নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমষ্টি পুনৰ গঠনঃ অসমসহ উত্তৰ–পূবৰ চাৰি ৰাজ্য সন্দর্ভত স্থিৰ সিদ্ধান্ত লোৱা নাই কেন্দ্রই

২০০১ৰ পৰিৱর্তে ২০১১ৰ লোকপিয়লৰ ভিত্তিতহে প্রক্রিয়া সম্পন্ন কৰাৰ বিবেচনা কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ  আগন্তুক বিধানসভা নির্বাচনৰ পূর্বে অসমৰ সমষ্টি পুনৰ গঠন প্রক্রিয়া সম্পন্ন হোৱা বিষয়টো সন্দেহৰ আৱর্তত সোমাই পৰিছে৷ কাৰণ কেন্দ্রীয় গৃহ মন্ত্রালয়ে এতিয়া ২০০১ চনৰ পৰিৱর্তে ২০১১ চনৰ লোকপিয়লৰ ভিত্তিত অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ চাৰিখন ৰাজ্যৰ সমষ্টি পুনৰ গঠন কৰাৰ কথা বিবেচনা কৰি আছে৷ নির্বাচন আয়ুক্ত সুশীল চন্দ্রই শেহতীয়াকৈ সংবাদ মাধ্যমৰ আগত অতি গুৰুত্বপূর্ণ এই কথা জানিবলৈ দিছে৷ চন্দ্রই প্রকাশ কৰা মতে, উত্তৰ–পূর্বাঞ্চলৰ চাৰিখন ৰাজ্যক লৈ কেন্দ্রীয় চৰকাৰে এতিয়াও কোনো স্থিৰ সিদ্ধান্তত উপনীত হ’ব পৰা নাই যদিও জম্মু আৰু কাশ্মীৰৰ বাবে ইতিমধ্যে ২০১১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ গঠন প্রক্রিয়াৰ প্রাৰম্ভিক সকলো কাম সম্পন্ন কৰা হৈছে৷ উল্লেখ্য যে নির্বাচন আয়োগৰ প্রতিনিধি হিচাপে অৱসৰপ্রাপ্ত ন্যায়াধীশ ৰঞ্জনা প্রকাশ দেশাই নেতৃত্বাধীন সমষ্টি পুনৰ নির্ধাৰণ আয়োগৰ অন্যতম সদস্য হৈছে সুশীল চন্দ্র৷ চন্দ্রই প্রকাশ কৰা মতে, যোৱা ৬ মার্চত কেন্দ্রীয় চৰকাৰে গঠন কৰা সমষ্টি পুনৰ নির্ধাৰণ আয়োগে পূর্ব নির্ধাৰিত কার্যসূচী অনুসৰি আয়োগৰ কাম–কাজ আগবঢ়াই নি আছে৷ সেইমর্মে ২০২১ চনৰ মার্চ মাহৰ ভিতৰত জম্মু আৰু কাশ্মীৰৰ লগতে অসম, অৰুণাচল প্রদেশ, নাগালেণ্ড আৰু মণিপুৰৰ সমষ্টি পুনৰ গঠন প্রক্রিয়া সম্পন্ন হোৱাৰ কথা৷ পিছে উত্তৰ–পূর্বাঞ্চলৰ চাৰিখন ৰাজ্যৰ বাবে ২০০১ চনৰ পৰিৱর্তে কেন্দ্রীয় গৃহ মন্ত্রালয়ে এতিয়া ২০১১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ গঠন প্রক্রিয়া সম্পন্ন কৰা বিষয়টো বিবেচনা কৰি আছে৷ শীঘ্রে কেন্দ্রীয় গৃহ মন্ত্রালয়ে এইক্ষেত্রত স্থিৰ সিদ্ধান্তত উপনীত হ’ব আৰু সমষ্টি পুনৰ নির্ধাৰণ আয়োগৰ আগত বিষয়টো স্পষ্ট কৰিব বুলি চন্দ্রই জানিবলৈ দিয়ে৷ যদিহে ২০১১ চনৰ লোকপিয়লৰ ভিত্তিত অসমকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ আন তিনিখন ৰাজ্যৰ সমষ্টি পুনৰ গঠন কৰা হয়, তেন্তে ২০২১ৰ মার্চ মাহৰ ভিতৰত প্রক্রিয়াটো সম্পূর্ণ হোৱাৰ সম্ভাৱনা কম তথা অধিক সময়ৰ প্রয়োজন হ’ব৷ বাস্তৱত নতুনকৈ সমষ্টি পুনৰ গঠন কৰি অসমত ২০২১ চনৰ বিধানসভা নির্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ হৈ পৰিছে৷ কাৰণ সমগ্র প্রক্রিয়াটো আইনী মেৰপেঁচত বন্দী হৈ আছে৷ উচ্চতম ন্যায়ালয়ত অসমৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ চাৰিখন ৰাজ্যত সমষ্টি পুনৰ গঠন প্রক্রিয়াৰ বাবে গ্রহণ কৰা সিদ্ধান্তত প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ ৰজু হৈছে৷ বিশেষকৈ ২০১১ চনৰ লোকপিয়ল থকা সত্ত্বেও কেন্দ্রীয় চৰকাৰে ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত কিয় সমষ্টি পুনৰ গঠন কৰিব বিচাৰিছে, তাক লৈ ন্যায়ালয়ত প্রশ্ণৰ অৱতাৰণা হৈছে৷ তদুপৰি ২০২১ৰ লোকপিয়ল হ’বলৈ আৰু বেছি দিন নাই৷ উচ্চতম ন্যায়ালয়ে ইতিমধ্যে সমগ্র বিষয়টোত কেন্দ্রৰ পৰা উত্তৰ বিচাৰি কেইবাখনো জাননী জাৰি কৰিছে৷ আনহাতে, দেশৰ সাংবিধানিক বিশেষজ্ঞসকলেও কেন্দ্রই যেনেদৰে অসম, অৰুণাচল, নাগালেণ্ড আৰু মণিপুৰৰ সমষ্টি পুনৰ গঠন কৰিব বিচাৰিছে, তাক লৈ প্রশ্ণ উত্থাপন কৰিছে৷ সমষ্টি পুনৰ গঠন বিশেষজ্ঞ তথা নির্বাচন আয়োগৰ প্রাক্তন আইনী উপদেষ্টা এছ কে মেণ্ডিৰাত্তাই আনকি কোনো সময় ব্যয় নকৰাকৈ অসম, অৰুণাচল প্রদেশ, নাগালেণ্ড আৰু মণিপুৰৰ সমষ্টি পুনৰ গঠন প্রক্রিয়া বন্ধ কৰাৰ যুক্তিৰে নির্বাচন আয়োগলৈ শেহতীয়াকৈ এখন পত্র প্রেৰণ কৰিছিল৷ আয়োগেও উক্ত পত্রখন বিবেচনা কৰাৰ বাবে কেন্দ্রীয় আইন আৰু গৃহ মন্ত্রালয়লৈ প্রেৰণ কৰিছিল৷ সেয়েহে সমগ্র বিষয়টো এতিয়া পুনৰ বিবেচনা কৰি আছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ লক্ষণীয়ভাৱে অসমত ২০১১ চনৰ বিধানসভা নির্বাচন যে নতুনকৈ নির্ধাৰণ কৰিবলগীয়া সমষ্টিক লৈ অনুষ্ঠিত নহয় তাৰ স্পষ্ট ইংগিত পোৱা গৈছে ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ তৰফৰ পৰাই৷ কিয়নো ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ে ২০২১ চনৰ ১৫ জানুৱাৰীৰ ভিতৰত অসমৰ ভোটাৰ তালিকা চূড়ান্ত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ সমষ্টিভিত্তিক ভোটাৰ তালিকা চূড়ান্ত কৰাৰ পাছত সমষ্টিৰ সালসলনি যে আৰু নহয় তাক লৈ আশংকা আছে৷ এইক্ষেত্রত যুক্তি হিচাপে ধৰিব পাৰি– ১৫ জানুৱাৰীৰ ভিতৰত চূড়ান্ত ভোটাৰ তালিকা প্রকাশৰ পাছত নির্বাচন অনুষ্ঠিত হ’বলৈ হাতত থাকিব প্রায় আঢ়ৈ মাহ৷ আৰু ইয়াৰ ভিতৰত যে পুনৰ ভোটাৰ তালিকা প্রস্তুত কৰা সম্ভৱ নহয়, তাক লৈও সন্দেহ আছে৷ জানিব পৰা মতে, ৰাজনৈতিক বিভিন্ন সমীকৰণত অসমৰ বিধানসভা নির্বাচনৰ পূর্বেই ৰাজ্যৰ সমষ্টি পুনৰ গঠন প্রক্রিয়াটো সম্পন্ন হোৱাটো বিচাৰিছে কেন্দ্রই৷ তাৰ বাবে উত্তৰ–পূর্বাঞ্চলৰ সমষ্টি পুনৰ গঠন প্রক্রিয়াত হেঙাৰ হৈ পৰা ১৯৫০ চনৰ জনপ্রতিনিধি আইনখনো সংশোধন কৰিব বিচাৰিছে চৰকাৰে৷ বিশেষকৈ আইনখনৰ ৮ (ক) ধাৰাই উত্তৰ–পূর্বাঞ্চলৰ সমষ্টি পুনৰ গঠন প্রক্রিয়াটোক অবৈধ কৰি দিব বুলি সমষ্টি পুনৰ গঠন বিশেষজ্ঞ তথা নির্বাচন আয়োগৰ প্রাক্তন আইনী উপদেষ্টা এছ কে মেণ্ডিৰাত্তাই নির্বাচন আয়োগৰ ওচৰত পত্রযোগে উত্থাপন কৰিছিল৷ কিন্তু ২০১১ চনৰ লোকপিয়ল হাতত থকা সত্ত্বেও ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত চৰকাৰে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ আন তিনিখন ৰাজ্যৰ সমষ্টি পুনৰ গঠন প্রক্রিয়াটো কিয় বিচাৰিছে, তাক লৈ উচ্চতম ন্যায়ালয়ত প্রশ্ণ উত্থাপন হৈছে৷ আৰু তাৰ বাবেই এতিয়া কেন্দ্রীয় চৰকাৰে যোৱা ফেব্রুৱাৰী মাহত জাৰি কৰা জাননী সংশোধন কৰি ২০০১ চনৰ পৰিৱর্তে ২০১১ চনৰ লোকপিয়লৰ ভিত্তিত অসম, অৰুণাচল প্রদেশ, মণিপুৰ আৰু নাগালেণ্ডৰ সমষ্টি পুনৰ গঠনৰ বাবে বিবেচনা কৰি আছে৷ পুনৰ গঠন আয়োগৰ অন্যতম সদস্য তথা নির্বাচন আয়ুক্ত সুশীল চন্দ্রই সংবাদ মাধ্যমৰ আগত এই কথাই প্রকাশ কৰিছে৷ চন্দ্রই লগতে স্পষ্ট কৰি দিয়ে যে কেন্দ্রই যদি শেষপর্যন্ত উত্তৰ–পূর্বাঞ্চলৰ সমষ্টি পুনৰ গঠন প্রক্রিয়া ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত কৰিব বিচাৰে, তেনেহ’লে এই প্রক্রিয়া ২০২১ চনৰ মার্চ মাহৰ ভিতৰত সম্পন্ন কৰিবলৈ আয়োগৰ কোনো অসুবিধা নহ’ব৷

You might also like