নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবছৰীয়া সন্তানক এৰি কিয় আত্মহত্যা পৰিণীতাৰ

নিশা ২ বজাত চিগাৰেট খাবলৈ ওলাই গৈছিল স্বামী বিশাল

নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ বাংগালুৰুত কর্মৰত নগাঁৱৰ পৰিণীতা বৰা নামৰ যুৱতীগৰাকীৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই নতুন মোৰ লৈছে৷ যোৱা ১১ আগষ্টত অতি ৰহস্যজনক অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে বাংগালুৰু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগে লগে কেতবোৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ বিশেষকৈ যুৱতীগৰাকীৰ পৰা কোনো ধৰণৰ ছুইচাইড নোট উদ্ধাৰ নোহোৱাত এয়া আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড, তাক লৈও সৃষ্টি হৈছে ৰহস্য৷ কিয়নো এবছৰীয়া পুত্র সন্তানক এৰি আত্মহত্যাৰ পথ যুৱতীগৰাকীয়ে বাছি ল’বনে বুলি প্রশ্ন উত্থাপন হৈছে আৰু এই বিশেষ দিশটোৰ ওপৰত ভিত্তি কৰিয়েই আৰক্ষীয়েও তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে৷ আৰক্ষীৰ এক উচ্চস্তৰীয় সূত্রই সদৰী কৰা অনুসৰি ১১ আগষ্টৰ নিশা পৰিণীতা বৰা আৰু তেওঁৰ স্বামী বিশাল ভূঞাৰ মাজত দুর্বাদল কাজিয়া হৈছিল৷ মূলতঃ লকডাউনৰ বাবে কর্মহীন হৈ আর্থিকভাৱে জুৰুলা হৈ পৰা বিষয়ক কেন্দ্র কৰিয়েই দম্পতীটো কাজিয়াত লিপ্ত হৈছিল বুলি জানিব পৰা গৈছে৷ আৰক্ষীৰ প্রাথমিক তদন্তত লাভ কৰা তথ্য অনুসৰি নিশা কাজিয়াত লিপ্ত হোৱাৰ পাছত প্রায় ২ বজাত চিগাৰেট খাবলৈ ঘৰৰ পৰা ওলাই গৈছিল পৰিণীতাৰ স্বামী বিশাল৷ ইয়াৰ কিছু সময়ৰ পাছতে পৰিণীতাৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল৷ ৰক্তাক্ত অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাত ব্যাপক চাঞ্চল্য সৃষ্টি হয়৷ ইতিমধ্যে গোচৰ ৰুজু কৰি বাংগালুৰু আৰক্ষীয়ে সমগ্র ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷ উল্লেখ্য যে নগাঁও কেন্দ্রীয় বিদ্যালয়ৰ পৰা দশম শ্রেণীত উত্তীর্ণ হোৱাৰ পাছত তেওঁ গুৱাহাটীৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠান এয়াৰ হোষ্টেজৰ পাঠ্যক্রমত নামভর্তি কৰে৷ ইয়াৰ পাছতে এয়াৰ এছিয়া নামৰ বিমান প্রতিষ্ঠানটোত তেওঁ এয়াৰ হোষ্টেজ হিচাপে যোগদান কৰে আৰু তেতিয়াৰ পৰাই বাংগালুৰুত থাকিবলৈ লয়৷ বাংগালুৰুত থকাৰ সময়ছোৱাত নগাঁও চহৰৰ যুৱক বিশাল ভূঞাৰ সৈতে তেওঁৰ প্রেমৰ সম্পর্ক গঢ়ি উঠে আৰু দুয়ো একেলগে থাকিবলৈ লয়৷ বিশাল নগাঁৱৰ গড়কাপ্ঢানী বিভাগৰ এজন অৱসৰপ্রাপ্ত কর্মচাৰীৰ পুত্র৷ বাংগালুৰুতে ৰিলায়েন্স ট্রেণ্ডছ নামৰ প্রতিষ্ঠানটোত কর্মৰত আছিল বিশাল৷ শেহতীয়াকৈ তেওঁ বাংগালুৰুৰ এখন খুচুৰা গেলামাল দোকানৰ ছুপাৰভাইজাৰ হিচাপে কাম আৰম্ভ কৰিছিল৷ বিগত তিনি বছৰ ধৰি পৰিণীতা আৰু বিশালে উত্তৰ বাংগালুৰুৰ হেব্বাল ওকেম্পাপুৰৰ এটা ফ্লেটত বাস কৰিছিল৷ এবছৰ পূর্বে তেওঁলোকৰ কোলালৈ আহিছিল এটি পুত্র সন্তান৷ বাংগালুৰুৰ আৰক্ষীয়ে সদৰী কৰা অনুসৰি তিনি বছৰ পূর্বে বিবাহপাশত আবদ্ধ হৈছিল বিশাল আৰু পৰিণীতা৷ অৱশ্যে এই বিবাহ সন্দর্ভত অজ্ঞতা প্রকাশ কৰিছে পৰিণীতাৰ আত্মীয়ই৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে ঘোষণা কৰা দীর্ঘদিনীয়া লকডাউনত বিশাল আৰু পৰিণীতাই নিজৰ কর্মসংস্থাপন হেৰুৱাইছিল৷ ফলত তেওঁলোক আর্থিকভাৱে জুৰুলা হৈ পৰিছিল৷ উল্লেখ্য যে নগাঁৱৰ যুৱক বিশালে বাংগালুৰুতে শিক্ষা গ্রহণ কৰি কর্মসংস্থাপন লাভ কৰিছিল৷ লকডাউনৰ সময়ত কর্মসংস্থাপনহীন হৈ আর্থিকভাৱে জুৰুলা হোৱা বুলি তেওঁলোকে পৰিয়ালক অৱগত কৰা নাছিল৷ ইফালে, কালি নিশা বাংগালুৰুত উপস্থিত হৈছে পৰিণীতাৰ আত্মীয়৷ প্রাপ্ত তথ্য অনুসৰি বাংগালুৰু আৰক্ষীয়ে আজি আটক কৰিছে বিশাল ভূঞাক৷ সম্প্রতি তেওঁক আৰক্ষী থানাতে জেৰা অব্যাহত ৰাখিছে৷ আৰক্ষী থানাত উপস্থিত হৈ পৰিণীতাৰ আত্মীয়ই সমগ্র ঘটনা সন্দর্ভত জানিবলৈ চেষ্টা কৰে যদিও বিশালে তেওঁলোকক অভব্য আচৰণ কৰা বুলি জানিবলৈ দিছে৷ অৱশ্যে পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে৷

You might also like