নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা Update: গুৱাহাটীত কমিছে, আন জিলাত বাঢ়িছে

নিয়মীয়া বাৰ্তা, ১৬ আগষ্ট: বিগত এটা মাহ গুৱাহাটীত ক’ৰোনা আক্রান্তৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধিৰ পিছত এই ধাৰা আৰম্ভ হৈছে ৰাজ্যৰ অন্য জিলাসমূহত৷ মহানগৰীত শেহতীয়াকৈ আক্রান্তৰ সংখ্যা কিছু পৰিমাণে হ্রাস পাইছে যদিও আন কেইবাখনো জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আক্রান্তৰ সংখ্যা৷ বিশেষকৈ নগাঁও, যোৰহাট, গোলাঘাট, কাছাৰ, ডিব্রুগড়, তিনিচুকীয়া, শোণিতপুৰ, দৰং আদি জিলাত যোৱা সময়ছোৱাত বৃদ্ধি হৈ গৈ থকা ক’ৰোনা আক্রান্তৰ ঊর্ধ্বমুখী হৈছে ।

লগতে পঢ়কঃ বগা দাগ বা Vitiligo ৰোগত আক্ৰান্ত হ’লে কেনেকৈ কৰিব ইয়াৰ চিকিৎসা ?

ৰাজ্যত নতুনকৈ শনিবাৰে ১০৫৭ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ অসমত বৰ্তমানলৈ কোভিড-১৯ ত আক্ৰান্ত লোকৰ সংখ্যা ৭৫৫৫৮ জনলৈ বৃদ্ধি পাইছে ৷ লগতে সুস্থ হোৱা ৰোগীৰ সংখ্যা ৫১৬৯৩ জন হোৱাৰ বিপৰীতে বিয়োগ হোৱা ব্যক্তিৰ সংখ্যা হৈছে ১৮২ জন ।

You might also like