নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ উত্তৰণৰ ক্ষেত্ৰত নতুন ছবিঘৰ নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীৰ ৰাজসাহায্য প্ৰদান

নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ ৮৫ বছৰীয়া অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ উত্তৰণৰ ক্ষেত্ৰত এক সবল পদক্ষেপেৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত পুৰণি ছবিঘৰৰ পুনৰ নিৰ্মাণ আৰু নতুন ছবিঘৰ নিৰ্মাণৰ বাবে ৰাজসাহায্য প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু ইয়াৰ বাবে ১০ গৰাকী উদ্যমীক আনুষ্ঠানিকভাৱে ৰাজসাহায্য প্ৰদান কৰে।
“অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক আগুৱাই নিয়াৰ বাবে আমি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছোঁ। ঐতিহ্যমণ্ডিত অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ উত্তৰণৰ লগতে চৰকাৰৰ সাংস্কৃতিক আঁচনিসমূহৰ সন্দৰ্ভত সজাগতা গঢ়ি তোলাৰ বাবে শিল্পী সমাজক আন্তৰিকতাৰে আহ্বান জনালোঁ।”-মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে।

You might also like