নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতা অসমৰ বাবে অশুভ সংকেত

বিৰোধীৰ প্রস্তাৱিত মহাজোঁটক তীব্র সমালোচনা ৰঞ্জিত দাসৰ

নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ  কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাক লৈ চলি থকা বিতর্ক আৰু চর্চাৰ মাজতে আজি পুনৰ এই মিত্রতাক লৈ সৰৱ হৈ পৰিল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস৷ কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতা অসমৰ বাবে অশুভ সংকেত বুলি মন্তব্য কৰি এই মিত্রতা খিলঞ্জীয়া লোকৰ স্বার্থত নহয় বুলিও মন্তব্য কৰিলে৷ উল্লেখ্য যে আগন্তুক নর্বাচনত কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাই বিজেপিক ওফৰাব বুলি শেহতীয়াকৈ কংগ্রেছ সভাপতি ৰিপুণ বৰাই কৰি অহা কটাক্ষৰ পাছতেই বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৰিপুণ বৰালৈ স্পষ্ট প্রত্যাহ্বান জনাই কালি কৈছিল– বিজেপিৰ নেতৃত্বত যদি চৰকাৰ গঠন নহয়, তেন্তে মই জীৱনত কেতিয়াও নির্বাচনৰ সন্মুখীন নহওঁ৷ ৰাজ্যিক বিজেপিৰ সভাপতিজনে আজি এই মন্তব্যৰ প্রসংগতে পুনৰ স্পষ্টকৈ কয় যে আগন্তুক দিনত বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হোৱাটো নিশ্চিত৷ কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ ঐতিহ্যমণ্ডিত শ্রীশ্রীসৰুহেৰামদো সত্রত মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে সেৱা ল’বলৈ উপস্থিত হোৱা সভাপতি ৰঞ্জিত দাসে পুনৰ কয় যে কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতা সমগ্র অসমবাসীৰ বাবে অশুভ সংকেত৷ তেওঁ কয়– কংগ্রেছে খিলঞ্জীয়াৰ ভূমি নীতিক নস্যাৎ কৰি আহিছে৷ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে খিলঞ্জীয়াৰ ভূমি নীতি গ্রহণ কৰাৰ সময়ত বিধানসভাত ইয়াৰ প্রতিবাদ কৰিছিল কংগ্রেছৰ বিধায়কে৷ গতিকে এই মিত্রতা কাৰ স্বার্থত সেয়া স্পষ্ট হৈছে৷ যিসকল লোকৰ বাবে এই মিত্রতা কৰিবলৈ উঠিপৰি লাগিছে, সেইসকল লোকে এসময়ত প্রয়াত প্রাক্তন মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াক শাসনৰ পৰা ওফৰাই দিয়াৰ ভাবুকি দিছিল৷ যি ভাবুকিৰ বাবে হিতেশ্বৰ শইকীয়াই অসমত ৫০ লাখ বিদেশী থকা বুলি কোৱা বক্তব্য প্রত্যাহাৰ কৰিব লগা হৈছিল৷ এতিয়া ৰাজ্যত বিজেপি মিত্রজোঁটৰ ৭৮ বিধায়ক থকাৰ পাছতো সেইসকল লোকে দপদপনি চলাই আছে৷ গতিকে কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাৰ জৰিয়তে কাৰ স্বার্থ পূৰণ হ’ব, সেয়া এতিয়া পৰিষ্কাৰ হৈ পৰিছে৷ মন কৰিবলগীয়া যে কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাক লৈ বিজেপিয়ে কৰি অহা কটাক্ষৰ বিপৰীতে আজি প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই আজি উভতি ধৰিছে বিজেপিৰ সভাপতিগৰাকীক৷ কার্যতঃ উভয় দলৰ বাকযুদ্ধই নির্বাচনী প্রেক্ষাপটত যথেষ্ট ৰোমাঞ্চকৰ হৈ পৰিছে৷ তেজপুৰত ৰিপুণ বৰাই আজি ইয়াকো উল্লেখ কৰে যে কংগ্রেছ পলৰীয়া নহয়, নির্বাচনত পৰাজয় হ’লেও ৰাইজৰ লগত থাকিব৷ কংগ্রেছৰ মহাজোঁট বন্ধন দেখি বিজেপি ভীতিগ্রস্ত হৈছে৷ দৰাচলতে বিজেপিৰ মন্তব্য এতিয়া আউটডেটেড৷ বিজেপিৰ যাদুকৰী কথাৰ ওপৰত ৰাইজ এতিয়া আশ্বস্ত নহয়৷ কালি কংগ্রেছক প্রত্যাহ্বান জনাই ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে এই বুলিও মন্তব্য কৰিছিল যে বিজেপি সাগৰৰ তলৰ ঢ়ৌ৷ যি নিৰৱচ্ছিন্নভাৱে বৈ থাকে, কিন্তু কংগ্রেছ সাগৰৰ ওপৰৰ ঢ়ৌ৷ ৰঞ্জিত দাসৰ উক্ত মন্তব্যকো আজি প্রত্যুত্তৰ দি ৰিপুণ বৰাৰ মন্তব্য– বিজেপি এতিয়া ডুবন্ত জাহাজ৷ এখন ফুটা নাও৷ সাগৰৰ বুকুত টুলুং–ভুটুং বিজেপিৰ নাও৷ এইবাৰ কংগ্রেছৰ নেতৃত্বত চৰকাৰ গঠন হ’ব বুলিও তেওঁ দাবী কৰে৷ ইফালে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই আজি সংবাদ মাধ্যমত কৰা মন্তব্যক উভতি ধৰি ৰাজ্যিক বিজেপিয়ে ৰিপুণ বৰাৰ বক্তব্যত হতাশাগ্রস্ততাৰ পৰিচয় স্পষ্ট হৈছে বুলি আঙুলিয়াই দিছে৷ এক বিবৃতিত ৰাজ্যিক বিজেপিৰ সভাপতি মনোজ বৰুৱাই উল্লেখ কৰে যে আগন্তুক সময়ত অসমত কংগ্রেছে চৰকাৰ গঠন কৰিব নোৱাৰাটো নিশ্চিত হোৱা বাবেই বিৰোধী দলটোৱে বাস্তৱবর্জিত ঘোষণা আৰু বক্তব্যৰ ধাৰাবাহিকতাৰে অসমৰ জনগণক বিভ্রান্ত কৰিব বিচাৰিছে৷ প্রকৃততে বিগত সময়ত ৰাজ্য চৰকাৰে গ্রহণ কৰি অহা কল্যাণকামী পদক্ষেপসমূহত কংগ্রেছ দল চূড়ান্তভাৱে হতাশ হৈছে৷ যাৰ বাবে ৰিপুণ বৰাই প্রকাশ কৰা বক্তব্যসমূহত কংগ্রেছৰ চূড়ান্ত হতাশাগ্রস্ততাকে প্রতিপন্ন কৰিছে৷ উল্লেখ্য যে কংগ্রেছে আহ্বান জনোৱা মহাজোঁট বন্ধনক এ আই ইউ ডি এফৰ বাহিৰে এতিয়ালৈ কোনো দলে সঁহাৰি দিয়া নাই৷ যাৰ বাবে মিত্রতাৰ দুৱাৰ খুলি সকলোকে মহাজোঁট বন্ধনলৈ আহিবলৈ আহ্বান জনাই আছে ৰিপুণ বৰাই৷ আনকি আজি প্রদেশ কংগ্রেছৰ সভাপতিজনে কৃষক মুক্তি, সাংসদ অজিত ভূঞা আৰু আছুকো মহাজোঁট বন্ধনলৈ নিমন্ত্রণ জনাই কোনো সঁহাৰি নোপোৱাৰ কথাও উল্লেখ কৰে৷ ইতিমধ্যে মহাজোঁট বন্ধনক মুকলিকৈ নস্যাৎ কৰিছে আছুৱে৷ কিন্তু ইয়াৰ পাছতো আছুক লৈ আশাবাদী ৰিপুণ বৰা৷
শ্রীশ্রীসৰুহেৰামদো সত্রত সেৱা ল’লে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে
মহাপুৰুষ শ্রীশ্রীমাধৱদেৱৰ সোমবাৰে তিৰোভাৱ তিথিৰ দিনা পলাশবাৰী সমষ্টিৰ ঐতিহ্যমণ্ডিত শ্রীশ্রীসৰুহেৰামদো সত্রত সেৱা ল’লে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে৷ মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উপলক্ষে উপস্থিত হোৱা ৰাজ্যিক সভাপতিগৰাকীক স্থানীয়ভাৱে সম্ভাষণ জনোৱাৰ লগতে ভকতসকলৰ সৈতে তেওঁ নাম–কীর্তনতো ভাগ লয়৷ ইফালে সভাপতি দাসে সোমবাৰে ভাস্কর্য শিল্পী বিজু কুমাৰ দাসৰ প্রয়াত মাতৃ লাৱণ্য দাসৰ স্মৃতিত স্থাপন কৰিবলগীয়া শিশু উদ্যোনৰো আধাৰশিলা স্থাপন কৰে৷ এই অনুষ্ঠানতে সভাপতিগৰাকীয়ে গুৰুজনাৰ পৱিত্র তিথিত এনে মহান অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই আনন্দিত হোৱা বুলি কয়৷ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীক  সংগ দিয়ে পলাশবাৰী সমষ্টিৰ বিধায়ক প্রণৱ কলিতা, বিশিষ্ট প্রাক্তন খেলুৱৈ অনিল দাস, শিশু সুৰক্ষা আয়োগৰ অধ্যক্ষ ড০ সুনীতা চাংকাকতিকে ধৰি কেইবাজনো লোক৷
শিশু উদ্যানৰ আধাৰশিলা স্থাপন কৰি সৰুহেৰামদো, বৰহেৰামদো সত্রলৈ ২৫ লাখ টকা
মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ অসমীয়া জাতি গঠন প্রক্রিয়াত অৱদান অতুলনীয়৷ এই গুৰু দুজনাৰ বিৰচিত অমূল্য সম্পদৰাজিয়ে আজিলৈকে অসমীয়াৰ অস্তিত্ব বজাই ৰাখিছে৷ –এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ৷ মহাপুৰুষ মাধৱদেৱৰ ৫২৪সংখ্যক তিৰোভাৱ তিথি উপলক্ষে সৰুহেৰামদো সত্রত উপস্থিত হৈ এই মন্তব্য কৰা সভাপতি ৰঞ্জিত দাসে সত্রখনৰ উন্নয়নৰ বাবে ২৫ লাখ টকা ঘোষণা কৰে৷সোমবাৰে বিয়লি এই সত্র চৌহদত ভোগেশ্বৰ দাসে আঁত ধৰা গজেন্দ্রজিৎ দাসৰ সভাপতিত অনুষ্ঠিত সভাত অংশগ্রহণ কৰি ৰঞ্জিত দাসে ৰাইজক গুৰু দুজনাৰ অমূল্য সম্পদৰাজি সংৰক্ষণ কৰিবলৈ আহ্বান জনায়৷ ইয়াৰ পূর্বে ভাস্কর্য শিল্পী বিজু কুমাৰ দাস আৰু শিল্পীগৰাকীৰ সহধর্মিণী মন্তি দাসে তেওঁলোকৰ প্রয়াত মাতৃ লাৱণ্য দাসৰ স্মৃতিত সৰুহেৰামদোত নির্মাণ কৰিব লগা এখন শিশু উদ্যানৰো আধাৰশিলা স্থাপন কৰে বিজেপিৰ সভাপতিগৰাকীয়ে৷

You might also like