চক্রটো উবুৰি খাই নিজৰ স্বার্থ সিদ্ধি কৰি কেৱল লুণ্ঠন চলাই অহাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷

You might also like